--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লাডাখকলৈ চীন-ভাৰতৰ সংঘাত চলি থকাৰ সময়তে আমেৰিকাই এক বিশেষ প্ৰতিবেদন দিছে। প্ৰতিবেদন খনৰ মতে চীনে গোপনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত নিজৰ শক্তি বৃদ্ধি কৰি আছে। চীনৰ  প্ৰশাসনে লাডাখ সীমান্তত হেলিপেড, নতুন পথ, গোপন সুৰংগ আৰু সৰু এয়াৰষ্ট্ৰিপৰ নিৰ্মাণ আৰম্ভ কৰিছে বুলি  পেন্টাগনে  প্ৰতিবেদন প্ৰকাশ কৰাৰল পিছতে ভাৰতত উদ্বেগ বৃদজ্ধি পাইছে।

পেন্টাগনৰ এক প্ৰতিবেদন অনুসৰি ২০২২ চনত গালোৱানত ভাৰত আৰু চীনা সৈন্যৰ মাজত সংঘটিত  সংঘৰ্ষৰ পিছৰে পৰা চীনৰ পিপলছ লিবাৰেচন আৰ্মী (পিএলএ)-এ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত আন্তঃগাঁথনি নিৰ্মাণত সক্ৰিয় হৈ পৰিছিল। সংঘৰ্ষৰ পিছত দুয়োখন দেশে বহুবাৰ আলোচনাৰ মেজত বহিছে । কিন্তু আলোচনাই কোনো ফল ধৰা নাই।  চীনে ভাৰতীয় সীমান্তত আধুনিক আন্তঃগাঁথনি নিৰ্মাণৰ প্ৰক্ৰিয়াত অধিক সক্ৰিয়তাৰে জড়িত হৈ পৰা বুলি প্ৰতিবেদনত কোৱা হৈছে। পেন্টাগনে কয় যে চীন-ভাৰতৰ কেইবাবাৰো শান্তি আলোচনা হৈছে, কিন্তু সেই বৈঠকবোৰে সীমান্তত চীনা সামৰিক উপস্থিতিৰ ওপৰত কোনো প্ৰভাৱ পেলোৱা নাই।

প্ৰতিবেদন খনৰ মতে   চীনে লাডাখ সীমান্তত স্থায়ী সুৰংগ, নতুন পথ, বিমানবন্দৰ আৰু হেলিপেড নিৰ্মাণ কৰি আছে। চীনৰ ৱেষ্টাৰ্ণ কমাণ্ড থিয়েটাৰৰ পৰা বৃহৎ সংখ্যক সৈন্য ভাৰতীয় সীমান্তত মোতায়েন কৰা হৈছে। চীনে কেৱল লাডাখতে নহয় ডোকলামতো একে ধৰণে সৈন্য মোতায়েন কৰিছে। পেন্টাগনৰ প্ৰতিবেদনত এইবুলিও উল্লেখ কৰা হৈছে যে চীনে ভাৰতীয় ভূখণ্ডত গাওঁ নিৰ্মাণ কৰিছে। অৱশ্যে, পেন্টাগনৰ প্ৰতিবেদনত অঞ্চলটোক "বিতৰ্কিত অঞ্চল" বুলি উল্লেখ কৰা হৈছে।
পেন্টাগনৰ প্ৰতিবেদন অনুসৰি চীনে ভাৰতীয় সীমান্তত যুদ্ধৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। অৱশ্যে  এই প্ৰতিবেদন সন্দৰ্ভত  নতুন দিল্লীয়ে এতিয়াও প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ