--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনে অচিৰেই টাইৱানত আক্ৰমণৰ প্ৰস্তুতি চলাই আছে। আমেৰিকাৰ চোৰাংচোৱাৰ তথ্যত এই কথা প্রকাশ পাইছে। আমেৰিকাৰ চোৰাংচোৱাৰ প্ৰতিৱেদনত উল্লেখ কৰা অনুসৰি চীনে অহা ছমাহৰ ভিতৰত টাইৱানত আক্ৰমণ কৰিব পাৰে। 

উল্লেখযোগ্য যে আমেৰিকাই টাইৱানক সমৰ্থন কৰি আহিছে। কিন্তু চীনৰ কমিউনিষ্ট পাৰ্টিৰ নেতাসকলে এই বুলি মত প্রকাশ কৰিছে যে আমেৰিকাৰ বাবে টাইৱানক ৰক্ষা কৰাতো ইমান সহজ নহ'ব। 

চীনৰ চৰকাৰ আৰু সেনাই টাইৱানক দেশখনৰ সৈতে চামিল কৰাৰ বিভিন্ন বিকল্পক লৈও আলোচনা কৰি আছে। ইয়াৰ ভিতৰত টাইৱানক চৌদিশৰ পৰা ঘেৰি ধৰা, সামৰিক অভিযান, ইণ্টাৰনেট আৰু দূৰসংযোগ ব্যৱস্থা বিচ্ছিন্ন কৰি পেলোৱাৰ দৰে বিকল্পও আছে।

সূত্ৰসমূহৰ মতে, চীনৰ প্ৰচেষ্টাত আমেৰিকাই বাধাৰ সৃষ্টি কৰিলে প্রচণ্ড যুদ্ধৰ সৃষ্টি হ'ব পাৰে। উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ সমানুপাতিক শুল্কক লৈ চীনৰ সৈতে সম্পৰ্ক উত্তেজনাপূর্ণ হৈ আছে।

উৎস- দৈনিক জনমভূমি  


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ