--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প পুনৰবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছে। পোপ ফ্ৰান্সিছৰ মৃত্যুৰ মাত্ৰ কেইদিনমানৰ পিছতে ট্ৰাম্পে ছ’চিয়েল মিডিয়াত নিজৰ AI ইমেজ শ্বেয়াৰ কৰিছিল, য’ত তেওঁক পোপৰ সাজ-পোছাকত দেখা গৈছে।

এই ছবিখন হোৱাইট হাউছৰ অফিচিয়েল হেণ্ডেলৰ পৰাও পোষ্ট কৰা হৈছিল। ইয়াকে লৈ ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছিল। কিছুদিন পূৰ্বে ট্ৰাম্পে ধেমালিতে কৈছিল, “মই পৰৱৰ্তী পোপ হ’বলৈ পালে ভাল পাম।” এই বক্তব্যৰ পিছত তেওঁৰ ‘পোপ অৱতাৰ’ চৰ্চালৈ আহিছে, য’ত তেওঁৰ ডিঙিত ক্ৰছ আছে আৰু সম্পূৰ্ণ পোপৰ দৰে সাজ-পোছাক পিন্ধিছে।

যদিও কিছুমান ব্যৱহাৰকাৰীয়ে ইয়াক লঘুভাৱে গ্ৰহণ কৰিছিল, বেছিভাগেই ইয়াক পোপ ফ্ৰান্সিছৰ প্ৰতি সংবেদনহীন আৰু কেথলিক গীৰ্জাৰ প্ৰতি উপহাস বুলি বিবেচনা কৰিছিল। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "এয়া গীৰ্জা আৰু স্বয়ং ঈশ্বৰৰ অপমান। ট্ৰাম্প হৈছে চয়তান।" আন এজনে টুইট কৰি কয় যে, "এয়া অত্যন্ত নাৰ্চিছিষ্টিক আৰু অসন্মানজনক। ৰিপাব্লিকানসকলে এনে এজন মানুহক কিয় ভোট দিয়ে?"

উল্লেখ্য যে লেটিন আমেৰিকাৰ প্ৰথমজন পোপ পোপ ফ্ৰান্সিছৰ ২২ এপ্ৰিলত ৮৮ বছৰ বয়সত মৃত্যু হয়।২৬ এপ্ৰিলত ছেইণ্ট পিটাৰ স্কোৱাৰত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিছিল ট্ৰাম্পে। নতুন পোপৰ কথা এতিয়াও ঘোষণা কৰা হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ