--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জেৰুজালেমৰ পৰা তেল আভিভলৈ ইজৰাইলৰ অংশ ভয়ংকৰ বনজুইৰ কবলত পৰিছে। এই বনজুইৰ বাবে ৰাজধানী জেৰুজালেমৰ হাজাৰ হাজাৰ বাসিন্দা নিজৰ ঘৰ এৰি পলাবলৈ বাধ্য হৈছে আৰু সমগ্র জেৰুজালেমক জুইৰ ক'লা ধোঁৱাই আগুৰি ধৰিছে। 

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহুৱে দেশখনত জৰুৰী অৱস্থা ঘোষণা কৰিবলৈ বাধ্য হৈছে। দেশখনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এনেধৰণৰ বিশাল বনজুয়ে তাণ্ডৱ চলাইছে বুলি দেশখনৰ চৰকাৰী কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। এই ভয়ংকৰ বনজুই আৰু প্ৰবল ধুমুহাৰ বাবে বুধবাৰে দেশখনৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীও বাতিল কৰা হয়। 

ইজৰাইলৰ প্রধানমন্ত্রী নেটান্যাহুৱে কয় যে এই বনজুই কেৱল এঠাইতে সীমাবদ্ধ থকা নাই, এই বনজুয়ে জেৰুজালেমৰ উত্তৰ প্ৰান্তৰ পৰা প্রবল বতাহৰ বাবে দক্ষিণ প্রান্তলৈও বিয়পি পৰিছে। প্রধানমন্ত্রী নেটান্যাহুৱে এই ভয়ংকৰ বনজুই নির্বাপিত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সহায় বিচাৰিছে। নেটান্যাহুৱে কয় যে এতিয়া জেৰুজালেমক ৰক্ষা কৰাটোত তেওঁলোকে অগ্রাধিকাৰ দিছে। 

জেৰুজালেমৰ পৰা তেল আভিভলৈকে ঘাইপথসমূহৰ দাঁতিত অগ্নিনির্বাপক বাহিনীৰ লোকসকলে বনজুই নির্বাপিত কৰিবলৈ আপ্রাণ চেষ্টা কৰি আছে। বনজুইত আক্রান্ত অঞ্চলৰ পৰা দুৰ্গত লোকক উদ্ধাৰ কৰিবলৈ সেনাক মোতায়েন কৰা হৈছে। ইজৰাইলৰ জৰুৰী স্বাস্থ্য সেৱাই সদৰী কৰিছে যে এতিয়ালৈকে শতাধিক লোক বনজুইত আক্রান্ত হৈছে। 

জেৰুজালেমৰ পৰা তেল আভিভলৈ থকা ১ নং প্রধান ঘাইপথটো যাতায়াতৰ বাবে বন্ধ কৰি দিয়া হৈছে। হাজাৰ হাজাৰ লোক ভীতিগ্রস্ত হৈ তেওঁলোকৰ বাহন পথতে এৰি খোজকাঢ়ি নিৰাপদ স্থানলৈ পলায়ন কৰিছে। ঘাইপথৰ দাঁতিতে বিয়পি পৰা বনজুয়ে জেৰুজালেমত তাণ্ডৱ ৰূপ ধাৰণ কৰিছে। আনহাতে দেশখনৰ প্রতিকূল বতৰৰ বাবে বিমানৰ দ্বাৰাও জুই নির্বাপিত কৰিবলৈ সক্ষম হোৱা নাই। দশকটোৰ ভিতৰতে সংঘটিত হোৱা ভয়ংকৰ বনজুইৰ বাবে বহুকেইটা ঘাইপথ যাতায়াতৰ বাবে বন্ধ কৰি দিছে প্রশাসনে। ইজৰাইলৰ চৰকাৰে  ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় সহায়ৰ বাবে ইটালি, ক্রৱেছিয়া আৰু নর্থ মেছিডনিয়াৰ অগ্নিনির্বাপক বিমান বিচাৰিছে। এই ভয়ংকৰ বনজুয়ে ইতিমধ্যে উত্তৰ জেৰুজালেমত আগুৰি ধৰিছে। ইজৰাইলে ইতিমধ্যে গ্রীচ, চাইপ্রাছ, বুলগেৰিয়া আৰু অন্য দেশসমূহৰো সহায় বিচাৰিছে এই ভয়ংকৰ বনজুই নির্বাপিত কৰিবলৈ।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ