--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ CBSEৰ দশম শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হোৱা লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত এজন ছাত্ৰই সংবাদ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে। উৎকৃষ্ট ফলাফলৰ বাবে নহয় অন্য এটা কাৰণতহে ছাত্ৰজনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ঘটনাটো মহাৰাষ্ট্ৰৰ। 

মহাৰাষ্ট্ৰ ব’ৰ্ডৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণাৰ পিছত বহু ছাত্ৰ-ছাত্ৰীয়ে উজ্জ্বল প্ৰদৰ্শন আৰু ভাল নম্বৰ লাভ কৰাৰ বিপৰীতে এজন ছাত্ৰৰ ফলাফল আলোচনাৰ বিষয় হৈ পৰিছে। সোলাপুৰৰ সিদ্ধেশ্বৰ বালাক মন্দিৰ স্কুলৰ শিৱম ৱাঘমাৰে নামৰ ছাত্ৰজনে সকলো বিষয়তে ৩৫ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে, যিটো হৈছে উত্তীৰ্ণ হ’বলৈ প্ৰয়োজনীয় নূন্যতম নম্বৰ। যদিও শিৱমৰ এই ফলাফল আন ছাত্ৰ-ছাত্ৰীৰ তুলনাত তেনেই সাধাৰণ তথাপিও এই ফলাফলে দাঙি ধৰিলে সুখৰ অন্য নিদৰ্শন। 

শিৱমৰ এই সাফল্যক তেওঁৰ অঞ্চলত ডাঙৰ সাফল্য হিচাপে বিবেচনা কৰা হৈছে। ফলত স্থানীয় ৰাইজে সেই দিনটো আনন্দ উদ্‌যাপনেৰে বিশেষ কৰি তুলিছিল। শিৱমৰ পৰিয়ালেও এই ফলাফলক লৈ সুখ প্ৰকাশ কৰি মহা আনন্দৰে উদ্‌যাপন কৰে। নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰি শিৱমে কয় যে, "মই কেতিয়াও ভবা নাছিলো যে মই সকলো বিষয়তে ৩৫ নম্বৰ লাভ কৰিব পাৰিম। এইটো মোৰ বাবে আচৰিত আছিল,  মই এতিয়া বহুত সুখী। মই আৰু অধিক কঠোৰ পৰিশ্ৰম কৰিম। মোৰ লক্ষ্য হৈছে আই টি আই কৰা।"

এই উপলক্ষে তেওঁৰ পিতৃয়েও সুখ প্ৰকাশ কৰি কয়, "আমি ভাবিছিলো যে আমাৰ ল'ৰাটোৱে পৰীক্ষাত ফেইল কৰিব, কিন্তু তেওঁ সকলো বিষয়তে ৩৫ শতাংশ লাভ কৰিছে। আমাৰ বাবে এইটো এটা ডাঙৰ সফলতা। আমি আমাৰ ল'ৰাটোক লৈ অতি সুখী আৰু গৌৰৱান্বিত।"

শিৱমৰ এই ফলাফলে এটা বাৰ্তা দিয়ে যে সফলতা আৰু সুখৰ মাত্ৰা সকলোৰে বেলেগ বেলেগ। কেতিয়াবা নিজৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাক স্বীকাৰ কৰাটোও এক ডাঙৰ কৃতিত্ব। এতিয়া শিৱমে আই টি আই পঢ়িবলৈ আগবাঢ়ি যোৱাৰ কথা ভাবিছে, আৰু এইবাৰ তেওঁ নিজৰ সফলতাক নতুন দিশ দিয়াৰ লক্ষ্য বান্ধি লৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ