--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পেহেলগামৰ আক্ৰমণৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা চৰম পৰ্যায়ত থকাৰ সময়তে কুখ্যাত পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আই সক্রিয় হৈছে বাংলাদেশত। বাংলাদেশত ঘাটি পাতি ভাৰতত অশান্তিৰ সৃষ্টি কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। আই এছ আইৰ বিভিন্ন সূত্রই এই কথা প্রকাশ কৰি কয় যে আই এছ আইৰ এজেণ্ট ঢাকাত থকা পাকিস্তানী উচ্চায়োগত ভাৰতৰ বিৰুদ্ধে এই ষড়যন্ত্ৰ ৰচনাত ব্যস্ত হৈ পৰিছে। বাংলাদেশত থকা পাকিস্তানৰ উচ্চাযুক্ত ছৈয়দ আহমদ মাৰুপে অলপতে বাংলাদেশৰ মৌলবাদী জামাত, হিফাজত আৰু খিলাফৎ মজলিছৰ সৈতে দুখন গোপন বৈঠকত মিলিত হয়। 

সূত্রসমূহে লগতে প্রকাশ কৰে যে আই এছ আয়ে বাংলাদেশৰ পৰা ভাৰতত সন্ত্রাসবাদী কাৰ্যকলাপ চলোৱাৰ ব্লু প্রিণ্ট ৰচনা কৰিছে। পাকিস্তানী চোৰাংচোৱা সংগঠনটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ উগ্রপন্থীক অস্ত্ৰ যোগান ধৰাৰ চক্রান্ত কৰিছে অঞ্চলটোত কূটাঘাত চলোৱাৰ বাবে। ইয়াৰ লগতে অনুপ্ৰৱেশৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলত অশান্তিৰ সৃষ্টি কৰাৰ ষড়যন্ত্ৰ কৰিছে আই এছ আয়ে। 

ইফালে বাংলাদেশত আই এছ আইৰ সক্ৰিয়তা বৃদ্ধি পোৱাৰ তথ্য লাভ কৰাৰ পাছত চোৰাংচোৱা আৰু নিৰাপত্তা সংস্থাসমূহক ভাৰত-বাংলাদেশ আৰু ভাৰত-ম্যানমাৰ সীমান্তত সর্বাধিক সতৰ্ক হৈ থকাৰ নির্দেশ দিয়া হৈছে। বাংলাদেশৰ মহম্মদ ইউনুছৰ অন্তৰ্বৰ্তী চৰকাৰৰ ভাৰত বিৰোধী কার্যকলাপ আৰু আই এছ আই তথা পাকিস্তানী সেনাৰ সক্ৰিয়তা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি চোৰাংচোৱা আৰু নিৰাপত্তা সংস্থাসমূহক ভাৰত-বাংলাদেশ সীমান্তত অতিৰিক্তভাৱে সতর্ক দৃষ্টি ৰখাৰ নিৰ্দেশ দিয়া হৈছে। পাকিস্তানে বাংলাদেশত থকা মৌলবাদী সংগঠনবোৰৰ সহযোগত দেশখনৰ সৈতে সম্পর্ক অধিক ঘনিষ্ঠ কৰিবলৈ বিচাৰিছে। 

ইণ্ডিয়া টুডেত প্রকাশ পোৱা এখন প্রতিবেদনত এই কথা উল্লেখ কৰি কোৱা হৈছে যে আই এছ আই আৰু পাকিস্তানী সেনাই এই মৌলবাদী সংগঠনবোৰক সীমান্তৰ কাষত থকা সমর্থকৰ সহযোগত ভাৰতত অশান্তিৰ সৃষ্টি কৰাত ব্যৱহাৰ কৰিবলৈ বিচাৰিছে। পশ্চিম বংগৰ মুৰ্শ্বিদাবাদ হিংসাত্মক ঘটনাৰ পাছত ভাৰতীয় নিৰাপত্তা আৰু চোৰাংচোৱা সংস্থাসমূহে ভাৰত-বাংলাদেশ সীমান্তৰ পৰিস্থিতিৰ প্ৰতি সতর্ক দৃষ্টি ৰাখিছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ