--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ অভিজ্ঞ বেটছমেন বিৰাট কোহলীৰ ফৰ্ম এতিয়া ক্ৰীড়াজগতৰ আটাইতকৈ চৰ্চিত বিষয় হৈ পৰিছে। ২০১৯ চনৰ নৱেম্বৰৰ পিছত কোনো ফৰ্মেটত শতক অৰ্জন কৰা নাই সোঁহতীয়া বেটছমেনগৰাকীয়ে। অৱশ্যে কোহলীৰ বেটিং প্ৰদৰ্শনৰ বাবে কঠিন সময়ৰ সন্মুখীন হ’বলগীয়া হোৱাটো এয়া প্ৰথম নহয়। কোহলীৰ দিল্লী দলৰ প্ৰাক্তন সতীৰ্থ প্ৰদীপ ছাংৱানে বৰ্ণনা কৰিছে এটা পুৰণি ঘটনা। বিৰাট কোহলীয়ে কিয় কান্দিছিল আৰু ওৰে নিশা কিয় টোপনি অহা নাছিল?  সেই কথা শেহতীয়াকৈ বৰ্ণনা কৰিছে প্ৰদীপ ছাংৱানে।

দিল্লীৰ সতীৰ্থ বিৰাট কোহলীৰ বিষয়ে এটি কাহিনী মুকলিকৈ বৰ্ণনা কৰিছে গুজৰাট টাইটানছৰ খেলুৱৈ প্ৰদীপ ছাংৱানে। দিল্লীৰ ১৭ অনুৰ্দ্ধ দলৰ খেলুৱৈ হৈ থকা সময়তে এই ঘটনাটো সংঘটিত হৈছিল। প্ৰশিক্ষকে বিৰাটক ঠাট্টা কৰাৰ পৰিকল্পনা কৰিছিল বুলি জনাইছে ছাংৱানে। প্ৰদীপ ছাংৱানে কয়, ‘আমি পঞ্জাৱৰ ১৭ অনুৰ্দ্ধ দলৰ বিৰুদ্ধে এখন মেচ খেলিছিলো।  ২-৩ ইনিংছত ডাঙৰ স্ক’ৰ কৰিব নোৱাৰিলে কোহলীয়ে। সেই সময়ত আমাৰ প্ৰশিক্ষক আছিল অজিত চৌধুৰী, তেওঁ বিৰাটক ‘চিকু’ বুলি মাতিছিল।’

প্ৰদীপ ছাংৱানে লগতে কয়, ‘বিৰাট আমাৰ দলৰ মূল খেলুৱৈ আছিল আৰু অজিত ছাৰে ধেমালিতে উপদেশ দিছিল- বিৰাটক কওঁ যে তেওঁ পৰৱৰ্তী মেচত খেলিব নোৱাৰে। আমি সকলোৱে এই কুকৰ্মৰ লগত জড়িত হৈ পৰো আহা। দলীয় বৈঠকত অজিত ছাৰে বিৰাটৰ নাম ঘোষণা কৰা নাছিল। বিৰাটে নিজৰ ৰুমলৈ গৈ কান্দিবলৈ ধৰিলে। তেওঁ ছাৰক ফোন কৰি ক’লে, মই ২০০ আৰু ২৫০ ৰান কৰিছো। সঁচা কথা ক’বলৈ গ’লে সেই ছিজনত বিৰাটে ভাল প্ৰদৰ্শন আগবঢ়াইছিল। প্ৰশিক্ষকৰ কথাত ইমানেই আৱেগিক হৈ পৰিছিল।’

স্বাভাৱিকতে,  সম্পূৰ্ণৰূপে  বিচলিত হৈ পৰিছিল বিৰাট কোহলী। দিল্লীৰ বেগী বলাৰজনৰ কাষ চাপি নিজৰ ত্ৰুটিৰ বিষয়েও হেনো সুধিছিল কোহলীয়ে। এই ঘটনাৰ বাবে ওৰেটো নিশা টোপনি অহা নাছিল বিৰাটৰ। ছাংৱানে কয়, ‘তেতিয়া কোহলীয়ে মোৰ ওচৰলৈ আহি সুধিলে,‘ কোৱা, কি হ’ল? এই ছিজনত ইমান ৰান কৰিছো।’ মই তাক ক’লোঁ, ‘হয় হ’ব, সেইটো বৰ ভুল হৈছে!’  বিৰাটে কৈছিল, ‘মই খেলিব নোৱাৰিলে শুই থাকি কি লাভ?’ তাৰ পিছত, মই তেওঁক ক’লোঁ যে তেওঁ পৰৱৰ্তী মেচত খেলিব। এইটো এটা কৌতুকহে আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ