--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ড'নাল্ড ট্রাম্প প্রশাসনে বিভিন্ন দেশৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপৰ ধাৰা অব্যাহত ৰাখি শেহতীয়াকৈ দক্ষিণ পূব এছিয়াৰ চাৰিখন দেশৰ সামগ্ৰীৰ ওপৰত বৃহৎ শুল্ক আৰোপ কৰিছে। 

দক্ষিণ-পূব এছিয়াৰ কম্বোডিয়া, ভিয়েটনাম, মালয়েছিয়া আৰু থাইলেণ্ডৰ সৌৰশক্তিৰ সামগ্ৰীৰ ওপৰত ৩,৫২১ শতাংশ শুল্ক আৰোপ কৰিছে ট্রাম্প প্রশাসনে। 

দক্ষিণ-পূব এছিয়াৰ এই চাৰিখন দেশে চীনৰ পৰা সাহায্য লাভ কৰি মার্কিন বজাৰত সস্তীয়া সামগ্ৰীসমূহ বিক্ৰী কৰি আছেবুলি এটা তদন্তত প্রকাশ পোৱাৰ পাছতেই ট্রাম্প প্রশাসনে সোমবাৰে এই শুল্ক আৰোপৰ কথা ঘোষণা কৰে। আমেৰিকাৰ বাণিজ্য বিভাগে বছৰজোৰা চলোৱা তদন্তৰ পাছত পোহৰলৈ আহিছিল যে চীনৰ কোম্পানীসমূহে এই দেশকেইখনত সৌৰ চে'ল আৰু পেনেলসমূহ পেলাই ৰাখি আমেৰিকাত নিম্ন দৰত বিক্ৰী কৰি আহিছিল। তদুপৰি, ট্রাম্প প্রশাসনৰ শুল্কৰ পৰা হাত সাৰিবলৈ শেহতীয়াকৈ-দক্ষিণ-পূব এছিয়াৰ এই চাৰিখন দেশত বাণিজ্য অভিযান তীব্ৰতৰ কৰিছিল।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ