--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প হঠাৎ নমনীয় হ'ল চীনৰ প্ৰতি। চীনৰ বিৰুদ্ধে শুল্ক যুদ্ধ অব্যাহত ৰখাৰ মাজতে মঙলবাৰে ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে তেওঁ চীনৰ সৈতে যিকোনো এখন বাণিজ্য চুক্তি কৰাৰ পৰিকল্পনা কৰিছে। ট্রাম্পে কয় যে চীন-আমেৰিকাৰ মাজত যদি এখন বাণিজ্য চুক্তি হয় তেনেহ'লে আমেৰিকাই চীনৰ সামগ্ৰীৰ ওপৰত ধাৰ্য কৰা শুল্ক হ্রাস কৰা হ'ব। 

বিশ্বৰ অর্থনীতিত অস্থিৰতা অব্যাহত থকাৰ মাজতে আমেৰিকাৰ বিৰুদ্ধে চীনৰ কঠোৰ স্থিতিৰ পাছত ৰাষ্ট্ৰপতি ট্রাম্প হঠাৎ এনেদৰে নমনীয় হ'ল। বাম্বিংটনত মঙলবাৰে ট্রাম্পে কয় যে চীনৰ প্ৰতি আৰোপ কৰা শুল্ক পর্যায়ক্রমে হ্রাস কৰা হ'ব, কিন্তু এই শুল্ক একেবাৰে 'শূন্য' নহয় বুলিও তেওঁ দোহাৰে। চীনৰ সৈতে এখন বাণিজ্য চুক্তি হ'লে অতি সুন্দৰ কথা হ'ব বুলি ট্রাম্পে কয় যে দুয়োখন দেশেই এই বিষয়ত উচিত ব্যৱস্থা ল'ব লাগিব। আমেৰিকাৰ ষ্টক আৰু ট্ৰেজাৰীসমূহৰ অৱস্থা অৱনতিৰ দিশত গতি কৰাৰ পাছতেই ৰাষ্ট্ৰপতি ট্রাম্পে চীনৰে বাণিজ্য চুক্তিৰ ইংগিত দিয়ে। 

ইফালে, ট্রাম্পৰ এই মন্তব্যৰ পাছতেই আমেৰিকাৰ শ্বেয়াৰ বজাৰ ঊর্ধ্বগামী হৈছে। আমেৰিকাৰ ডলাৰৰ মূল্যও বাঢ়িছে। মার্কিন ডলাৰৰ সূচক ০.৬% বৃদ্ধি হৈ ৯৮.৯৩৭ হৈছেগৈ। আনহাতে, ৰাষ্ট্ৰপতি ট্রাম্পৰ মন্তব্যৰ পাছতে এছিয়াৰ ষ্টক মার্কেটসমূহতো সূচক ঊর্ধ্বগামী হৈছে। জাপানৰ নিকেই ২.৩% শতাংশ বৃদ্ধি হোৱাৰ লগতে দক্ষিণ কোৰিয়াৰ মূল সূচক 'কে এছ ১১' ১.২ শতাংশ বৃদ্ধি হৈছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ