--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইজৰাইল-হামাছৰ যুদ্ধক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱত৷ যুদ্ধৰ ধৰ্মীয় দিশক লৈ বিশেষভাৱে মনোযোগী হৈ পৰিছে ভাগৱত৷ আৰ এছ এছ-ৰ মুৰব্বী মোহন ভাগৱতে শনিবাৰে কয় যে হিন্দু ধৰ্মই সকলো সম্প্ৰদায়ক সন্মান কৰে আৰু ভাৰতে কেতিয়াও হামাছ-ইজৰাইল যুদ্ধৰ দৰে বিষয়ত বিবাদ দেখা নাই।

তেওঁ ছত্ৰপতি শিৱাজী মহাৰাজৰ ৰাজ অভিষেকৰ ৩৫০ বছৰ উপলক্ষে এখন বিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধ সম্পৰ্কে এই মন্তব্য কৰে৷

তেওঁ কয়, এই দেশত এক ধৰ্ম আৰু সংস্কৃতি আছে, যি সকলো সম্প্ৰদায় আৰু ধৰ্মক সন্মান কৰে। হিন্দু ধৰ্ম সেই ধৰ্ম। এইখন হিন্দুৰ দেশ। ইয়াৰ অৰ্থ এইটো নহয় যে আমি আন সকলো ধৰ্মক প্ৰত্যাখ্যান কৰোঁ। এবাৰ আপুনি হিন্দু বুলি কোৱাৰ পাছত, মুছলমানসকলকো সুৰক্ষিত বুলি কোৱাৰ প্ৰয়োজন নাই।

কেৱল হিন্দুসকলেহে এনে কৰে বুলি উল্লেখ কৰে মোহন ভাগৱতে কয়, কেৱল ভাৰতেহে এনে কৰে। আনসকলে এনে কৰা নাই৷ বাকী সকলো ঠাইতে বিবাদ চলি আছে। আপোনালোক নিশ্চয় ইউক্ৰেইনৰ যুদ্ধ, হামাছ-ইজৰাইল যুদ্ধৰ বিষয়ে শুনিছে। আমাৰ দেশত কেতিয়াও এনে বিষয়ত যুদ্ধ হোৱা নাছিল। শিৱাজী মহাৰাজৰ সময়ত আক্ৰমণ সেই ধৰণৰ আছিল। কিন্তু আমি কেতিয়াও কাৰো সৈতে এই বিষয়ত যুঁজ দিয়া নাছিলোঁ। আৰু সেইবাবে আমি হিন্দু৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত