--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শুকুৰবাৰে দিল্লীৰ এখন আদালতে নেশ্যনেল হেৰাল্ডৰ ধনৰ অবৈধ সৰবৰাহৰ গোচৰত বৰ্তমানৰ বাবে কংগ্ৰেছৰ নেত্ৰী ছোনিয়া গান্ধী আৰু নেতা ৰাহুল গান্ধী তথা আনসকললৈ জাননী জাৰি কৰিবলৈ অমান্তি হয়। 

আইন বলৱৎকাৰী সঞ্চালকালয়ৰ (ইডি) অভিযোগৰ সংজ্ঞান (কগনিজেন্স অব্‌ কমপ্লেইন্ট) দাবী কৰা এখন আৱেদনৰ শুনানি গ্রহণ বিশেষ ন্যায়াধীশ বিশাল গোগনেয়ে কয় যে আইনৰ নতুন উপবন্ধ মতে, অভিযুক্তৰ শুনানি গ্রহণ নকৰাকৈ তেনে কৰিব নোৱাৰি। ইডিয়ে আদালতক অনুৰোধ জনায়, 'এই নির্দেশ লেহেম হোৱাটো নিবিচাৰোঁ। জাননী জাৰি কৰক।' 

অৱশ্যে ন্যায়াধীশে কয় যে জাননী প্রয়োজনীয় বুলি সন্তুষ্ট নোহোৱালৈকে আদালতে 'তেনে নির্দেশ দিব নোৱাৰে।' আদালতে কয় যে আদালতৰ ফাইল জিম্মাত ৰখা অলমেডে আলোকপাত কৰা অনুসৰি অভিযোগনামাত কিছু নির্দিষ্ট নথি নাই। ই ডিক এই নথিবোৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তাৰ পাছত আদালতে জাননী জাৰি কৰাৰ কথা বিবেচনা কৰিব।' ন্যায়াধীশে এই বিষয়টোত ২ মে'ত শুনানি গ্রহণ কৰিব।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ