--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকাশ্মীৰত এতিয়া ইজনৰ পিছত সিজনকৈ ৰাজনীতিক চৰকাৰৰ ৰোষত পৰিছে৷ ৰাজনৈতিক জীৱনৰ অধিকাংশ সময় গৃহবন্দী হৈ থকা কাশ্মীৰৰ বহু ৰাজনীতিকক এতিয়া কেন্দ্ৰীয় চৰকাৰে বিভিন্ন গোচৰত জবাবদিহি কৰিবলৈ লৈছে৷ ইয়াকে লৈ ভূস্বৰ্গৰ পৰিবেশ লাহে লাহে পুনৰ উত্তপ হৈ পৰিছে৷ শেহতীয়াকৈ কাশ্মীৰৰ বিচ্ছন্নবাদী নেতা য়াছিন মালিকক নিয়াৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ কথাই কাশ্মীৰত উত্তেজনা বিয়পাই দিয়াৰ সময়তে এইবাৰ 
জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাক এটা গোচৰৰ সন্দৰ্ভত জাননী প্ৰদান কৰিছে এনফ’ৰ্ছমেন্ট  ডিৰেক্টৰেট (ইডি)য়ে৷ 

ফাৰুক আব্দুল্লাক  ৩১ মে'ত ইডিৰ শ্ৰীনগৰৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ কোৱা হৈছে৷  আব্দুল্লাই  জে এণ্ড কে ক্ৰিকেট এছ'চিয়েশ্যনৰ অধ্যক্ষ হৈ থাকোতে ৯৪.০৬ কোটি টকাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে৷  ইয়াৰ পূৰ্বে, ২০২০ চনৰ অক্টোবৰ মাহতো নেচনেল কনফাৰেন্সৰ নেতা ফাৰুক আব্দুল্লাক ক্ৰিকেট এছ'চিয়েশ্যনৰ কেলেংকাৰি সন্দৰ্ভত অনুসন্ধানকাৰী সংস্থা্যোৱে দুবাৰকৈ মাতি পঠিয়াইছিল।

সেইসময়ত গৃহবন্দিত্বৰ পৰা মুক্তি হোৱাৰ পাছত পুনৰ এক নতুন বিপদে দেখা দিছিল জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নেশ্যনেল কনফাৰেন্সৰ মুৰব্বী আব্দুল্লাৰ। পূৰ্বে কাশ্মীৰত ক্ৰিকেট কেলেংকাৰিৰ গোচৰত আব্দুল্লাৰ প্ৰায় ১২ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিছিল এনফ’ৰ্ছমেন্ট  ডিৰেক্টৰেট (ইডি)য়ে। ফাৰুক আব্দুল্লাই ইডিৰ এই কাৰ্যক কেন্দ্ৰৰ প্ৰতিশোধমূলক ব্যৱস্থা বুলি অভিহিত কৰি আহিছে। 

২০০৬চনৰ পৰা ২০১২ চন পৰ্যন্ত জম্মু-কাশ্মীৰ ক্ৰিকেট এছ’চিয়েশ্যনত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে।
ফাৰুক আব্দুল্লা সেই সময়ছোৱাত ক্ৰিকেট এছ’চিয়েশ্যনটোৰ সভাপতি আছিল। উক্ত সময়ছোৱাত জম্মু-কাশ্মীৰ ক্ৰিকেট এছ’চিয়েশ্যনে বিচিচিআইৰ পৰা ১০৯.৭৮কোটি টকা লাভ কৰিছিল। ইমান বৃহৎ টকাৰ হিচাপত দুৰ্নীতিৰ উৎস বিচাৰিয়েই ইডিয়ে তদন্ত আৰম্ভ কৰে। ২০১৮ চনত এই দুৰ্নীতিৰ সৈতে আব্দুল্লা পৰিয়ালৰ নাম জড়িত হৈ পৰিছিল।

ইডিয়ে এনে অভিযোগৰ পিছতে ২০২০ চনৰ ডিচেম্বৰ মাহত ফাৰুক আব্দুল্লাৰ ১১.৮৬কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিছিল। বাজেয়াপ্ত কৰা সম্পত্তিৰ ভিতৰত আছিল তিনিটা আৱাস আৰু চাৰি টুকুৰা মাটি । ভাতিণ্ডি, সুনজৱান গাঁওত ফাৰুক আব্দুল্লাই ক্ৰিকেট এছ’চিয়েশ্যনৰ সভাপতি হৈ থকা সময়ত বনাঞ্চলৰ ভূমি দখল কৰি আৱাস নিৰ্মাণ কৰাৰ অভিযোগ উঠিছিল। তদুপৰি, ২৫কোটি টকা লেনদেনৰ ক্ষেত্ৰতো বৈধ নথি পোৱা নাই বুলি ইডিয়ে দাবী কৰিছিল৷
আনহাতে, ফাৰুক আব্দুল্লাই ইডিৰ পদক্ষেপত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে  এয়া তেওঁক ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান