--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পৰিকল্পনা আছিল শ্বাহৰুখ তনয় আৰিয়ানক জালত পেলোৱা। পিছে চিকাৰীয়ে নিজে পতা জালত বন্দী হৈ ছটফট কৰি থকাহে দেখিবলৈ পোৱা গল মুম্বাইৰ প্ৰমোদ তৰীৰ ড্ৰাগছ কাণ্ডত। যোৱা বছৰৰ অক্টোবৰ মাহত মুম্বাইৰ কৰ্ডেলিয়া নামৰ ক্ৰুজখনত ড্ৰাগছ পাৰ্টীত অংশ লোৱা বুলি অভিযোগ কৰি এনচিবি-এ গ্ৰেপ্তাৰ কৰিছিল শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান আৰু আন কেইবাজনকো। 


এই অভিযানৰ নেতৃত্ব দিছিল সেইসময়ত মুম্বাইত এনচিবিৰ জনেল ডাইৰেক্টৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সমীৰ ৱাংখেৰেই। আৰিয়ানৰ গ্ৰেপ্তাৰক লৈ তোলপাৰ লাগিছিল সমগ্ৰ দেশতে। নানা অভিযোগ প্ৰতি অভিযোগেৰে তোলপাৰ লাগিছিল বলীউডতো। আৰিয়ানক গ্ৰেপ্তাৰৰ ঘটনাক লৈ সন্দেহৰ আৱৰ্তলৈ আহিছিল সমীৰ ৱাংখেৰেৰ ভূমিকা। 

এই ঘটনাক্ৰমৰ মাজত সোমাই পৰিছিল মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিক। তেওঁ সমীৰ ৱাংখেৰেৰ বিৰু্দ্ধে নানা বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল। সমীৰ ৱাংখেৰেই বলীউড তাৰকাক ব্লেকমেইল কৰা তথা ভুৱা গোচৰ ৰুজু কৰি ধন আদায় কৰাৰ দৰে নানা অভিযোগ উত্থাপন হৈছিল সমীৰ ৱাংখেৰেৰ বিৰুদ্ধে। অভিযোগ উঠিছিল আৰিয়ান খানৰ গ্ৰেপ্তাৰৰ আঁৰত ১৮ কোটি টকাৰ ডীল হোৱাৰ কথা। এনেবোৰ অভিযোগৰ পাছকে সমীৰ ৱাংখেৰেৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছিল এনচিবি-এ। কেৱল এয়াই নহয়, তেওঁক অব্যাহতি দিয়া হৈছিল এনচিবিৰ পৰাও। ইতিমধ্যে প্ৰায় ২৬ দিন কাৰাবন্দী হৈ থকাৰ পাছত জামিনত মুকলি হৈছিল আৰিয়ান খান। আৰু শুকুৰবাৰে তেওঁ আদালয়ে দিলে ক্লীন শ্বীট।

 

ম্বে উচ্চ ন্যায়ালয়ে আৰিয়ানৰ বিৰুদ্ধে ড্ৰাগছ গ্ৰহণ তথা সৰবৰাহৰ কোনো প্ৰমাণ নথকা বুলি উল্লেখ কৰি জামিন প্ৰদান কৰিছিল। তাৰ পাছত একেই প্ৰমাণৰ অভাৱত আৰিয়ানক দোষমুক্ত ঘোষণা কৰিলে এনচিবি-এ। কৰ্ডেলিয়া প্ৰমোদ তৰীৰ ড্ৰাগছৰ গোচৰ সন্দৰ্ভত এনচিবি-এ ৬০০০ পৃষ্ঠাৰ এখন চাৰ্জশ্বীট দাখিল কৰিছে আৰু তাতেই শ্বাহৰুখ তনয়ক ক্লীন শ্বীট দিয়া হৈছে। উল্লেখ্য যে, এই গোচৰত জড়িত থকাৰ অভিযোগত মুঠ ২৩জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। কিন্তু আৰিয়ানক ষড়যন্ত্ৰমূলকভাহে গ্ৰেপ্তাৰ কৰা হৈছিল বুলি উঠা অভিযোগ এতিয়া সত্য প্ৰমাণিত হোৱা বুলি কব পাৰি।

 

এনচিবিৰ এই ৰায়ৰ পাছত এতিয়া বিতৰ্কিত বিষয়া সমীৰ ৱাংখেৰেৰ মুখৰ মাত হৰিছে। তেওঁক এই প্ৰসংগত প্ৰশ্ন কৰাৰ সাংবাদিকৰ আগত মন্তব্য কৰিবলৈ অস্বীকাৰ কৰে। তেওঁ মাত্ৰ কয়, ছৰী, মই মন্তব্য কৰিব নোৱাৰোঁ। মই এতিয়া এনচিবিত নাই। আপোনালোকে এনচিবিৰ বিষয়াসকলক এই বিষয়ে সোধক। আৰিয়ানক গ্ৰেপ্তাৰ কৰি জুইৰ সৈতে ধেমালি কাৰ সমীৰ ৱাংখেৰেৰ এই অসহায় অৱ্স্থা এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।

 

উল্লেখ্য যে, সমীৰৰ বিৰুদ্ধে উঠা দুৰ্নীতিৰ অভিযোগৰ বাবেই তেওঁক এই গোচৰটোৰ পৰা আঁতৰাই দিয়া হৈছিল আৰু এই গোচৰৰ তদন্ত আৰম্ভ কৰিছিল এনচিবিৰ কেন্দ্ৰীয় দলে। ইফালে, এনচিবিৰ এই স্থিতিৰ পাছতে নৱাব মালিকৰ কন্যাই সত্যমেৱ জয়তে বুলি মন্তব্য কৰিছে। আনহাতে আৰিয়ানক ন্যায়িক সহযোগিতা আগবঢ়াই থকা দেশৰ প্ৰখ্যাত অধিবক্তা মুকুল ৰহতোগীয়ে এয়া শ্বাহৰুখৰ বাবে  ডাঙৰ সকাহ বুলি মন্তব্য কৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ