--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হওঁতে ছোহেইল খানৰ নামো তাৰকাৰ শাৰীতে উচ্চাৰিত হয়। কিন্তু কৃতিত্ব বুলিবলৈ বৰ বিশেষ নাই। ছলমান খানৰ ভাতৃ বুলিহে তেওঁৰ পৰিচয় সকলোৱে সহজে অনুধাৱন কৰিব পাৰে। বিখ্যাত খান পৰিয়ালৰ কনিষ্ঠ প্ৰতিনিধি ছোহেইল খান এতিয়া  চৰ্চালৈ আহিছে। অৱশ্যে কোনো অসাধাৰণ কৃতিত্বৰ বাবে নহয়, বিবাব বিচ্ছেদৰ বাবেহে।

তাৰকা দম্পতীৰ বিবাহ বিচ্ছেদৰ খবৰো আজিকালি হটকেক বুলি বিবেচিত নহয়। কিন্তু এই বিবাহ বিচ্ছেদৰ খবৰৰ আঁৰত আন এটা খবৰ ঢাক খাই আছে। ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক তথা তাৰকা ক্ৰিকেটাৰ ৰোহিত শৰ্মা এই খবৰৰ মাজত শালৰ মাজত শিঙি হৈ আহিছে। কিন্তু কেনেকৈ? 

ছলমান খানৰ ভাতৃ ছোহেইল আৰু তেওঁৰ পত্নীয়ে এইবাৰ তেওঁলোকৰ ২৪ বছৰীয়া যুগ্ম জীৱনৰ ইতিৰেখা টানিব বিচাৰিছে। ছোহেইল খান আৰু সীমা সচদেৱ খানে শুকুৰবাৰে মুম্বাইৰ এখন পাৰিবাৰিক আদালতত বিবাহ বিচ্ছেদৰ গোচৰ ৰুজু কৰিছে। আদালতৰ বাহিৰত তেওঁলোকৰ আলোকচিত্ৰক লৈ এতিয়া সমগ্ৰ বলীউডতে হট্টগোল লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু এই হট্টগোল অথবা হৈ চৈৰ মাজত তাৰকা ক্ৰিকেটাৰ ৰোহিত শৰ্মাৰ সৈতে সীমাৰ সম্পৰ্কক লৈ তীব্ৰ চৰ্চা চলিছে। কিন্তু কিহৰ বাবে এই চৰ্চা? ৰোহিতৰ সৈতে সীমাৰ সম্পৰ্ক কি?

বহুতে এই প্ৰশ্নটোৰ উত্তৰ বিচাৰিবলৈ আৰম্ভ কৰিছে। আৰু সেয়া হোৱাটো অস্বাভাৱিকো নহয়! চেলিব্ৰিটী জগতত অস্বাভাৱিক যেন লগা কিছুমান ঘটনা ঘটিয়েই থাকে।  ১৯৯৮ চনত ছোহেইল সীমাৰ বিবাহৰ পাছত তেওঁলোক ইমান বছৰে একেলগে আছিল। দম্পতীহালৰ দুটা সন্তানো আছে। অৱশ্যে, কেইবছৰমান আগতে তেওঁলোকৰ বিচ্ছেদক লৈ চৰ্চা আৰম্ভ হৈছিল। ইয়াৰ আঁৰত ৰোহিতৰ কিবা ভূমিকা আছিল নেকি? বিভিন্ন ধৰণৰ চৰ্চা তুংগত থকা সময়ত প্ৰকৃত সত্য প্ৰকাশ হোৱাটো জৰুৰী। পিছে এই সত্যনো কি!

সীমা হৈছে বাণ্টি সচদেৱৰ ভগ্নী। বাণ্টি ষ্টাৰ কাষ্টৰ এটা সুপৰিচিত নাম। তেওঁ কৰ্ণাৰষ্টোন স্পৰ্টছ এণ্ড এণ্টাৰটেইনমেণ্ট নামৰ এটা ইভেণ্ট মেনেজমেণ্ট প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী। কোম্পানীটোৰ সৈতে বিৰাট কোহলী, কে এল ৰাহুল, ঋষভ পণ্টৰ দৰে তাৰকা ক্ৰিকেটাৰো জড়িত হৈ আছে। আকৌ তেওঁৰ কোম্পানীয়ে বহুতো তাৰকাৰ পৰামৰ্শদাতা হিচাপেও কাম কৰে। সীমা আৰু বাণ্টিৰ সম্পৰ্কীয় ভগ্নী ৰৈছে ৰিতিকা সচদেৱ। পিছে 'হিটমেন' ৰোহিতৰ নাম এই ঘটনাৰ সৈতে কেনেকৈ সাঙোৰ খাই পৰিল? সেয়া এতিয়াও আপোনাৰ কাৰণে অবোধ্য হৈ আছে নেকি! তেন্তে আৰু স্পষ্টকৈ কৈছোঁ শুনক, ৰোহিতৰ পত্নী হৈছে ৰিতিকা। অৰ্থাত ঘূৰি-পকি হ’লেও ৰিতিকাৰ জৰিয়তেই সীমা সচদেৱৰ সৈতে ৰোহিতৰ আছে ঘৰুৱা সম্পৰ্ক। সীমা-ছোহেইলৰ বিচ্ছেদৰ আঁৰত ৰোহিতৰ কোনো ভূমিকা নাই যদিও তেওঁলোকৰ বিচ্ছেদৰ প্ৰসংগৰ লগতে হিটমেনৰ সৈতে সীমাৰ আত্মীয়তাৰ কথাও চৰ্চালৈ আহিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ