--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিলাহীৰ পিছতে দেশৰ বজাৰত এতিয়া পিঁয়াজৰ দামে আকাশ চুইছে। এনে সময়তে কেন্দ্ৰীয় চৰকাৰে ২৯ অক্টোবৰৰ পৰা ৩১  ডিচেম্বৰ, ২০২৩  লৈকে পিঁয়াজৰ ৰপ্তানিৰ ওপৰত প্ৰতি মেট্ৰিক টন, এফ.ও.বি. আধাৰত ৮০০ মাৰ্কিন ডলাৰৰ নূন্যতম  ৰপ্তানি মূল্য (এমইপি) নিৰ্ধাৰণ কৰাৰ জাননী জাৰি কৰিছে। ঘৰুৱা গ্ৰাহকসকলৰ বাবে সুলভ মূল্যত পিঁয়াজৰ পৰ্যাপ্ত উপলব্ধতা বজাই ৰখাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে । কিয়নো পিঁয়াজ ৰপ্তানিৰ মাত্ৰা  নিয়ন্ত্ৰণ কৰি ২০২৩ ৰ সঞ্চিত ৰবি শস্যৰ  পৰিমাণ হ্ৰাস সন্তুলিত কৰিব বিচৰা হৈছে। 

প্ৰতি মেট্ৰিক টনত ৮০০  মাৰ্কিন ডলাৰৰ নূন্যতম  ৰপ্তানি মূল্য নিৰ্ধাৰণৰ অৰ্থ হৈছে প্ৰতি কিলোগ্ৰাম পিঁয়াজৰ মূল্য প্ৰায় ৬৭ টকাৰ সমান ।   পিঁয়াজ ৰপ্তানিৰ ওপৰত নূন্যতম  ৰপ্তানি মূল্য আৰোপ কৰাৰ সিদ্ধান্তৰ লগতে চৰকাৰে ইতিমধ্যে ক্ৰয় কৰা ৫  লাখ টনৰ উপৰি মজুতৰ  বাবে অতিৰিক্ত ২  লাখ টন পিঁয়াজ ক্ৰয় কৰাৰ কথাও ঘোষণা কৰিছে। মজুতস্থলীৰ পৰা পিঁয়াজ আগষ্টৰ দ্বিতীয় সপ্তাহৰ পৰা সমগ্ৰ দেশৰ মুখ্য  কেন্দ্ৰবোৰত নিৰন্তৰভাৱে আগবঢ়াই থকা হৈছে।  লগতে এনচিচিএফ আৰু এনএএফইডি-ৰ দ্বাৰা পৰিচালিত মোবাইল ভেনৰ জৰিয়তে খুচুৰা গ্ৰাহকসকলক  প্ৰতি কিলোগ্ৰাম পিঁয়াজ ২৫ টকাত যোগান ধৰা হৈছে। আজিলৈকে মজুতস্থলীৰ  পৰা প্ৰায় ১.৭০ লাখ মেট্ৰিক টন পিঁয়াজ যোগান  ধৰা হৈছে। 

পিঁয়াজ খেতিয়কসকলে লাভজনক মূল্য পোৱাটো নিশ্চিত কৰাৰ লগতে গ্ৰাহকসকলৰ বাবে মূল্য হ্ৰাস কৰাৰ বাবে মজুতস্থলীত পিঁয়াজৰ নিৰন্তৰ ক্ৰয় আৰু যোগান অব্যাহত ৰখা হৈছে৷প্ৰতি মেট্ৰিক টনত  ৮০০ মাৰ্কিন   ডলাৰ  নূন্যতম  ৰপ্তানি মূল্য  আৰোপ কৰি চৰকাৰে  ঘৰুৱা গ্ৰাহকসকলৰ বাবে পিঁয়াজ সুলভ কৰি তোলাৰ পদক্ষেপ তথা  সংকল্প গ্ৰহণ  কৰিছে।উল্লেখ্য  শেহতীয়াকৈ, দেশৰ পাইকাৰী বজাৰত পিয়াজৰ মূল্য বৃদ্ধি হোৱা আৰম্ভ হৈছে। ফলত ইয়াৰ প্ৰভাৱ খুচুৰা বজাৰতো পৰিছে। পিঁয়াজৰ ব্যৱসায়ীসকলে ইয়াৰ কাৰণ হিচাবে কৈছে  যে পিঁয়াজৰ এটা অংশ বৃহৎ অংশ সংৰক্ষণৰ সময়তে অপচয় হৈছে। ফলত বজাৰত পিঁয়াজৰ যোগান যোগান হ্ৰাস পাইছে। সেয়ে ক্ৰেতাসকলৰ মাজত পিয়াঁজে উদ্বেগ বৃদ্ধি কৰিছে। ব্যৱসায়ীসকলে আশংকা কৰিছে যে এই প্ৰৱণতা  পাইকাৰী বজাৰত পৰৱৰ্তী কেইমাহমানৰ বাবে  অব্যাহত থাকিব পাৰে।

নাছিক জিলাৰ নিফাদ তালুকাৰ লাচালগাওঁৰ পাইকাৰী বজাৰত প্ৰতি কুইন্টলত পিঁয়াজৰ মূল্য ভালে খিনি বৃদ্ধি পাইছে। দেশৰ সৰ্ববৃহৎ পিঁয়াজৰ বজাৰ খনত  মূল্য ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ কথাই অনাগত দিনত যে পিঁয়াজৰ মূল্য আকাশলংঘী হৈ পৰিব সেয়া নিশ্চিত। 

উল্লেখ্য ২০২৩  চনৰ প্ৰথম মাহৰ পৰা পাইকাৰী বজাৰত পিঁয়াজৰ মূল্য আছিল প্ৰতি কুইন্টলত ৯০০ টকাৰ পৰা ১,০০০ টকা। এতিয়া সেই দাম প্ৰায় ৬,০০০ টকা হৈছে।  ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন (নাফেড) আৰু ৰাষ্ট্ৰীয় সমবায় উপভোক্তা ফেডাৰেচন অফ ইণ্ডিয়া লিমিটেডে (এনচিচিএফ) কৃষকসকলক  সহায় কৰিবলৈ প্ৰায় তিনি লাখ টন পিঁয়াজৰ পোখা  ক্ৰয় কৰিছিল।

নাছিকৰ দিনডোৰী পাইকাৰী বজাৰৰ কমিছন এজেণ্ট সুৰেশ দেশমুখে কয়, "পাইকাৰী বজাৰত পিয়াজৰ ষ্টক হ্ৰাস পাইছে। এই বছৰৰ আৰম্ভণিতে আবতৰীয়া  বৰষুণ আৰু ব্যতিক্ৰমী উচ্চ তাপমাত্ৰাই পিঁয়াজৰ ওপৰত প্ৰভাৱ পেলাইছে। সুৰেশ দেশমুখে অনুমান কৰিছে যে প্ৰায় ৪০ শতাংশ পিঁয়াজ সংৰক্ষণ কৰাৰ সময়তে  অপচয় হৈছে। কৃষকসকলে লোকচানৰ বাবেই বিক্ৰীৰ হাৰ বৃদ্ধি কৰিছিল। সেইকাৰণে যোৱা কেইমাহমানত পিঁয়াজৰ  মূল্য হ্ৰাস পাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ