--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেহেলগাম আক্ৰমণত পাকিস্তানী সন্ত্ৰাসবাদী জড়িত থকাৰ তথ্য পোহৰলৈ অহাৰ পিছত ভাৰতে পাকিস্তানৰ সৈতে সকলো সম্পৰ্ক বন্ধ কৰি দিছে। পাকিস্তানৰ বিৰুদ্ধে ভাৰতে ৫টা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে সিন্ধু জল সন্ধি স্থগিত ৰখা। 

এই সন্ধিৰ অধীনত পাকিস্তানে সিন্ধু, চেনাব, ঝেলুম, বিয়াছ, ৰবি আৰু ছতলেজ নদীৰ পৰা পানী লাভ কৰি আহিছে। এই সকলোবোৰ নদী ভাৰতৰ মাজেৰে পাকিস্তানলৈ যায়, যাৰ পানী খোৱা, জলসিঞ্চন আৰু বিদ্যুৎ উৎপাদন আদি কামত ব্যৱহাৰ কৰা হয়। সিন্ধু জল সন্ধিৰ নিষেধাজ্ঞাৰ বাবে বিচলিত হৈ পৰিছে পাকিস্তান।

পাকিস্তানৰ সুপৰিচিত বিশেষজ্ঞসকলে ভাৰতক ভাবুকি দিবলৈ আৰম্ভ কৰিছে আৰু কৈছে যে যদি ভাৰতে যুদ্ধ আৰম্ভ কৰে তেতিয়া পাকিস্তানে এনেকুৱা উত্তৰ দিব যিটো ভাৰতে সহ্য কৰিব নোৱাৰিব।

পাকিস্তানৰ প্ৰতিৰক্ষা বিশ্লেষক তাৰিক ৰছিদে কয় যে, ‘মই যেতিয়া অপাৰেচন মেনেজাৰ আছিলো, তেতিয়া আমাক নিৰ্দেশ দিয়া হৈছিল যে যদি ভাৰতৰ পৰা এটা গুলী আহে, তেন্তে ইয়াৰ প্ৰত্যুত্তৰত ১০টা গুলী নিক্ষেপ কৰিব লাগিব... শান্ত নোহোৱালৈকে গুলী চলাব লাগিব। আমাৰ উত্তৰ টিট ফৰ টেট।

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)ৰ পৰা ঋণ লৈ চলি থকা আৰু ভাৰতৰ বিৰুদ্ধে এতিয়ালৈকে হোৱা সকলো যুদ্ধত পৰাস্ত হোৱা তাৰিক ৰছিদে ভাৰতক আৰু অধিক ভাবুকি দি কয় যে ভাৰতে যুদ্ধ আৰম্ভ কৰিব পাৰে কিন্তু তেতিয়া সেই যুদ্ধ সীমিত যুদ্ধ হৈ নাথাকিব, চূড়ান্ত যুদ্ধ হ’ব আৰু ইয়াৰ গুৰুতৰ পৰিণতি হ’ব পাৰে, সমগ্ৰ অঞ্চলটো দখল কৰিম আমি।’’

পাৰমাণৱিক অস্ত্ৰৰে সজ্জিত ভাৰতক ভাবুকি দি তেওঁ আৰু কয়, ‘‘আমাৰ সামৰ্থ্য, পাৰমাণৱিক সামৰ্থ্য, প্ৰতিৰক্ষামূলক প্ৰকৃতিৰ। তেওঁলোকে সীমান্ত পাৰ হ’লে আমাৰ সঁহাৰি আমাৰ ইচ্ছা অনুসৰি হ’ব...এয়া অতি মাৰাত্মক আৰু অতি ভয়ংকৰ হ’ব। আমাৰ শক্তি ভাৰতে সহ্য কৰিব নোৱাৰিব।’’

তাৰিক ৰছিদে কয় যে ভাৰতে পাকিস্তানক যাতে দুৰ্বল বুলি গণ্য নকৰে৷ পহলগাম আক্ৰমণৰ বহু ঘণ্টা পাৰ হৈ গ’ল যদিও এতিয়ালৈকে পাকিস্তান জড়িত হৈ থকাৰ কোনো প্ৰমাণ দাখিল কৰা নাই ভাৰতে।


পাকিস্তানৰ সুপৰিচিত প্ৰতিৰক্ষা বিশ্লেষক কামাৰ চিমাই কয় যে ‘‘ভাৰতে এইবাৰ পাকিস্তানৰ ওপৰত পূৰ্বৰ দৰে কোনো বিমান আক্ৰমণ নকৰে। তেওঁলোকে জানে যে যদি তেওঁলোকে এয়াৰ ষ্ট্ৰাইক কৰে তেন্তে ইয়াৰ তাৎক্ষণিক সঁহাৰি পাব। সেইবাবেই তেওঁলোকে এইবাৰ এই কাম নকৰে৷ এতিয়ালৈকে বিশ্বৰ সকলো প্ৰধান দেশ আমেৰিকা, ৰাছিয়া, চৌদি আৰব, ইউৰোপ, আফ্ৰিকা আদিয়ে ভাৰতৰ আগত দুখ প্ৰকাশ কৰিছে। এইটোৱেই তেওঁলোকে বিচাৰে। তেওঁলোকৰ পৰৱৰ্তী পদক্ষেপ হ’ব বিশ্বৰ নেতাক ফোন কৰি নিজকে ভুক্তভোগী বুলি কোৱা।’’

উল্লেখ্য যে পাকিস্তানৰ বাহিৰে সমগ্ৰ বিশ্বই পেহেলগাম আক্ৰমণত ২৬ জন লোক নিহত হোৱাৰ লগতে ১৭ জন লোক আহত হোৱাৰ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ