--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ নাদেৰ ট্ৰাল অঞ্চলত বৃহস্পতিবাৰে পুৱা নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। 

এজন নিৰাপত্তা বাহিনীৰ বিষয়াৰ মতে, দক্ষিণ কাশ্মীৰৰ আৱন্তিপোৰা অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে চোৰাংচোৱাৰ তথ্যৰ পিছত নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান আৰম্ভ কৰিছিল।

নিৰাপত্তা বাহিনীয়ে অভিযান চলাই তিনিটা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক হত্যা কৰে আৰু হত্যা কৰা সন্ত্ৰাসবাদীকেইটাৰ ভিতৰত আছিফ শ্বেখ নামৰ সন্ত্ৰাসবাদীটো পহলগাম-কাণ্ডৰ সৈতে জড়িত আছিল বুলি নিৰাপত্তা বাহিনীয়ে উল্লেখ কৰিছে।

ইয়াকে লৈ বিগত ৪৮ ঘণ্টাত কাশ্মীৰ উপত্যকাত ৬টা সন্ত্ৰাসবাদীক হত্যা কৰা হʼল।

উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত