--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এজাক চৰাইক অতি কৰুণভাৱে হত্যা কৰি অমানৱীয় কৰ্মৰ পৰিচয় দাঙি ধৰাৰ লগতে নিন্দিত হৈছে এজন কৃষক।

ডিজিটেল ডেস্ক : মানৱৰূপী এজনৰ দানৱীয় কর্মই সমগ্র সৰুক্ষেত্রী অঞ্চলতে ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে। নিজৰ সাধাৰণ স্বাৰ্থত আঘাত হোৱাৰ বাবেই এজাক চৰাইক অতি কৰুণভাৱে হত্যা কৰি অমানৱীয় কৰ্মৰ পৰিচয় দাঙি ধৰাৰ লগতে নিন্দিত হৈছে এজন কৃষক। উল্লেখ্য যে প্রকৃতি জগতত থলুৱা প্ৰজাতিৰ চৰাই-চিৰিকটি হ্রাস পাই অহাৰ সময়তে সৰ্থেবাৰীৰ সমীপৰ আমৃখোৱাত বিহ দি শ শ কপৌ চৰাই হত্যা কৰা ঘটনাই অঞ্চলটোত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে।


আমৃখোৱা গাঁৱৰ প্ৰয়াত মুকুন্দ ডেকাৰ পুত্ৰ নৃপেন ডেকাই সোমবাৰে পথাৰত কঠীয়া সিঁচাৰ সময়ত পথাৰত বিহ দি কপৌ চৰাই হত্যা কৰাৰ লগতে বহু চৰাই ভক্ষণ কৰা বুলিও অভিযোগ উত্থাপন হৈছে। নৃপেন ডেকাই কৰা এই কাৰ্যক গাঁৱৰ সাধাৰণ লোকেও নিন্দা কৰাৰ লগতে গাঁৱৰ লোকে আৰক্ষীক খবৰ দিয়ে। ইপিনে অসম পক্ষী আৰু মৎস্য সুৰক্ষা সমিতিৰ সম্পাদক নিখিলেশ ডেকাই এই কু-কাণ্ডৰ বাবে আশ্চর্য প্রকাশ কৰাৰ লগতে অভিযুক্ত নৃপেন ডেকাক উপযুক্ত শাস্তি দিবলৈ দাবী উত্থাপন কৰে।


আনহাতে প্রকৃতিপ্রেমী তথা সাংবাদিক আৰু নেচাৰ্ছ বেকনৰ সমন্বয়ক নৱজিত নাথে এই ঘটনাক গৰিহণা দিয়াৰ লগতে বিহ দি কপৌ চৰাই নিধন কৰা নৃপেন ডেকাৰ বিৰুদ্ধে সৰ্থেবাৰী আৰক্ষী থানাত এক গোচৰ তৰে। নাথৰ এজাহাৰৰ ভিত্তিত সৰ্থেবাৰী থানাৰ আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ৩২৫ ধাৰাত সৰ্থেবাৰী থানাত ৮৫/২৫ নম্বৰত এটা গোচৰ ৰুজু কৰি অভিযুক্তক জে'ললৈ প্ৰেৰণ কৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ