--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানত বন্দী হৈ আছিল ভাৰতৰ এগৰাকী  BSFজোৱান। যোৱা  ২৩ এপ্ৰিলৰ পৰা পাকিস্তান ৰেঞ্জাৰছৰ জিম্মাত আছিল সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান পূৰ্ণম কুমাৰ শ্ব’।আজি পুৱা প্ৰায় ১০:৩০ বজাত পাকিস্তানে তেওঁক নিৰাপদে ভাৰতক গতাই দিয়ে। এই প্ৰত্যাৰ্পণ অমৃতসৰ আত্তাৰীৰ যৌথ চেক প’ষ্টৰ জৰিয়তে শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ কৰা হয়।

উল্লেখ্য যে ভুলবশতঃ তেওঁ আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হৈ পাকিস্তানত প্ৰৱেশ কৰিছিল। ইয়াৰ পিছত পাকিস্তান ৰেঞ্জাৰসকলে তেওঁক জিম্মাত লয়। ভাৰতে ততাতৈয়াকৈ এই ঘটনাক লৈ পাকিস্তানৰ সৈতে উচ্চ পৰ্যায়ৰ আলোচনা আৰম্ভ কৰি জোৱানজনক নিৰাপদে ঘূৰাই অনাৰ দাবী জনাইছিল।

অৱশেষত ২২ দিনৰ পাছত পাকিস্তানে মুকলি কৰি দিলে ভাৰতীয় জোৱানজনক। 

সীমান্ত নিৰাপত্তা বাহিনী পঞ্জাব ফ্ৰন্টিয়াৰে চৰকাৰী বিবৃতিত কয় যে, "আজি পুৱা ১০:৩০ বজাত আত্তৰী-ৱাগাহ যৌথ চেক পোষ্টৰ জৰিয়তে পাকিস্তান ৰেঞ্জাৰসকলে BSF জোৱান পূৰ্ণম কুমাৰ শ্ব'ক ভাৰতক গতাই দিয়ে। শান্তিপূৰ্ণভাৱে আৰু নিৰ্ধাৰিত প্ৰট'কল অনুসৰি এই হস্তান্তৰ কৰা হয়।"    জোৱানজনক প্ৰত্যাৰ্পণৰ সময়ত তেওঁৰ পৰিয়ালটোও উপস্থিত আছিল।

জোৱান পূৰ্ণম কুমাৰ শ্ব’ৰ পত্নী ৰজনী শ্ব’ বৰ্তমান গৰ্ভৱতী। পাকিস্তানৰ বন্দীত্বৰ পৰা স্বামীক মুকলি কৰি দিবলৈ বিভিন্ন স্তৰত কাতৰ অনুৰোধ জনাইছিল ৰজনী শ্ব’য়ে। ৰজনীয়ে ফিৰোজপুৰত বি এছ এফৰ কামাণ্ডিং অফিচাৰকো সাক্ষাৎ কৰিছিল। 

তেওঁলোকৰ এটি ৭ বছৰীয় পুত্ৰ সন্তানো আছে। সন্তানটিয়েও ভগৱানক প্ৰাৰ্থনা কৰিছিল যে - "হে  প্ৰভু তুমি মোৰ পৰা সকলো লৈ যোৱা মাথোঁ দেউতাক কুশলে ঘৰখনলৈ ঘূৰাই আনা।"

শেষত ভাৰত চৰকাৰে কূটনৈতিক মাধ্যমেৰে পাকিস্তানৰ ওপৰত হেঁচা প্ৰয়োগ কৰিলে আৰু অৱশেষত পাকিস্তানে জোৱানজনক মুকলি কৰি দিবলৈ বাধ্য হ’ল। 

ইয়াৰ পূৰ্বে ৫ মে’ত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে হুগলীৰ  BSFজোৱান  পূৰ্ণম কুমাৰ শ্ব’ক লৈ উদ্বেগ প্ৰকাশ কৰিছিল। এতিয়া সুকলমে BSFৰ জোৱানজন ভাৰতত উপস্থিত হোৱাক লৈ সকলোৱে স্বস্তিৰ নিঃশ্বাস পেলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ