--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এজাক চৰাইক অতি কৰুণভাৱে হত্যা কৰি অমানৱীয় কৰ্মৰ পৰিচয় দাঙি ধৰাৰ লগতে নিন্দিত হৈছে এজন কৃষক।

ডিজিটেল ডেস্ক : মানৱৰূপী এজনৰ দানৱীয় কর্মই সমগ্র সৰুক্ষেত্রী অঞ্চলতে ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে। নিজৰ সাধাৰণ স্বাৰ্থত আঘাত হোৱাৰ বাবেই এজাক চৰাইক অতি কৰুণভাৱে হত্যা কৰি অমানৱীয় কৰ্মৰ পৰিচয় দাঙি ধৰাৰ লগতে নিন্দিত হৈছে এজন কৃষক। উল্লেখ্য যে প্রকৃতি জগতত থলুৱা প্ৰজাতিৰ চৰাই-চিৰিকটি হ্রাস পাই অহাৰ সময়তে সৰ্থেবাৰীৰ সমীপৰ আমৃখোৱাত বিহ দি শ শ কপৌ চৰাই হত্যা কৰা ঘটনাই অঞ্চলটোত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে।


আমৃখোৱা গাঁৱৰ প্ৰয়াত মুকুন্দ ডেকাৰ পুত্ৰ নৃপেন ডেকাই সোমবাৰে পথাৰত কঠীয়া সিঁচাৰ সময়ত পথাৰত বিহ দি কপৌ চৰাই হত্যা কৰাৰ লগতে বহু চৰাই ভক্ষণ কৰা বুলিও অভিযোগ উত্থাপন হৈছে। নৃপেন ডেকাই কৰা এই কাৰ্যক গাঁৱৰ সাধাৰণ লোকেও নিন্দা কৰাৰ লগতে গাঁৱৰ লোকে আৰক্ষীক খবৰ দিয়ে। ইপিনে অসম পক্ষী আৰু মৎস্য সুৰক্ষা সমিতিৰ সম্পাদক নিখিলেশ ডেকাই এই কু-কাণ্ডৰ বাবে আশ্চর্য প্রকাশ কৰাৰ লগতে অভিযুক্ত নৃপেন ডেকাক উপযুক্ত শাস্তি দিবলৈ দাবী উত্থাপন কৰে।


আনহাতে প্রকৃতিপ্রেমী তথা সাংবাদিক আৰু নেচাৰ্ছ বেকনৰ সমন্বয়ক নৱজিত নাথে এই ঘটনাক গৰিহণা দিয়াৰ লগতে বিহ দি কপৌ চৰাই নিধন কৰা নৃপেন ডেকাৰ বিৰুদ্ধে সৰ্থেবাৰী আৰক্ষী থানাত এক গোচৰ তৰে। নাথৰ এজাহাৰৰ ভিত্তিত সৰ্থেবাৰী থানাৰ আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ৩২৫ ধাৰাত সৰ্থেবাৰী থানাত ৮৫/২৫ নম্বৰত এটা গোচৰ ৰুজু কৰি অভিযুক্তক জে'ললৈ প্ৰেৰণ কৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত