--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ অভিজ্ঞ বেটছমেন বিৰাট কোহলীৰ ফৰ্ম এতিয়া ক্ৰীড়াজগতৰ আটাইতকৈ চৰ্চিত বিষয় হৈ পৰিছে। ২০১৯ চনৰ নৱেম্বৰৰ পিছত কোনো ফৰ্মেটত শতক অৰ্জন কৰা নাই সোঁহতীয়া বেটছমেনগৰাকীয়ে। অৱশ্যে কোহলীৰ বেটিং প্ৰদৰ্শনৰ বাবে কঠিন সময়ৰ সন্মুখীন হ’বলগীয়া হোৱাটো এয়া প্ৰথম নহয়। কোহলীৰ দিল্লী দলৰ প্ৰাক্তন সতীৰ্থ প্ৰদীপ ছাংৱানে বৰ্ণনা কৰিছে এটা পুৰণি ঘটনা। বিৰাট কোহলীয়ে কিয় কান্দিছিল আৰু ওৰে নিশা কিয় টোপনি অহা নাছিল?  সেই কথা শেহতীয়াকৈ বৰ্ণনা কৰিছে প্ৰদীপ ছাংৱানে।

দিল্লীৰ সতীৰ্থ বিৰাট কোহলীৰ বিষয়ে এটি কাহিনী মুকলিকৈ বৰ্ণনা কৰিছে গুজৰাট টাইটানছৰ খেলুৱৈ প্ৰদীপ ছাংৱানে। দিল্লীৰ ১৭ অনুৰ্দ্ধ দলৰ খেলুৱৈ হৈ থকা সময়তে এই ঘটনাটো সংঘটিত হৈছিল। প্ৰশিক্ষকে বিৰাটক ঠাট্টা কৰাৰ পৰিকল্পনা কৰিছিল বুলি জনাইছে ছাংৱানে। প্ৰদীপ ছাংৱানে কয়, ‘আমি পঞ্জাৱৰ ১৭ অনুৰ্দ্ধ দলৰ বিৰুদ্ধে এখন মেচ খেলিছিলো।  ২-৩ ইনিংছত ডাঙৰ স্ক’ৰ কৰিব নোৱাৰিলে কোহলীয়ে। সেই সময়ত আমাৰ প্ৰশিক্ষক আছিল অজিত চৌধুৰী, তেওঁ বিৰাটক ‘চিকু’ বুলি মাতিছিল।’

প্ৰদীপ ছাংৱানে লগতে কয়, ‘বিৰাট আমাৰ দলৰ মূল খেলুৱৈ আছিল আৰু অজিত ছাৰে ধেমালিতে উপদেশ দিছিল- বিৰাটক কওঁ যে তেওঁ পৰৱৰ্তী মেচত খেলিব নোৱাৰে। আমি সকলোৱে এই কুকৰ্মৰ লগত জড়িত হৈ পৰো আহা। দলীয় বৈঠকত অজিত ছাৰে বিৰাটৰ নাম ঘোষণা কৰা নাছিল। বিৰাটে নিজৰ ৰুমলৈ গৈ কান্দিবলৈ ধৰিলে। তেওঁ ছাৰক ফোন কৰি ক’লে, মই ২০০ আৰু ২৫০ ৰান কৰিছো। সঁচা কথা ক’বলৈ গ’লে সেই ছিজনত বিৰাটে ভাল প্ৰদৰ্শন আগবঢ়াইছিল। প্ৰশিক্ষকৰ কথাত ইমানেই আৱেগিক হৈ পৰিছিল।’

স্বাভাৱিকতে,  সম্পূৰ্ণৰূপে  বিচলিত হৈ পৰিছিল বিৰাট কোহলী। দিল্লীৰ বেগী বলাৰজনৰ কাষ চাপি নিজৰ ত্ৰুটিৰ বিষয়েও হেনো সুধিছিল কোহলীয়ে। এই ঘটনাৰ বাবে ওৰেটো নিশা টোপনি অহা নাছিল বিৰাটৰ। ছাংৱানে কয়, ‘তেতিয়া কোহলীয়ে মোৰ ওচৰলৈ আহি সুধিলে,‘ কোৱা, কি হ’ল? এই ছিজনত ইমান ৰান কৰিছো।’ মই তাক ক’লোঁ, ‘হয় হ’ব, সেইটো বৰ ভুল হৈছে!’  বিৰাটে কৈছিল, ‘মই খেলিব নোৱাৰিলে শুই থাকি কি লাভ?’ তাৰ পিছত, মই তেওঁক ক’লোঁ যে তেওঁ পৰৱৰ্তী মেচত খেলিব। এইটো এটা কৌতুকহে আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত