--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লাডাখকলৈ চীন-ভাৰতৰ সংঘাত চলি থকাৰ সময়তে আমেৰিকাই এক বিশেষ প্ৰতিবেদন দিছে। প্ৰতিবেদন খনৰ মতে চীনে গোপনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত নিজৰ শক্তি বৃদ্ধি কৰি আছে। চীনৰ  প্ৰশাসনে লাডাখ সীমান্তত হেলিপেড, নতুন পথ, গোপন সুৰংগ আৰু সৰু এয়াৰষ্ট্ৰিপৰ নিৰ্মাণ আৰম্ভ কৰিছে বুলি  পেন্টাগনে  প্ৰতিবেদন প্ৰকাশ কৰাৰল পিছতে ভাৰতত উদ্বেগ বৃদজ্ধি পাইছে।

পেন্টাগনৰ এক প্ৰতিবেদন অনুসৰি ২০২২ চনত গালোৱানত ভাৰত আৰু চীনা সৈন্যৰ মাজত সংঘটিত  সংঘৰ্ষৰ পিছৰে পৰা চীনৰ পিপলছ লিবাৰেচন আৰ্মী (পিএলএ)-এ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত আন্তঃগাঁথনি নিৰ্মাণত সক্ৰিয় হৈ পৰিছিল। সংঘৰ্ষৰ পিছত দুয়োখন দেশে বহুবাৰ আলোচনাৰ মেজত বহিছে । কিন্তু আলোচনাই কোনো ফল ধৰা নাই।  চীনে ভাৰতীয় সীমান্তত আধুনিক আন্তঃগাঁথনি নিৰ্মাণৰ প্ৰক্ৰিয়াত অধিক সক্ৰিয়তাৰে জড়িত হৈ পৰা বুলি প্ৰতিবেদনত কোৱা হৈছে। পেন্টাগনে কয় যে চীন-ভাৰতৰ কেইবাবাৰো শান্তি আলোচনা হৈছে, কিন্তু সেই বৈঠকবোৰে সীমান্তত চীনা সামৰিক উপস্থিতিৰ ওপৰত কোনো প্ৰভাৱ পেলোৱা নাই।

প্ৰতিবেদন খনৰ মতে   চীনে লাডাখ সীমান্তত স্থায়ী সুৰংগ, নতুন পথ, বিমানবন্দৰ আৰু হেলিপেড নিৰ্মাণ কৰি আছে। চীনৰ ৱেষ্টাৰ্ণ কমাণ্ড থিয়েটাৰৰ পৰা বৃহৎ সংখ্যক সৈন্য ভাৰতীয় সীমান্তত মোতায়েন কৰা হৈছে। চীনে কেৱল লাডাখতে নহয় ডোকলামতো একে ধৰণে সৈন্য মোতায়েন কৰিছে। পেন্টাগনৰ প্ৰতিবেদনত এইবুলিও উল্লেখ কৰা হৈছে যে চীনে ভাৰতীয় ভূখণ্ডত গাওঁ নিৰ্মাণ কৰিছে। অৱশ্যে, পেন্টাগনৰ প্ৰতিবেদনত অঞ্চলটোক "বিতৰ্কিত অঞ্চল" বুলি উল্লেখ কৰা হৈছে।
পেন্টাগনৰ প্ৰতিবেদন অনুসৰি চীনে ভাৰতীয় সীমান্তত যুদ্ধৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। অৱশ্যে  এই প্ৰতিবেদন সন্দৰ্ভত  নতুন দিল্লীয়ে এতিয়াও প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত