--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পোপ ফ্ৰান্সিছ আৰু আমাৰ মাজত নাই। সমগ্ৰ বিশ্বতে এতিয়া শোকৰ জোৱাৰ। ইফালে, পোপ ফ্ৰান্সিছৰ মৃত্যুৰ কিছুদিন পূৰ্বে ভাৰ্জিন মেৰীৰ প্ৰতিমূৰ্তিত এক অলৌকিকতা দেখা পোৱা বুলি দাবী কৰা হৈছে। কিছু সংখ্যক কেথলিকে দাবী কৰে যে ইষ্টাৰ পূজাৰ সময়ত ভাৰ্জিন মেৰীৰ মূৰ্তিটোৰ পৰা চকুপানী ওলাইছিল। এই ঘটনা কলম্বিয়াৰ আগুয়াছ ক্লেৰেছ চহৰৰ।

এই লোকসকলে দাবী কৰে যে এই অলৌকিকতা চেণ্ট জন ইউডেছ পেৰিছত Sermon of the Seven Wordsৰ সময়ত সংঘটিত হৈছিল। এই প্ৰাৰ্থনাৰ সময়ত তাত স্থাপন কৰা ভাৰ্জিন মেৰীৰ মূৰ্তিটোৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে।

দাবী অনুসৰি ইষ্টাৰ সোমবাৰে পুৱা ৭.৩০ বজাত পোপৰ মৃত্যু হোৱাৰ কেইদিনমান পূৰ্বে এই কাণ্ড সংঘটিত হয়।

ভিডিঅ’ কেমেৰাত বন্দী হোৱা এই দাবী ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত বিভিন্ন ধৰণৰ মন্তব্য কৰিছে ইউজাৰে। পোপ ফ্ৰান্সিছৰ মৃত্যু সমাগত বুলি জানিয়েই ভাৰ্জিন মেৰীৰ মূৰ্তিটোৰ পৰা চকুপানী ওলাইছিল বুলি বহু লোকে দাবী কৰিছে।

অৱশ্যে এই কথিত অলৌকিক ঘটনা সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই। 

উল্লেখ্য যে ভেটিকানে নিশ্চিত কৰিছে যে ৰোমৰ গেমেলী হাস্পতালত ব্ৰংকাইটিছৰ চিকিৎসাৰ অন্তত আৰ্জেণ্টিনাৰ পোপ ফ্ৰান্সিছৰ মৃত্যু হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ