--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ অৰ্থনীতি পুনৰুদ্ধাৰ হ’বলৈ প্ৰয়োজন হ’ব ন্যূনতম বাৰ বছৰ৷ অলপতে ৰিজাৰ্ভ বেংক অব্ ইণ্ডিয়াই সদৰী কৰিছিল এই তথ্য৷ বিমুদ্ৰাকৰণ, জিএছটি আৰু শেহতীয়াকৈ ক’ভিডে জুৰুলা কৰা ভাৰতবৰ্ষত নীৰৱে সংঘটিত হৈ আছে অৰ্থনীতিক প্ৰভাৱিত কৰা আন এটি ঘটনা৷ বিগত পাঁচ বছৰত ভাৰতত ২০ নিযুত মহিলাই চাকৰি ত্যাগ কৰিছে৷ আৰু তাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে ভাৰতৰ অৰ্থনীতিত৷ এই তথ্য প্ৰকাশ পাইছে পঞ্চম ৰাষ্ট্ৰীয় স্বাস্থ্য জৰীপত৷ জৰীপে কয় বিগত পাঁচ বছৰত প্ৰায় দুই কোটি মহিলাই চাকৰিৰ পৰা পদত্যাগ কৰিছে, যিসকলৰ বহুতে এতিয়া কামলৈ উভতি যাবলৈ আগ্ৰহী নহয়।

পঞ্চম ৰাষ্ট্ৰীয় স্বাস্থ্য জৰীপ অনুসৰি, দেশৰ নাগৰিকৰ উৰ্বৰতাৰ হাৰ প্ৰায় ০.১ শতাংশ হ্ৰাস পাইছে। চহৰসমূহত হ্ৰাসৰ হাৰ প্ৰায় ১.৬ শতাংশ। যদি এই প্ৰৱণতা অব্যাহত থাকে, তেন্তে বিশেষজ্ঞসকলৰ মতে, পৰৱৰ্তী ২০ বছৰত ভাৰতৰ কৰ্মৰত জনসংখ্যা আৰু হ্ৰাস পাব।
জৰীপটোৱে এইটোও প্ৰকাশ কৰিছে যে মহিলাসকলে চাকৰি ত্যাগ কৰাৰ প্ৰৱণতা দেশৰ অৰ্থনীতিৰ বাবে একেবাৰে ভাল নহয়। দেশৰ অৰ্থনীতি যুৱ লোকৰ সংখ্যাৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে।

ভাৰতীয় ৰিজাৰ্ভ বেংকে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি, দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰ হ’বলৈ ভাৰতক প্ৰয়োজন হ’ব ন্যূনতম বাৰ বছৰ৷   কিন্তু যদি মহিলাসকলে কামত যোগদান নকৰে, তেন্তে এই লক্ষ্যত উপণীত হোৱাটোও ভাৰতৰ পক্ষে কেতিয়াও সম্ভৱ নহয়।
পাৰিবাৰিক সমস্যা, কৰ্মক্ষেত্ৰত অত্যাধিক চাপ বা স্বতন্ত্ৰভাৱে ব্যৱসায় কৰাৰ আকাংক্ষাই হওক, মহিলাসকলৰ মাজত চাকৰি এৰি দিয়াৰ প্ৰৱণতা কিয় বাঢ়ি আহিছে সেয়াহে  চিন্তনীয় বিষয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ