--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ অৰ্থনীতি পুনৰুদ্ধাৰ হ’বলৈ প্ৰয়োজন হ’ব ন্যূনতম বাৰ বছৰ৷ অলপতে ৰিজাৰ্ভ বেংক অব্ ইণ্ডিয়াই সদৰী কৰিছিল এই তথ্য৷ বিমুদ্ৰাকৰণ, জিএছটি আৰু শেহতীয়াকৈ ক’ভিডে জুৰুলা কৰা ভাৰতবৰ্ষত নীৰৱে সংঘটিত হৈ আছে অৰ্থনীতিক প্ৰভাৱিত কৰা আন এটি ঘটনা৷ বিগত পাঁচ বছৰত ভাৰতত ২০ নিযুত মহিলাই চাকৰি ত্যাগ কৰিছে৷ আৰু তাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে ভাৰতৰ অৰ্থনীতিত৷ এই তথ্য প্ৰকাশ পাইছে পঞ্চম ৰাষ্ট্ৰীয় স্বাস্থ্য জৰীপত৷ জৰীপে কয় বিগত পাঁচ বছৰত প্ৰায় দুই কোটি মহিলাই চাকৰিৰ পৰা পদত্যাগ কৰিছে, যিসকলৰ বহুতে এতিয়া কামলৈ উভতি যাবলৈ আগ্ৰহী নহয়।

পঞ্চম ৰাষ্ট্ৰীয় স্বাস্থ্য জৰীপ অনুসৰি, দেশৰ নাগৰিকৰ উৰ্বৰতাৰ হাৰ প্ৰায় ০.১ শতাংশ হ্ৰাস পাইছে। চহৰসমূহত হ্ৰাসৰ হাৰ প্ৰায় ১.৬ শতাংশ। যদি এই প্ৰৱণতা অব্যাহত থাকে, তেন্তে বিশেষজ্ঞসকলৰ মতে, পৰৱৰ্তী ২০ বছৰত ভাৰতৰ কৰ্মৰত জনসংখ্যা আৰু হ্ৰাস পাব।
জৰীপটোৱে এইটোও প্ৰকাশ কৰিছে যে মহিলাসকলে চাকৰি ত্যাগ কৰাৰ প্ৰৱণতা দেশৰ অৰ্থনীতিৰ বাবে একেবাৰে ভাল নহয়। দেশৰ অৰ্থনীতি যুৱ লোকৰ সংখ্যাৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে।

ভাৰতীয় ৰিজাৰ্ভ বেংকে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি, দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰ হ’বলৈ ভাৰতক প্ৰয়োজন হ’ব ন্যূনতম বাৰ বছৰ৷   কিন্তু যদি মহিলাসকলে কামত যোগদান নকৰে, তেন্তে এই লক্ষ্যত উপণীত হোৱাটোও ভাৰতৰ পক্ষে কেতিয়াও সম্ভৱ নহয়।
পাৰিবাৰিক সমস্যা, কৰ্মক্ষেত্ৰত অত্যাধিক চাপ বা স্বতন্ত্ৰভাৱে ব্যৱসায় কৰাৰ আকাংক্ষাই হওক, মহিলাসকলৰ মাজত চাকৰি এৰি দিয়াৰ প্ৰৱণতা কিয় বাঢ়ি আহিছে সেয়াহে  চিন্তনীয় বিষয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ