--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত দুবছৰত আমাৰ দৈনন্দিন জীৱনৰ নিৰন্তৰ সংগী হৈ পৰিছে মাক্স আৰু ছেনিটাইজাৰ। কাৰণ কৰ’না। কিন্তু যেতিয়া কৰ’নাৰ দৰে মাৰণ ভাইৰাছবিধৰ পৰা পৰিত্ৰাণ পাবলৈ ছেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে, সেই ছেনিটাইজাৰে এতিয়া আতংকৰ কাৰণ হৈ পৰিছে হায়দৰাবাদত। নিজামছ ইনষ্টিটিউট অৱ মেডিকেল ছাইন্সেছ অৰ্থাত্‍ এনআইএমএছৰ মতে, বিগত এবছৰত চহৰখনত ছেনিটাইজাৰ সেৱন কৰি ৮০ গৰাকী লোকে আত্মহত্যাৰ চেষ্টা কৰিছে। হায়দৰাবাদ চহৰৰ উপৰি, ওচৰৰ অঞ্চলবোৰৰ পৰাও এনে ২০টা ঘটনা পোহৰলৈ আহিছে। এনে ধৰণৰ বহু ঘটনা নথিভুক্ত নহয় বাবে এই সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰিছে বিশেষজ্ঞসকলে।

স্বাস্থ্য বিশেষজ্ঞসকলে কয়, ‘ক’ভিড পৰিস্থিতিৰ বাবে এতিয়া ছেনিটাইজাৰ একেবাৰে সহজলভ্য। কিছুমান মানুহে সুৰাৰ সৈতে ছেনিটাইজাৰ মিহলি কৰি সেৱন কৰাৰ খবৰো পোহৰলৈ আহিছে। এনআইএমএছৰ ঔষধ বিভাগৰ মুৰব্বী ডাঃ অসীমা শৰ্মাই কয়, ‘কিছুমানে পোনপটীয়াকৈ ছেনিটাইজাৰ সেৱন কৰি আত্মহত্যাৰ চেষ্টা চলাইছে। কোনোবাই আকৌ সুৰাৰ সৈতে মিহলি কৰি সেৱন কৰিছে। মহামাৰীৰ আৰম্ভণিৰ পাছতেই ছেনিটাইজাৰৰ ব্যৱহাৰ অত্যাধিক হাৰত বৃদ্ধি পাইছে। কিয়নো ই সহজে উপলব্ধ।’

ডাঃ অসীমা শৰ্মাই লগতে কয় যে, ‘আটাইতকৈ দুখজনক কথাটো হ'ল যিসকলে আত্মহত্যাৰ চেষ্টা কৰিছে তেওঁলোকৰ বেছিভাগেই কম বয়সীয়া। এওঁলোকৰ ভিতৰত কেইবাজনো কৃষক আৰু গ্ৰামাঞ্চলৰ বাসিন্দা। ছেনিটাইজাৰ সেৱনৰ  ফলত তেওঁলোকৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি হোৱা পৰিলক্ষিত হয়।’

চিকিৎসক শৰ্মাই লগতে কয়, ‘ছেনিটাইজাৰে অন্ত্ৰৰ নলী জ্বলাই দিয়ে। অৱশ্যে, কেইবাটাও অস্ত্ৰোপচাৰৰ পাছত, এই ৰোগীসকলে লাহে লাহে আৰোগ্য লাভ কৰে।’  চহৰখনৰ চৰকাৰী চিকিৎসালয়ৰ এজন কনিষ্ঠ চিকিৎসকে কৈছিল যে, ‘ হোষ্টেলত বাস কৰা আৰু পৰীক্ষাত ভাল প্ৰদৰ্শন নকৰা বহুতো শিক্ষাৰ্থীৰ আত্মহত্যাৰ প্ৰৱণতা বৃদ্ধি পোৱা দেখা গৈছে। এনে বহুতো ৰোগী আমাৰ চিকিৎসালয়লৈ আহিছে।’

ইফালে, এক সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি অতিমাৰীৰ বাবে বজাৰত উপলব্ধ ছেনিটাইজাৰৰ ৫০ শতাংশই নকল। হায়দৰাবাদৰ এনে ঘটনা পোহৰলৈ অহাৰ পাছতে স্বাস্থ্য বিশেষজ্ঞ সকলে সকলোলৈ সতৰ্কবাৰ্তা প্ৰেৰণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ