--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইজৰাইল-হামাছৰ যুদ্ধক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱত৷ যুদ্ধৰ ধৰ্মীয় দিশক লৈ বিশেষভাৱে মনোযোগী হৈ পৰিছে ভাগৱত৷ আৰ এছ এছ-ৰ মুৰব্বী মোহন ভাগৱতে শনিবাৰে কয় যে হিন্দু ধৰ্মই সকলো সম্প্ৰদায়ক সন্মান কৰে আৰু ভাৰতে কেতিয়াও হামাছ-ইজৰাইল যুদ্ধৰ দৰে বিষয়ত বিবাদ দেখা নাই।

তেওঁ ছত্ৰপতি শিৱাজী মহাৰাজৰ ৰাজ অভিষেকৰ ৩৫০ বছৰ উপলক্ষে এখন বিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধ সম্পৰ্কে এই মন্তব্য কৰে৷

তেওঁ কয়, এই দেশত এক ধৰ্ম আৰু সংস্কৃতি আছে, যি সকলো সম্প্ৰদায় আৰু ধৰ্মক সন্মান কৰে। হিন্দু ধৰ্ম সেই ধৰ্ম। এইখন হিন্দুৰ দেশ। ইয়াৰ অৰ্থ এইটো নহয় যে আমি আন সকলো ধৰ্মক প্ৰত্যাখ্যান কৰোঁ। এবাৰ আপুনি হিন্দু বুলি কোৱাৰ পাছত, মুছলমানসকলকো সুৰক্ষিত বুলি কোৱাৰ প্ৰয়োজন নাই।

কেৱল হিন্দুসকলেহে এনে কৰে বুলি উল্লেখ কৰে মোহন ভাগৱতে কয়, কেৱল ভাৰতেহে এনে কৰে। আনসকলে এনে কৰা নাই৷ বাকী সকলো ঠাইতে বিবাদ চলি আছে। আপোনালোক নিশ্চয় ইউক্ৰেইনৰ যুদ্ধ, হামাছ-ইজৰাইল যুদ্ধৰ বিষয়ে শুনিছে। আমাৰ দেশত কেতিয়াও এনে বিষয়ত যুদ্ধ হোৱা নাছিল। শিৱাজী মহাৰাজৰ সময়ত আক্ৰমণ সেই ধৰণৰ আছিল। কিন্তু আমি কেতিয়াও কাৰো সৈতে এই বিষয়ত যুঁজ দিয়া নাছিলোঁ। আৰু সেইবাবে আমি হিন্দু৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ