--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কেন্দ্রীয় চৰকাৰৰ প্রতিভাসন্ধানী ৰাষ্ট্ৰীয় প্রতিযোগিতা খেল' ইণ্ডিয়া যুৱ ক্রীড়াৰ সপ্তম সংক্ষৰণ আজিৰে পৰা বিহাৰত অনুষ্ঠিত হ'ব। পোন প্রথমবাৰৰ বাবে বিহাৰে এই ক্রীড়া প্রতিযোগিতা আয়োজন কৰিছে। ৰাজ্যৰ পাঁচখন চহৰত প্রতিযোগিতাৰ খেল অনুষ্ঠিত কৰাৰ বিপৰীতে শ্বুটিং, জিমনাষ্টিকছ আৰু ট্রেক চাইক্লিং নতুন দিল্লীত হ'ব। এইবাৰ প্রতিযোগিতাত ২৭বিধ খেল অন্তর্ভুক্ত কৰা হৈছে। আনহাতে, ই-স্প'র্টছ প্রদর্শনী ইভেণ্ট ৰূপে থাকিব। 

দেশৰ ৩৬খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত ৰাজ্যৰ প্ৰায় দহ হাজাৰ খেলুৱৈয়ে প্রতিযোগিতাত অংশগ্রহণ নিশ্চিত কৰিছে। অহা ১৫ মে'লৈ অনুষ্ঠিত হ'বলগীয়া সপ্তম খেল' ইণ্ডিয়া যুৱ ক্ৰীড়াত খেলুৱৈয়ে ২৪৫টাকৈ সোণ আৰু ৰূপ তথা ৩০২টা ব্ৰঞ্জৰ পদকৰ বাবে প্রতিদ্বন্দ্বিতাত নামিব। আজি আবেলি ৬-৩০ বজাত পাটনাত প্রতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব যদিও পুৱাৰে পৰাই তিনিটা ইভেণ্টৰ প্ৰাৰম্ভিক ৰাউণ্ডৰ খেল আৰম্ভ হয়। 

আজি ভাগলপুৰত আৰ্চাৰী, ৰাজগিৰত কাবাদী আৰু পাটনাত ভলীবল অনুষ্ঠিত হ'ব। অসমৰ খেলুৱৈয়ে আৰ্চাৰীত যোগ্যতা অর্জনত ব্যর্থ হয় যদিও ৰাজ্যৰ ছোৱালীৰ কাবাদী আৰু ভলীবল দলে আজি গ্ৰুপৰ মেচত অংশ ল'ব। 

ইতিমধ্যে ভলীবলৰ সূচী প্রকাশ পাইছে। পুল 'বি'ত স্থান লাভ কৰা অসমৰ ছোৱালী দলে আজি বিয়লি পাঁচ বজাত ৰাজস্থানৰ বিৰুদ্ধে প্রথম মেচ খেলিব। অংশগ্ৰহণকাৰী আঠটা দলক দুটা গ্ৰুপত ভাগ কৰা হৈছে। উভয় গ্ৰুপৰ শীৰ্ষ চাৰিটা দলে ছেমি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব। অসমৰ গ্ৰুপৰ আন দুটা দল হ'ল-গুজৰাট আৰু কেৰালা। ইফালে, কাবাদীৰ সূচী নিশা প্রকাশ পাব। উল্লেখযোগ্য যে প্রতিযোগিতাত ২৭বিধ খেল অন্তর্ভুক্ত কৰা হৈছে যদিও অসমে ১৭বিধ খেলত প্ৰতিদ্বন্দ্বিতা  কৰিব। অসমে দলটোৰ সদস্যৰ সংখ্যা হ'ল ১৩৫। ইয়াৰে ১০৫গৰাকী এথলীট। ল'ৰা ৪২ আৰু ছোৱালী ৬৩গৰাকী। ইতিমধ্যে ৯ বিধ খেলৰ খেলুৱৈ বিহাৰৰ বিভিন্ন ক্রীড়াস্থলীত উপস্থিত হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত