--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প পুনৰবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছে। পোপ ফ্ৰান্সিছৰ মৃত্যুৰ মাত্ৰ কেইদিনমানৰ পিছতে ট্ৰাম্পে ছ’চিয়েল মিডিয়াত নিজৰ AI ইমেজ শ্বেয়াৰ কৰিছিল, য’ত তেওঁক পোপৰ সাজ-পোছাকত দেখা গৈছে।

এই ছবিখন হোৱাইট হাউছৰ অফিচিয়েল হেণ্ডেলৰ পৰাও পোষ্ট কৰা হৈছিল। ইয়াকে লৈ ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছিল। কিছুদিন পূৰ্বে ট্ৰাম্পে ধেমালিতে কৈছিল, “মই পৰৱৰ্তী পোপ হ’বলৈ পালে ভাল পাম।” এই বক্তব্যৰ পিছত তেওঁৰ ‘পোপ অৱতাৰ’ চৰ্চালৈ আহিছে, য’ত তেওঁৰ ডিঙিত ক্ৰছ আছে আৰু সম্পূৰ্ণ পোপৰ দৰে সাজ-পোছাক পিন্ধিছে।

যদিও কিছুমান ব্যৱহাৰকাৰীয়ে ইয়াক লঘুভাৱে গ্ৰহণ কৰিছিল, বেছিভাগেই ইয়াক পোপ ফ্ৰান্সিছৰ প্ৰতি সংবেদনহীন আৰু কেথলিক গীৰ্জাৰ প্ৰতি উপহাস বুলি বিবেচনা কৰিছিল। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "এয়া গীৰ্জা আৰু স্বয়ং ঈশ্বৰৰ অপমান। ট্ৰাম্প হৈছে চয়তান।" আন এজনে টুইট কৰি কয় যে, "এয়া অত্যন্ত নাৰ্চিছিষ্টিক আৰু অসন্মানজনক। ৰিপাব্লিকানসকলে এনে এজন মানুহক কিয় ভোট দিয়ে?"

উল্লেখ্য যে লেটিন আমেৰিকাৰ প্ৰথমজন পোপ পোপ ফ্ৰান্সিছৰ ২২ এপ্ৰিলত ৮৮ বছৰ বয়সত মৃত্যু হয়।২৬ এপ্ৰিলত ছেইণ্ট পিটাৰ স্কোৱাৰত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিছিল ট্ৰাম্পে। নতুন পোপৰ কথা এতিয়াও ঘোষণা কৰা হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত