--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হওঁতে ছোহেইল খানৰ নামো তাৰকাৰ শাৰীতে উচ্চাৰিত হয়। কিন্তু কৃতিত্ব বুলিবলৈ বৰ বিশেষ নাই। ছলমান খানৰ ভাতৃ বুলিহে তেওঁৰ পৰিচয় সকলোৱে সহজে অনুধাৱন কৰিব পাৰে। বিখ্যাত খান পৰিয়ালৰ কনিষ্ঠ প্ৰতিনিধি ছোহেইল খান এতিয়া  চৰ্চালৈ আহিছে। অৱশ্যে কোনো অসাধাৰণ কৃতিত্বৰ বাবে নহয়, বিবাব বিচ্ছেদৰ বাবেহে।

তাৰকা দম্পতীৰ বিবাহ বিচ্ছেদৰ খবৰো আজিকালি হটকেক বুলি বিবেচিত নহয়। কিন্তু এই বিবাহ বিচ্ছেদৰ খবৰৰ আঁৰত আন এটা খবৰ ঢাক খাই আছে। ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক তথা তাৰকা ক্ৰিকেটাৰ ৰোহিত শৰ্মা এই খবৰৰ মাজত শালৰ মাজত শিঙি হৈ আহিছে। কিন্তু কেনেকৈ? 

ছলমান খানৰ ভাতৃ ছোহেইল আৰু তেওঁৰ পত্নীয়ে এইবাৰ তেওঁলোকৰ ২৪ বছৰীয়া যুগ্ম জীৱনৰ ইতিৰেখা টানিব বিচাৰিছে। ছোহেইল খান আৰু সীমা সচদেৱ খানে শুকুৰবাৰে মুম্বাইৰ এখন পাৰিবাৰিক আদালতত বিবাহ বিচ্ছেদৰ গোচৰ ৰুজু কৰিছে। আদালতৰ বাহিৰত তেওঁলোকৰ আলোকচিত্ৰক লৈ এতিয়া সমগ্ৰ বলীউডতে হট্টগোল লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু এই হট্টগোল অথবা হৈ চৈৰ মাজত তাৰকা ক্ৰিকেটাৰ ৰোহিত শৰ্মাৰ সৈতে সীমাৰ সম্পৰ্কক লৈ তীব্ৰ চৰ্চা চলিছে। কিন্তু কিহৰ বাবে এই চৰ্চা? ৰোহিতৰ সৈতে সীমাৰ সম্পৰ্ক কি?

বহুতে এই প্ৰশ্নটোৰ উত্তৰ বিচাৰিবলৈ আৰম্ভ কৰিছে। আৰু সেয়া হোৱাটো অস্বাভাৱিকো নহয়! চেলিব্ৰিটী জগতত অস্বাভাৱিক যেন লগা কিছুমান ঘটনা ঘটিয়েই থাকে।  ১৯৯৮ চনত ছোহেইল সীমাৰ বিবাহৰ পাছত তেওঁলোক ইমান বছৰে একেলগে আছিল। দম্পতীহালৰ দুটা সন্তানো আছে। অৱশ্যে, কেইবছৰমান আগতে তেওঁলোকৰ বিচ্ছেদক লৈ চৰ্চা আৰম্ভ হৈছিল। ইয়াৰ আঁৰত ৰোহিতৰ কিবা ভূমিকা আছিল নেকি? বিভিন্ন ধৰণৰ চৰ্চা তুংগত থকা সময়ত প্ৰকৃত সত্য প্ৰকাশ হোৱাটো জৰুৰী। পিছে এই সত্যনো কি!

সীমা হৈছে বাণ্টি সচদেৱৰ ভগ্নী। বাণ্টি ষ্টাৰ কাষ্টৰ এটা সুপৰিচিত নাম। তেওঁ কৰ্ণাৰষ্টোন স্পৰ্টছ এণ্ড এণ্টাৰটেইনমেণ্ট নামৰ এটা ইভেণ্ট মেনেজমেণ্ট প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী। কোম্পানীটোৰ সৈতে বিৰাট কোহলী, কে এল ৰাহুল, ঋষভ পণ্টৰ দৰে তাৰকা ক্ৰিকেটাৰো জড়িত হৈ আছে। আকৌ তেওঁৰ কোম্পানীয়ে বহুতো তাৰকাৰ পৰামৰ্শদাতা হিচাপেও কাম কৰে। সীমা আৰু বাণ্টিৰ সম্পৰ্কীয় ভগ্নী ৰৈছে ৰিতিকা সচদেৱ। পিছে 'হিটমেন' ৰোহিতৰ নাম এই ঘটনাৰ সৈতে কেনেকৈ সাঙোৰ খাই পৰিল? সেয়া এতিয়াও আপোনাৰ কাৰণে অবোধ্য হৈ আছে নেকি! তেন্তে আৰু স্পষ্টকৈ কৈছোঁ শুনক, ৰোহিতৰ পত্নী হৈছে ৰিতিকা। অৰ্থাত ঘূৰি-পকি হ’লেও ৰিতিকাৰ জৰিয়তেই সীমা সচদেৱৰ সৈতে ৰোহিতৰ আছে ঘৰুৱা সম্পৰ্ক। সীমা-ছোহেইলৰ বিচ্ছেদৰ আঁৰত ৰোহিতৰ কোনো ভূমিকা নাই যদিও তেওঁলোকৰ বিচ্ছেদৰ প্ৰসংগৰ লগতে হিটমেনৰ সৈতে সীমাৰ আত্মীয়তাৰ কথাও চৰ্চালৈ আহিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ