--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থান ৰয়েলছৰ (আৰ আৰ) বিৰুদ্ধে দেওবাৰৰ খেলত ১ ৰানত শ্বাসৰুদ্ধকৰ জয়েৰে কলকাতা নাইট ৰাইডাৰ্ছে (কে কে আৰ) আই পি এলত প্লে'-অফৰ আশা সজীৱ ৰাখে। প্লে'-অফৰ দৌৰৰ পৰা ইতিমধ্যেই বাহিৰ হোৱা ৰাজস্থান ৰয়েলছে ২০৭ ৰানৰ জয়ৰ লক্ষ্য অনুসৰণ কৰি ৮ উইকেটত ২০৫ ৰানত থমকি ৰ'বলগীয়া হয়। 

অধিনায়ক ৰিয়ান পৰাগে ৪৫টা বলত ছটা চাৰি আৰু আঠটা ছয়েৰে ৯৫ ৰান কৰিলেও দলক জয়ৰ লক্ষ্যলৈ তুলি নিয়াত ব্যর্থ হয়। ৰাজস্থানে এটা সময়ত ৭.৫ অ'ভাৰত ৭১ ৰানতে ৫টা উইকেট হেৰুৱাইছিল। সেই সময়ত ৰিয়ান বাহিনীক ৪৮টা বলত প্রয়োজন আছিল ১০৫ ৰানৰ। পিছে ৰিয়ানে ৪৫টা বলত নব্বৈ ঊর্ধ্বৰ বৰঙনিৰে দলৰ জয়ৰ আশা সজীৱ ৰাখে। কিন্তু কে কে আৰৰ অধিনায়ক আজিংক্য ৰাহানেই বলিং সালসলনিৰে খেলৰ দিশ সলনি কৰে। ৰিয়ানে ৯৫ ৰানত আউট হৈ আই পি এলত নিজৰ প্ৰথমটো শতকৰ পৰা বঞ্চিত হয়। তাৰ মাজতে ৰিয়ানে দুটা অ'ভাৰত ৬টা ছয় কোবায়। আনহাতে, অন্তিম অ'ভাৰত বলিং কৰিবলৈ অহা বৈভৱ আৰোৰাই চাপ একাষৰীয়া কৰি আৰ আৰক ৮ উইকেটত ২০৫ ৰানত সীমিত ৰাখে।

অধিনায়ক ৰিয়ানৰ উপৰি যশস্বী জয়ছোৱালে ৩৪, ছিমৰন হেটমেয়ৰে ২৯ আৰু শিভম ডুবেই অপৰাজিত ২৫ ৰানৰ অৱদান যোগায়। কে কে আৰৰ হৈ বৰুণ চক্ৰৱৰ্তী, মঈন আলী আৰু হৰ্ষিত ৰাণাই দুটাকৈ উইকেট দখল কৰে। ইয়াৰ আগেয়ে মাৰমুখী বেটাৰ আন্দ্ৰে ৰাছেলৰ ২৫টা বলত ৪টা চাৰি আৰু ছটা ছয় সম্বলিত অপৰাজিত ৫৭ ৰানেৰে কলকাতা নাইট ৰাইডাৰ্ছে ৪ উইকেটত ২০৬ ৰান কৰে। নিজৰ গুৰুত্বপূৰ্ণ খেলখনত কলকাতাৰ হৈ অংগকৃশ ৰঘুবংশী (৪৪), অ'পেনাৰ ৰহমনুল্লাহ গুৰবাজ (৩৫) আৰু অধিনায়ক আজিংক্য ৰাহানেই (৩০) উপযোগী বৰঙনি যোগায়। ৰাজস্থানৰ হৈ জুফ্ৰা আৰ্চৰ (১-৩০), যুদ্ধবীৰ সিং চৰক (১-২৬), মহীশ ঠিকছানা (১-৪১) আৰু অধিনায়ক ৰিয়ান পৰাগে (১-২১) এটাকৈ উইকেট দখল কৰে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ