--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কাশ্মীৰী পণ্ডিত ৰাহুল ভট্ট হত্যাকাণ্ডই জোকাৰি আছে জম্মু-কাশ্মীৰ। কশ্মীৰী পণ্ডিত তথা চৰকাৰী কৰ্মচাৰী ৰাহুলক নিজ কাৰ্যালয়তে বৃহস্পতিবাৰে হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে। তাৰ পাছতে কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদেৰে উত্তাল হৈ পৰিছে জম্মু-কাশ্মীৰ। ইফালে, ৰাহুল হত্যাত জড়িত দুই সন্ত্ৰাসবাদীক নিৰাপত্তাবাহিনীয়ে ধৰাশায়ী কৰিবলৈ সক্ষম হোৱা বুলি প্ৰকাশ কৰিছে। সূত্ৰ অনুসৰি, বৃহস্পতিবাৰে চৰকাৰী কাৰ্যালয়ত প্ৰৱেশ কৰি পইণ্ট-ব্লেংক ৰেঞ্জৰ পৰা ৰাহুল ভট্টৰ ওপৰত গুলীচালনা কৰি পলাই যোৱা সন্ত্ৰাসবাদী দুজনক ২৪ ঘণ্টাৰ ভিতৰত সুৰক্ষা বাহিনীয়ে চিনাক্ত কৰি নিধন কৰে। কাশ্মীৰ জোনেল আৰক্ষীৰ সূত্ৰ অনুসৰি, শুকুৰবাৰে জম্মু-কাশ্মীৰৰ বান্দিপোৰাৰ ব্ৰাৰ আৰাগ্ৰাম অঞ্চলত বিদ্ৰোহ-বিৰোধী অভিযান চলোৱা হৈছিল। সেই অভিযানত তিনিজন সন্ত্ৰাসবাদীক হত্যা কৰা হয়। তেওঁলোকৰ ভিতৰত ৰাহুলৰ হত্যাত জড়িত সন্ত্ৰাসবাদী দুজনো আছে। 

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, আজিৰ অভিযানত নিহত তিনিজন উগ্ৰপন্থীৰ ভিতৰত দুজন প্ৰকৃততে পাকিস্তানী উগ্ৰপন্থী গোট লস্কৰ-ঈ-তৈবাৰ সদস্য। নিহত উগ্ৰপন্থী দুজনক ফৈজাল ওৰফে ছিকন্দৰ আৰু আবু উকাচা বুলি চিনাক্ত কৰা হৈছে। যোৱা বছৰৰ ১০ ডিচেম্বৰত আৰু তাৰ পাছত এই বছৰৰ ১১ ফেব্ৰুৱাৰীত গুলচন চ’ক আৰু নিশাত পাৰ্ক অঞ্চলত মুঠ তিনিজন আৰক্ষীৰ মৃত্যু হৈছিল সন্ত্ৰাসবাদীৰ আক্ৰমণত। ফৈজাল প্ৰতিটো ঘটনাতে জড়িত আছিল। এই দুষ্কাৰ্যত হাইদৰ নামৰ আন এজন সন্ত্ৰাসবাদীয়ে তেওঁক সহযোগ কৰিছিল।

ফৈজল আৰু হাইদৰে শেহতীয়াকৈ মধ্য আৰু দক্ষিণ কাশ্মীৰত ঘাটী স্থাপন কৰিছে। আৰু এই দুটা ঠাইৰ পৰাই সন্ত্ৰাসবাদী কাৰ্যকলাপ অব্যাহত ৰাখিছে। হাইদৰক পাছত সুৰক্ষা বাহিনীয়ে গুলীয়াই হত্যা কৰিছিল। ৭-৮ মে'ত কুলগামৰ দেৱাচাৰ অঞ্চলত বিদ্ৰোহ বিৰোধী অভিযানৰ সময়ত দুজন সন্ত্ৰাসবাদী নিহত হয়। তেওঁলোকৰ এজনৰ নাম শ্বাহবাজ শ্বাহ আছিল। তেওঁৰ বিৰুদ্ধে ১৩ এপ্ৰিলত এজন স্থানীয় বাসিন্দা সতীশ কুমাৰ সিঙক হত্যা কৰাৰ অভিযোগ আছিল। শ্বাহবাজৰ সৈতে নিহত হোৱা দ্বিতীয় জন উগ্ৰপন্থী আছিল হাইদৰ।

হায়দৰৰ মৃত্যুৰ পিছত, ফৈজল তাৰ পৰা পলাই যায় আৰু নতুন লক্ষ্য বিচাৰি উকাছাৰ সৈত লগ হৈ নতুন লক্ষ্যৰ সন্ধান আৰম্ভ কৰে। তেওঁলোক দুয়োজনে বৃহস্পতিবাৰে কাশ্মীৰী পণ্ডিত ৰাহুল ভাটৰ কাৰ্যালয়ত প্ৰৱেশ কৰিছিল আৰু তেওঁক হত্যা কৰিছিল। তাৰ পাছত তেওঁলোক দুয়ো বাডগামলৈ উভতি যায়। তেওঁলোকৰ গতি বিধিৰ খবৰ নিৰ্দিষ্ট উৎসৰ জৰিয়তে আৰক্ষী আৰু সেনাৰ ওচৰলৈ গৈছিল। ৰাহুলৰ হত্যাৰ ২৪ ঘণ্টাৰ ভিতৰত, তেওঁৰ হত্যাকাৰীৰ সন্ধানত এটা অভিযান আৰম্ভ কৰা হৈছিল। আৰু সেই অভিযানতে তিনি সন্ত্ৰাসবাদীক হত্যা কৰে নিৰাপত্তাবাহিনীয়ে।। ঘটনাটোৰ মূল অভিযুক্ত দুজনকে ধৰি মুঠ তিনিজন সন্ত্ৰাসবাদীক নিহত কৰে নিৰাপত্তাবাহিনীয়ে।

উল্লেখ্য যে, কাশ্মীৰী পণ্ডিতসকলৰ হত্যাৰ পাছৰে পৰা কাশ্মীৰৰ পৰিৱেশ গধুৰ হৈ আহিছে। কাশ্মীৰী পণ্ডিতসকলে শুক্ৰবাৰে ঘটনাটোৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিছিল। আৰক্ষীয়ে তেওঁলোকৰ পদযাত্ৰা বন্ধ কৰিবলৈ কন্দুৱা গেছ নিক্ষেপ কৰে। আৰক্ষীয়ে লাঠী চালনাও কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু তাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ