--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকাশ্মীৰত এতিয়া ইজনৰ পিছত সিজনকৈ ৰাজনীতিক চৰকাৰৰ ৰোষত পৰিছে৷ ৰাজনৈতিক জীৱনৰ অধিকাংশ সময় গৃহবন্দী হৈ থকা কাশ্মীৰৰ বহু ৰাজনীতিকক এতিয়া কেন্দ্ৰীয় চৰকাৰে বিভিন্ন গোচৰত জবাবদিহি কৰিবলৈ লৈছে৷ ইয়াকে লৈ ভূস্বৰ্গৰ পৰিবেশ লাহে লাহে পুনৰ উত্তপ হৈ পৰিছে৷ শেহতীয়াকৈ কাশ্মীৰৰ বিচ্ছন্নবাদী নেতা য়াছিন মালিকক নিয়াৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ কথাই কাশ্মীৰত উত্তেজনা বিয়পাই দিয়াৰ সময়তে এইবাৰ 
জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাক এটা গোচৰৰ সন্দৰ্ভত জাননী প্ৰদান কৰিছে এনফ’ৰ্ছমেন্ট  ডিৰেক্টৰেট (ইডি)য়ে৷ 

ফাৰুক আব্দুল্লাক  ৩১ মে'ত ইডিৰ শ্ৰীনগৰৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ কোৱা হৈছে৷  আব্দুল্লাই  জে এণ্ড কে ক্ৰিকেট এছ'চিয়েশ্যনৰ অধ্যক্ষ হৈ থাকোতে ৯৪.০৬ কোটি টকাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে৷  ইয়াৰ পূৰ্বে, ২০২০ চনৰ অক্টোবৰ মাহতো নেচনেল কনফাৰেন্সৰ নেতা ফাৰুক আব্দুল্লাক ক্ৰিকেট এছ'চিয়েশ্যনৰ কেলেংকাৰি সন্দৰ্ভত অনুসন্ধানকাৰী সংস্থা্যোৱে দুবাৰকৈ মাতি পঠিয়াইছিল।

সেইসময়ত গৃহবন্দিত্বৰ পৰা মুক্তি হোৱাৰ পাছত পুনৰ এক নতুন বিপদে দেখা দিছিল জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নেশ্যনেল কনফাৰেন্সৰ মুৰব্বী আব্দুল্লাৰ। পূৰ্বে কাশ্মীৰত ক্ৰিকেট কেলেংকাৰিৰ গোচৰত আব্দুল্লাৰ প্ৰায় ১২ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিছিল এনফ’ৰ্ছমেন্ট  ডিৰেক্টৰেট (ইডি)য়ে। ফাৰুক আব্দুল্লাই ইডিৰ এই কাৰ্যক কেন্দ্ৰৰ প্ৰতিশোধমূলক ব্যৱস্থা বুলি অভিহিত কৰি আহিছে। 

২০০৬চনৰ পৰা ২০১২ চন পৰ্যন্ত জম্মু-কাশ্মীৰ ক্ৰিকেট এছ’চিয়েশ্যনত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে।
ফাৰুক আব্দুল্লা সেই সময়ছোৱাত ক্ৰিকেট এছ’চিয়েশ্যনটোৰ সভাপতি আছিল। উক্ত সময়ছোৱাত জম্মু-কাশ্মীৰ ক্ৰিকেট এছ’চিয়েশ্যনে বিচিচিআইৰ পৰা ১০৯.৭৮কোটি টকা লাভ কৰিছিল। ইমান বৃহৎ টকাৰ হিচাপত দুৰ্নীতিৰ উৎস বিচাৰিয়েই ইডিয়ে তদন্ত আৰম্ভ কৰে। ২০১৮ চনত এই দুৰ্নীতিৰ সৈতে আব্দুল্লা পৰিয়ালৰ নাম জড়িত হৈ পৰিছিল।

ইডিয়ে এনে অভিযোগৰ পিছতে ২০২০ চনৰ ডিচেম্বৰ মাহত ফাৰুক আব্দুল্লাৰ ১১.৮৬কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত কৰিছিল। বাজেয়াপ্ত কৰা সম্পত্তিৰ ভিতৰত আছিল তিনিটা আৱাস আৰু চাৰি টুকুৰা মাটি । ভাতিণ্ডি, সুনজৱান গাঁওত ফাৰুক আব্দুল্লাই ক্ৰিকেট এছ’চিয়েশ্যনৰ সভাপতি হৈ থকা সময়ত বনাঞ্চলৰ ভূমি দখল কৰি আৱাস নিৰ্মাণ কৰাৰ অভিযোগ উঠিছিল। তদুপৰি, ২৫কোটি টকা লেনদেনৰ ক্ষেত্ৰতো বৈধ নথি পোৱা নাই বুলি ইডিয়ে দাবী কৰিছিল৷
আনহাতে, ফাৰুক আব্দুল্লাই ইডিৰ পদক্ষেপত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে  এয়া তেওঁক ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ