--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কেন্দ্রীয় চৰকাৰৰ প্রতিভাসন্ধানী ৰাষ্ট্ৰীয় প্রতিযোগিতা খেল' ইণ্ডিয়া যুৱ ক্রীড়াৰ সপ্তম সংক্ষৰণ আজিৰে পৰা বিহাৰত অনুষ্ঠিত হ'ব। পোন প্রথমবাৰৰ বাবে বিহাৰে এই ক্রীড়া প্রতিযোগিতা আয়োজন কৰিছে। ৰাজ্যৰ পাঁচখন চহৰত প্রতিযোগিতাৰ খেল অনুষ্ঠিত কৰাৰ বিপৰীতে শ্বুটিং, জিমনাষ্টিকছ আৰু ট্রেক চাইক্লিং নতুন দিল্লীত হ'ব। এইবাৰ প্রতিযোগিতাত ২৭বিধ খেল অন্তর্ভুক্ত কৰা হৈছে। আনহাতে, ই-স্প'র্টছ প্রদর্শনী ইভেণ্ট ৰূপে থাকিব। 

দেশৰ ৩৬খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত ৰাজ্যৰ প্ৰায় দহ হাজাৰ খেলুৱৈয়ে প্রতিযোগিতাত অংশগ্রহণ নিশ্চিত কৰিছে। অহা ১৫ মে'লৈ অনুষ্ঠিত হ'বলগীয়া সপ্তম খেল' ইণ্ডিয়া যুৱ ক্ৰীড়াত খেলুৱৈয়ে ২৪৫টাকৈ সোণ আৰু ৰূপ তথা ৩০২টা ব্ৰঞ্জৰ পদকৰ বাবে প্রতিদ্বন্দ্বিতাত নামিব। আজি আবেলি ৬-৩০ বজাত পাটনাত প্রতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব যদিও পুৱাৰে পৰাই তিনিটা ইভেণ্টৰ প্ৰাৰম্ভিক ৰাউণ্ডৰ খেল আৰম্ভ হয়। 

আজি ভাগলপুৰত আৰ্চাৰী, ৰাজগিৰত কাবাদী আৰু পাটনাত ভলীবল অনুষ্ঠিত হ'ব। অসমৰ খেলুৱৈয়ে আৰ্চাৰীত যোগ্যতা অর্জনত ব্যর্থ হয় যদিও ৰাজ্যৰ ছোৱালীৰ কাবাদী আৰু ভলীবল দলে আজি গ্ৰুপৰ মেচত অংশ ল'ব। 

ইতিমধ্যে ভলীবলৰ সূচী প্রকাশ পাইছে। পুল 'বি'ত স্থান লাভ কৰা অসমৰ ছোৱালী দলে আজি বিয়লি পাঁচ বজাত ৰাজস্থানৰ বিৰুদ্ধে প্রথম মেচ খেলিব। অংশগ্ৰহণকাৰী আঠটা দলক দুটা গ্ৰুপত ভাগ কৰা হৈছে। উভয় গ্ৰুপৰ শীৰ্ষ চাৰিটা দলে ছেমি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব। অসমৰ গ্ৰুপৰ আন দুটা দল হ'ল-গুজৰাট আৰু কেৰালা। ইফালে, কাবাদীৰ সূচী নিশা প্রকাশ পাব। উল্লেখযোগ্য যে প্রতিযোগিতাত ২৭বিধ খেল অন্তর্ভুক্ত কৰা হৈছে যদিও অসমে ১৭বিধ খেলত প্ৰতিদ্বন্দ্বিতা  কৰিব। অসমে দলটোৰ সদস্যৰ সংখ্যা হ'ল ১৩৫। ইয়াৰে ১০৫গৰাকী এথলীট। ল'ৰা ৪২ আৰু ছোৱালী ৬৩গৰাকী। ইতিমধ্যে ৯ বিধ খেলৰ খেলুৱৈ বিহাৰৰ বিভিন্ন ক্রীড়াস্থলীত উপস্থিত হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ