--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কাঁৰ 'গালা ইভেণ্ট'ৰ ৭৮ সংখ্যক সংস্কৰণত অংশ লৈ অভিনেত্ৰী ঐশ্বৰ্য ৰায়ে হাঁহিমুখৰে নমস্কাৰ জনাই সকলোৰে বিশেষ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। অৱশেষত 'ৰেড কাৰ্পেট'ত খোজ দিলে মোহময়ী অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনে। ঐশ্বৰ্য ৰায় বচ্চনৰ চৰ্চাৰ বিষয়টো হ'ল কাঁ মহোৎসৱত তেওঁৰ শিৰত জিলিকাই লোৱা সেন্দূৰখিনি। 
May be an image of 1 person and text
'অপাৰেশ্যন সিন্দূৰ’ক আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰতিনিধিত্ব কৰি শিৰত জিলিকাই সেন্দূৰ লৈ ইতিমধ্যে অভিনেত্ৰীগৰাকীয়ে বিশেষ চৰ্চা লাভ কৰিছে। 'কাঁ মহোৎসৱ ২০২৫'ত অভিনেত্ৰী গৰাকীয়ে তেওঁৰ সৌন্দৰ্য প্ৰদৰ্শন কৰে শাৰী, পৰম্পৰাগত ভাৰতীয় গহনা পিন্ধি, শিৰত সেন্দূৰ লৈ। ঐশ্বৰ্য ৰায় বচ্চনে ৰাজকীয় আভাস থকা হাতেৰে বোৱা বগা বানাৰসী শাৰী আৰু ৫০০ কেৰেট মোজাম্বিক ৰুবী আৰু 'আনকাট' হীৰাৰে তেওঁৰ 'লুক' সম্পূৰ্ণ কৰিছে। 
May be an image of 1 person
ইয়াতকৈ চৰ্চিত আন এটা দিশ হৈছে ঐশ্বৰ্যৰ শিৰৰ সেন্দূৰ। ঐশ্বৰ্যই ‘অপাৰেশ্যন সেন্দূৰ’ক আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰতিনিধিত্ব কৰি এইদৰে জিলিকাই সেন্দূৰ লৈছে বুলি এতিয়া চৌদিশে চৰ্চা চলিছে। আনহাতে কাঁ মহোৎসৱত অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনৰ সৌন্দৰ্যত মুহিত হৈ সকলোৱে অভিনেত্ৰীগৰাকীক প্ৰশংসা কৰিছে।
উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ