--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প হঠাৎ নমনীয় হ'ল চীনৰ প্ৰতি। চীনৰ বিৰুদ্ধে শুল্ক যুদ্ধ অব্যাহত ৰখাৰ মাজতে মঙলবাৰে ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে তেওঁ চীনৰ সৈতে যিকোনো এখন বাণিজ্য চুক্তি কৰাৰ পৰিকল্পনা কৰিছে। ট্রাম্পে কয় যে চীন-আমেৰিকাৰ মাজত যদি এখন বাণিজ্য চুক্তি হয় তেনেহ'লে আমেৰিকাই চীনৰ সামগ্ৰীৰ ওপৰত ধাৰ্য কৰা শুল্ক হ্রাস কৰা হ'ব। 

বিশ্বৰ অর্থনীতিত অস্থিৰতা অব্যাহত থকাৰ মাজতে আমেৰিকাৰ বিৰুদ্ধে চীনৰ কঠোৰ স্থিতিৰ পাছত ৰাষ্ট্ৰপতি ট্রাম্প হঠাৎ এনেদৰে নমনীয় হ'ল। বাম্বিংটনত মঙলবাৰে ট্রাম্পে কয় যে চীনৰ প্ৰতি আৰোপ কৰা শুল্ক পর্যায়ক্রমে হ্রাস কৰা হ'ব, কিন্তু এই শুল্ক একেবাৰে 'শূন্য' নহয় বুলিও তেওঁ দোহাৰে। চীনৰ সৈতে এখন বাণিজ্য চুক্তি হ'লে অতি সুন্দৰ কথা হ'ব বুলি ট্রাম্পে কয় যে দুয়োখন দেশেই এই বিষয়ত উচিত ব্যৱস্থা ল'ব লাগিব। আমেৰিকাৰ ষ্টক আৰু ট্ৰেজাৰীসমূহৰ অৱস্থা অৱনতিৰ দিশত গতি কৰাৰ পাছতেই ৰাষ্ট্ৰপতি ট্রাম্পে চীনৰে বাণিজ্য চুক্তিৰ ইংগিত দিয়ে। 

ইফালে, ট্রাম্পৰ এই মন্তব্যৰ পাছতেই আমেৰিকাৰ শ্বেয়াৰ বজাৰ ঊর্ধ্বগামী হৈছে। আমেৰিকাৰ ডলাৰৰ মূল্যও বাঢ়িছে। মার্কিন ডলাৰৰ সূচক ০.৬% বৃদ্ধি হৈ ৯৮.৯৩৭ হৈছেগৈ। আনহাতে, ৰাষ্ট্ৰপতি ট্রাম্পৰ মন্তব্যৰ পাছতে এছিয়াৰ ষ্টক মার্কেটসমূহতো সূচক ঊর্ধ্বগামী হৈছে। জাপানৰ নিকেই ২.৩% শতাংশ বৃদ্ধি হোৱাৰ লগতে দক্ষিণ কোৰিয়াৰ মূল সূচক 'কে এছ ১১' ১.২ শতাংশ বৃদ্ধি হৈছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান