--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে গান্ধীনগৰত গুজৰাট চৰকাৰৰ এক নগৰ উন্নয়ন কাৰ্যসূচীত ভাৰতত পাকিস্তানৰ পৃষ্ঠপোষকতাৰ সন্ত্রাসবাদী কার্যকলাপক সমালোচনা কৰে। তেওঁ কয়, 'আমি ইয়াক প্রক্সি যুদ্ধ বুলি ক'ব নোৱাৰোঁ, কাৰণ ৬ মে'ত মৃত্যু হোৱাসকলক (অপাৰেশ্যন সেন্দূৰত) পাকিস্তানত ৰাষ্ট্ৰীয় মর্যাদা দিয়া হৈছে। 

তেওঁলোকৰ কফিন পাকিস্তানী পতাকাৰে ঢাকি দিয়া হৈছে আৰু সেনাই তেওঁলোকক ছেলুট দিছে। এইটোৱে প্ৰমাণ কৰে যে এই সন্ত্রাসবাদী কার্যকলাপ কেৱল প্রক্সি যুদ্ধ নহয়, এয়া হৈছে তেওঁলোকৰ সুচিন্তিত যুদ্ধ কৌশল।' তেওঁ আৰু কয়, 'তেওঁলোকে যদি যুদ্ধত লাগি থাকে, তেতিয়া যথোচিতভাৱে প্রত্যুত্তৰ দিয়া হ'ব।' মোদীয়ে আৰু কয়, 'বিভাজনৰ সময়ত মা ভাৰতীক দুভাগত ভাগ কৰা হ'ল আৰু সেই ৰাতিয়েই কাশ্মীৰত প্ৰথমটো সন্ত্রাসবাদী আক্রমণ আৰম্ভ কৰিলে মুজাহিদীনে। এই সন্ত্রাসবাদীৰ সহায়ত পাকিস্তানে মা ভাৰতীৰ এটা অংশ দখল কৰিলে। চৰ্দাৰ পেটেলে পৰামৰ্শ দিছিল যে পাকিস্তান অধিকৃত কাশ্মীৰ পুনৰ নিজৰ হাতলৈ ননালৈকে ভাৰতীয় সেনা ক্ষান্ত হোৱা উচিত নহয়। কিন্তু পেটেলৰ পৰামৰ্শলৈ কাণ দিয়া নহ'ল।' সভাত মোদীয়ে আওপকীয়াকৈ ভাৰতত চীনৰ সামগ্ৰীৰ বজাৰক লৈও ৰাইজক সজাগ কৰে। আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে মোদীয়ে 'মে'ড ইন ইণ্ডিয়া' (ভাৰতত নির্মিত, প্রস্তুত) সামগ্রীত অগ্ৰাধিকাৰ দিবলৈ আৰু বিশেষকৈ হোলী, দেৱালী আৰু গণেশ পূজাৰ সময়ত আমদানিকৃত সামগ্রীত নিৰ্ভৰশীলতা হ্রাস কৰিবলৈ আহ্বান জনায়। 

ভাৰতীয় বজাৰত বানৰ সৃষ্টি কৰা চীনা সামগ্রীক আওপকীয়াকৈ সমালোচনা কৰি মোদীয়ে কয়, 'আনকি গণেশৰ মূৰ্তিও বিদেশৰ পৰা আহে, সৰু সৰু চকুৰ গণেশৰ মূর্তি, যাৰ চকু ভালকৈ মেলেই নাখায়। আনকি হোলীৰ ৰংবোৰো বিদেশত প্রস্তুত।' তেওঁ উপস্থিত জনসাধাৰণক কয়, 'যিমানেই লাভ নহওক কিয়, বিদেশী সামগ্রী বিক্রী নকৰোঁ বুলি অংগীকাৰবদ্ধ হ'বলৈ আমি গাঁৱৰ বেপাৰীসকলক উৎসাহিত কৰিব লাগিব।' প্রধানমন্ত্রী মোদীয়ে উপস্থিত শ্রোতা-দর্শকক নিজৰ দৈনন্দিন ব্যৱহৃত সামগ্ৰীৰ বিষয়েও সচেতন হ'বলৈ কয়। তেওঁ কয়, 'এজন নাগৰিক হিচাপে আপোনালোকৰ বাবে মই এটা কাম দিছোঁ- ঘৰলৈ যাওক আৰু আপোনালোকে ২৪ ঘণ্টা ব্যৱহাৰ কৰা সামগ্ৰীবোৰৰ এখন তালিকা কৰক। 

আপোনোলোকে উপলব্ধি নকৰে, কিন্তু হেয়াৰপিন, ফণীও বিদেশত নির্মিত। সকলো নাগৰিকৰ সমূহীয়া দায়িত্বৰ আহ্বান জনাই তেওঁ কয়, 'যদি আমি ভাৰতক ৰক্ষা কৰিবলৈ বিচাৰোঁ, ভাৰতক গঢ়িবলৈ বিচাৰোঁ, ভাৰতৰ বিকাশ ঘটাটো বিচাৰোঁ, তেতিয়া অপাৰেশ্যন সেন্দূৰ কেৱল সশস্ত্র বাহিনীসমূহৰ দায়িত্ব নহয়, এয়া হৈছে ১৪০ কোটি ভাৰতীয়ৰ দায়িত্ব। এই সভাৰ আগতে গান্ধীনগৰত বিশাল এক ৰ'ড শ্ব'ত মোদীয়ে অংশগ্রহণ কৰে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ