--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে বুধবাৰে চীনক বাদ দি আন দেশৰ সামগ্ৰীত শুল্ক আৰোপ ৯০ দিনৰ বাবে স্থগিত ৰখাৰ সিদ্ধান্ত লয়। আনহাতে, চীনৰ পৰা অহা সামগ্রীত ট্রাম্প প্রশাসনে শুক্ল ১২৫ শতাংশলৈ বৃদ্ধি কৰে। 

চীনে আমেৰিকাৰ সকলো সামগ্ৰীৰ ওপৰত নুতনকৈ শুল্ক ৮৪ শতাংশলৈ বৃদ্ধি কৰাৰ পাছতেই প্রতিশোধ কল্পে আমেৰিকাই এই সিদ্ধান্ত লয়। সমগ্ৰ বিশ্বৰ বজাৰত অস্থিৰতাৰ সৃষ্টি কৰিছে বিশ্বৰ দুয়োখন বৃহৎ অর্থনীতি থকা দেশে। 

আনহাতে, চীনক ভাবুকি দি ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে বেইজিঙে যদি পুনৰ আমেৰিকাৰ ও পৰত প্রতিশোধ ল'বলৈ চেষ্টা কৰে, তেনেহ'লে চীনক আৰু অধিক 'পুৰস্কৃত' কৰা হ'ব। ইফালে, ট্রাম্পে বুধবাৰে (স্থানীয় সময়) চীনৰ ৰাষ্ট্ৰপতি, ঝি জিনপিঙক 'অতি স্মার্ট ব্যক্তি' বুলি মন্তব্য কৰে। ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে শুল্ক আৰোপৰ বিষয়ত এতিয়াও দুয়ো দেশৰ মাজত আলোচনাৰ বাট মুকলি আছে। চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে ২০ বছৰ ধৰি সংযোগ বিচ্ছিন্ন হৈ থকা ৰাষ্ট্ৰপতি ট্রাম্পে এতিয়া জিনপিঙৰ সৈতে আলোচনা কৰিবলৈ বিচৰাটো লক্ষণীয় হৈ পৰিছে।

জিনপিঙক বিশ্বৰ অন্যতম স্মার্ট বুলি অভিহিত কৰি ট্রাম্পে কয় যে এই সময়ত কি কৰাটো আৱশ্যক চীনৰ ৰাষ্ট্ৰপতিজনে ভালদৰেই জানে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ