--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : চীনৰ সহায়ত ভাৰতৰ বিৰুদ্ধে পাকিস্তানে যে শক্তি বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছে, সেই কথা দেশখনৰ শেহতীয়া কেতবোৰ গোপন কাম-কাজৰ পৰা স্পষ্ট হৈ পৰিছে। 

আমেৰিকাই বাংলাদেশৰ ছেইন্ট মার্টিন দ্বীপ নিজৰ দখলত ৰাখি দ্বীপটোত সামৰিক ঘাটি স্থাপনৰ কুচকাৱাজ চলাই থকাৰ সময়তে পাকিস্তান আৰু আফগানিস্তানক উচটাই চীনেও আন এক ব্লুপ্রিন্ট ৰচনা কৰিবলৈ উঠিপৰি লাগিছে। স্বয়ং আমেৰিকান সংস্থাৰ প্ৰতিবেদনতে এনে গভীৰ ষড়যন্ত্ৰৰ কথা উন্মোচিত হৈছে। ভাৰতীয় সামৰিক বাহিনীয়ে 'অপাৰেশ্যন সেন্দূৰ'ৰ জৰিয়তে পাকিস্তানৰ মূল বিমান ঘাটিসমূহ আৰু ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা বিধ্বস্ত কৰাৰ পাছত পাকিস্তানী চৰকাৰ আৰু আছিম মুনিৰ নেতৃত্বাধীন পাকিস্তানী সেনা, চোৰাংচোৱা সংস্থা, আই এছ আয়ে ভাৰতৰ বিৰুদ্ধে ইয়াৰ সামৰিক শক্তি শক্তিশালী কৰাত তৎপৰ হৈ পৰিছে। 

ভাৰতীয় চোৰাংচোৱাৰ উচ্চস্তৰীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি, পাকিস্তানে ইতিমধ্যে চীনৰ পৰা শেহতীয়া প্ৰযুক্তিৰ ড্ৰ'ন, নিৰীক্ষণ পদ্ধতি আৰু ৰকেট লাঞ্চাৰ ক্ৰয় কৰি ইয়াৰ আক্রমণাত্মক শৈলী শক্তিশালী কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। তদুপৰি, চীনৰ পৰা ক্ৰয় কৰা অত্যাধুনিক নিৰীক্ষণ পদ্ধতিৰে ভাৰতৰ ওপৰত চোকা নজৰ ৰাখিছে। পাকিস্তানে চীনৰ পৰা মানৱবিহীন আকাশী বাহন (ই এ ভি), 'উইং লুং' ৩০খন ক্ৰয় কৰাৰ বাবে দেশখনক নিবিদা প্রদান কৰিছে। চীনৰ এই 'উইং লুং' মানৱবিহীন আকাশী বাহনসমূহক 'চাইনীজ কিলাৰ ড্ৰ'ন' হিচাপে জনা যায়। এই ড্র'নে লক্ষ্যস্থানত নিখুঁত আঘাত হানিব পাৰে। সূত্ৰসমূহে দাবী কৰা অনুসৰি, চীনৰ পৰা নতুনকৈ আহিব লগা এই ড্র'নসমূহে নিশ্চিতভাৱে পাকিস্তানৰ সামৰিক শক্তি বৃদ্ধি কৰিব। ভাৰত আৰু পাকিস্তানৰ মাজত ৯-১০ মে'ত চলা ভয়ংকৰ সামৰিক সংঘৰ্ষত পাকিস্তানৰ দুই মিত্ৰদেশ চীন আৰু তুৰস্কই দেশখনক সামৰিক আৰু আৰ্থিক সহায় কৰাটো ইতিমধ্যে প্রমাণিত হৈছে। কিন্তু 'অপাৰেশ্যন সেন্দূৰ’'ত ভাৰতে পাকিস্তানৰ ৩০০ কিল'মিটাৰ ভিতৰৰ বিমানঘাটি বিধ্বস্ত কৰাৰ পাছত পাকিস্তান এতিয়া কোব খোৱা সাপৰ দৰে হৈছে। সেইবাবে এতিয়া পাকিস্তানে দুই মিত্ৰদেশৰ সহায়ত পুনৰ ভাৰতত আক্ৰমণৰ পৰিকল্পনা ৰচিছে। ভাৰতীয় চোৰাংচোৱাৰ সূত্ৰৰ মতে, চীন-পাকিস্তানৰ ড্ৰ'ন যুদ্ধ শৈলীৰ সক্ষমতা বৃদ্ধি কৰিবলৈ চীনৰ সামৰিক বাহিনীৰ এটা প্রতিনিধি দলে পাকিস্তানক নতুন ড্র'ন যোগানৰ বিষয়টো চূড়ান্ত কৰিবলৈ অলপতে পাকিস্তান ভ্রমণ কৰে। তদুপৰি, অলপতে চীন ভ্ৰমণলৈ যোৱা পাকিস্তানৰ উপ-প্রধানমন্ত্রী তথা বিদেশ মন্ত্রী ইশ্বাক ডাৰে চীনৰ শীৰ্ষ কূটনীতিবিদৰে আলোচনা কৰি চীনৰ পৰা অধিক অত্যাধুনিক অস্ত্র-শস্ত্ৰ ক্ৰয়ৰ বাবে বাট মুকলি কৰি থৈ আহিছে। 

ইতিমধ্যে আই এম এফ আৰু বিশ্ব বেংকৰ ঋণৰ ধনেৰে বলীয়ান হোৱা পাকিস্তানে ইয়াৰ সামৰিক শক্তি শক্তিশালী আৰু আধুনিকীকৰণ কৰাত তৎপৰ হৈ পৰিছে। আনহাতে, পাকিস্তানে ২০২১ চনতে তুৰস্কৰ এটা প্ৰতিষ্ঠানৰ সৈতে কৰা এখন প্ৰতিৰক্ষা চুক্তি নৱীকৰণ কৰিছে। এতিয়া সেই প্রতিষ্ঠানটোৰ পৰা পাকিস্তানে অধিক মাৰাত্মক যুদ্ধ ড্র'ন ক্ৰয় কৰিছে। শেহতীয়াকৈ পাকিস্তানৰ সেনা মুৰব্বী আছিম মুনিৰ আৰু তুৰস্কৰ স্থল সেনাৰ মুৰব্বীৰ মাজত এখন বৈঠকো অনুষ্ঠিত হৈছে। আনহাতে পাকিস্তানে ইতিমধ্যে চীনৰ পৰা স্থল-ভিত্তিক গ্রেনেড্ আৰু গোলা-বাৰুদ ক্ৰয় কৰিছে আৰু সেইবোৰৰ জৰিয়তে পাকিস্তানে ইয়াৰ স্থলসেনাৰ শক্তিও বৃদ্ধি কৰিছে। ভাৰতৰ শেহতীয়া আক্রমণত তচনচ হোৱা পাকিস্তানী স্থলসেনাৰ মনোবল বৃদ্ধি কৰাৰ বাবেও পাকিস্তানে গোপনে প্রচেষ্টা চলাই আছে বুলি ভাৰতীয় চোৰাংচোৱাৰ সূত্রই প্রকাশ কৰিছে। ইয়াৰ উপৰি, পাক-ভাৰত সীমান্তৰ এল অ' চিত পাকিস্তানে ইয়াৰ নিৰীক্ষণ পদ্ধতি শক্তিশালী কৰিছে ভাৰতে। পাকিস্তানে সংগোপনে পাক অধিকৃত কাশ্মীৰৰ জিয়াৰাট টপ আৰু চিলৱাৰী গলীত চাইনীজ নিৰীক্ষণ পদ্ধতি স্থাপন কৰিছে, অতিৰিক্তকৈ ভাৰত-পাক আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাষৰ জয়চালমেৰ আৰু বিকানেৰৰ সমীপতো এই নিৰীক্ষণ পদ্ধতি স্থাপন কৰিছে। এই ক্ষেত্ৰৰ পৰাই ভাৰতে 'অপাৰেশ্যন সেন্দূৰ'ৰ সময়ত ভয়ংকৰ আক্রমণ চলাই বাহাৱলপুৰত থকা সন্ত্রাসবাদীৰ সংগঠন, জৈছ-এ-মহম্মদৰ মুখ্য কাৰ্যালয় বিধ্বস্ত কৰিছিল। 

ইয়াতকৈও ভয়ংকৰ কথাটো হ'ল ভাৰতৰ শেহতীয়া আক্রমণত কঁকাল ভাগি পৰা পাকিস্তানপুষ্ট সন্ত্রাসবাদী সংগঠনবোৰ পুনৰ সক্রিয় হৈ উঠিছে ভাৰতৰ বিৰুদ্ধে। পাক-ভাৰতৰ নিয়ন্ত্রণ ৰেখাৰ (এল অ' চি) সমীপত পাকিস্তানী সেনাই সুৰংগ নিৰ্মাণৰ কামত নিয়োজিত কৰিছে দুর্ধর্ষ সন্ত্রাসবাদীবোৰক। 'অপাৰেশ্যন সেন্দূৰ'ত তচনচ হোৱা পাকিস্তানী সেনাৰ মুৰব্বী আছিম মুনিৰে ইতিমধ্যে পি অ' কেত গোপনে দুর্ধর্ষ সন্ত্রাসবাদীৰে গোপনে মিলিত হৈ ভাৰত-বিৰোধী পৰিকল্পনা ৰচিছে। ভাৰতীয় চোৰাংচোৱাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, 'অপাৰেশ্যন সেন্দূৰ'ত ইতিমধ্যে ভাৰতে চীনত নির্মিত অস্ত্র-শস্ত্রসমূহ বিধ্বস্ত কৰাৰ পাছত চীনেও লাজত মুখ উলিয়াব পৰা নাছিল। সেইবাবে, এইবাৰ নতুন অত্যাধুনিক অস্ত্র-শস্ত্র পাকিস্তানক যোগান ধৰি ৰঙা চীনে পুনৰ পাকিস্তানৰ জৰিয়তে ভাৰতত আগ্রাসনৰ পৰিকল্পনা কৰিছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement