--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পোপ ফ্ৰান্সিছ আৰু আমাৰ মাজত নাই। সমগ্ৰ বিশ্বতে এতিয়া শোকৰ জোৱাৰ। ইফালে, পোপ ফ্ৰান্সিছৰ মৃত্যুৰ কিছুদিন পূৰ্বে ভাৰ্জিন মেৰীৰ প্ৰতিমূৰ্তিত এক অলৌকিকতা দেখা পোৱা বুলি দাবী কৰা হৈছে। কিছু সংখ্যক কেথলিকে দাবী কৰে যে ইষ্টাৰ পূজাৰ সময়ত ভাৰ্জিন মেৰীৰ মূৰ্তিটোৰ পৰা চকুপানী ওলাইছিল। এই ঘটনা কলম্বিয়াৰ আগুয়াছ ক্লেৰেছ চহৰৰ।

এই লোকসকলে দাবী কৰে যে এই অলৌকিকতা চেণ্ট জন ইউডেছ পেৰিছত Sermon of the Seven Wordsৰ সময়ত সংঘটিত হৈছিল। এই প্ৰাৰ্থনাৰ সময়ত তাত স্থাপন কৰা ভাৰ্জিন মেৰীৰ মূৰ্তিটোৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে।

দাবী অনুসৰি ইষ্টাৰ সোমবাৰে পুৱা ৭.৩০ বজাত পোপৰ মৃত্যু হোৱাৰ কেইদিনমান পূৰ্বে এই কাণ্ড সংঘটিত হয়।

ভিডিঅ’ কেমেৰাত বন্দী হোৱা এই দাবী ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত বিভিন্ন ধৰণৰ মন্তব্য কৰিছে ইউজাৰে। পোপ ফ্ৰান্সিছৰ মৃত্যু সমাগত বুলি জানিয়েই ভাৰ্জিন মেৰীৰ মূৰ্তিটোৰ পৰা চকুপানী ওলাইছিল বুলি বহু লোকে দাবী কৰিছে।

অৱশ্যে এই কথিত অলৌকিক ঘটনা সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই। 

উল্লেখ্য যে ভেটিকানে নিশ্চিত কৰিছে যে ৰোমৰ গেমেলী হাস্পতালত ব্ৰংকাইটিছৰ চিকিৎসাৰ অন্তত আৰ্জেণ্টিনাৰ পোপ ফ্ৰান্সিছৰ মৃত্যু হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ