--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক :  জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই তৎপৰ হৈ পৰিছে ভাৰত চৰকাৰ। ভাৰত চৰকাৰে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ইতিমধ্যে সিন্ধু জলচুক্তিও স্থগিত ৰাখিছে। জলচুক্তি বাতিল কৰি জলশক্তি মন্ত্ৰী চি আৰ পাটিলে কয় যে সিন্ধু নদীৰ পানী এটোপালো যাতে পাকিস্তানলৈ নাযায়। এই সন্দৰ্ভত শুকুৰবাৰে চৰকাৰে সিন্ধু অৱবাহিকাৰ নদীৰ পানী হ্ৰস্ব, মধ্যম আৰু দীৰ্ঘম্যাদী ব্যৱহাৰৰ বাবে কিছু বিকল্পৰ অনুসন্ধান কৰে। বিগত ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত ২৮জনকৈৰ পৰ্যটক মৃত্যুৰ পাছতেই পাকিস্তানৰ বিৰুদ্ধে লোৱা হয় এই পদক্ষেপ।

ভাৰত চৰকাৰে বিচাৰিছে সিন্ধু পানীৰ বাবে ৩টা বিকল্প-

নতুন দিল্লীত অনুষ্ঠিত এক বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, জলশক্তি মন্ত্ৰী চি আৰ পাটিল, শক্তিমন্ত্ৰী মনোহৰ লালক সিন্ধু জল সন্ধি (আই ডব্লিউ টি) স্থগিত ৰখাৰ পাছত বিকল্পসমূহৰ বিষয়ে বিষয়াসকলে আলোচনা কৰা হয়। ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি স্থগিত ৰখাৰ পাছত চৰকাৰৰ হাতত থকা বিকল্পসমূহৰ বিষয়ে বিষয়াসকলে অৱগত কৰে।  বিষয়াসকলে এটা প্ৰস্তাৱো আগবঢ়ায় যে সিন্ধু নদীৰ পানী ব্যৱহাৰৰ বাবে হ্ৰস্ব, মজলীয়া আৰু দীৰ্ঘম্যাদীভাৱে ব্যৱস্থা গ্ৰহণ কৰা উচিত।

চৰকাৰে অদূৰ ভৱিষ্যতে ল’ব পৰা অন্যান্য সাম্ভাৱ্য ব্যৱস্থাৰ সকলো আইনী আৰু কাৰিকৰী দিশৰ ওপৰত বিবেচনা কৰি আছে, য’ত পানীৰ প্ৰবাহৰ ৰোধৰো ব্যৱস্থা আছে যদিও বৈঠকৰ পাছত আনুষ্ঠানিকভাৱে কোনো বক্তব্য দিয়া হোৱা নাছিল। তথাপিও জল শক্তি মন্ত্ৰী চি আৰ পাটিলে এক্সত দিয়া পোষ্টত কয় যে 'সিন্ধু জলসন্ধি সন্দৰ্ভত মোদী চৰকাৰে গ্ৰহণ কৰা ঐতিহাসিক সিদ্ধান্ত সম্পূৰ্ণ ন্যায্য আৰু ৰাষ্ট্ৰীয় স্বাৰ্থ'ত। সেয়েহে আমি নিশ্চিত কৰিম যে সিন্ধু নদীৰ পানী এটোপালো যাতে পাকিস্তানলৈ নাযায়।

উল্লেখ্য যে ভাৰত আৰু পাকিস্তানৰ মাজত ৯ বছৰীয়া আলোচনাৰ অন্তত ১৯৬০ চনৰ ১৯ ছেপ্টেম্বৰত কৰাচীত সিন্ধু জল সন্ধি স্বাক্ষৰিত হয়। সন্ধিৰ বিধান অনুসৰি সিন্ধু ব্যৱস্থাৰ পূবৰ (সুতলেজ, বিয়াছ আৰু ৰবি) নদীৰ পানী ভাৰতে লাভ কৰাৰ বিপৰীতে পাকিস্তানে লাভ কৰিব পশ্চিম (সিন্ধু, ঝেলুম আৰু চেনাব) নদীৰ পানী। সিন্ধু জল সন্ধি স্থগিত ৰখাৰ সিদ্ধান্তই দিল্লীক সিন্ধু নদীৰ পানী ব্যৱহাৰৰ সন্দৰ্ভত অধিক বিকল্প ব্যৱস্থাৰ সন্দৰ্ভত আলোচনা কৰে। পেহেলগাম আক্ৰমণৰ এদিন পাছতেই বুধবাৰে নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীয়ে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ পিছত বৃহস্পতিবাৰে ভাৰতে আনুষ্ঠানিকভাৱে পাকিস্তানক অৱগত কৰে যে তেওঁলোকে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ সিন্ধু জলসন্ধি চুক্তি স্থগিত ৰাখে।

ভাৰতে সিন্ধু জলসন্ধি স্থগিত ৰখাৰ সিদ্ধান্তৰ পাছতে শুকুৰবাৰে পাকিস্তান চৰকাৰে বিতৰ্কিত খাল প্ৰকল্পটো বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। পাকিস্তান সেনা প্ৰধান জেনেৰেল অসীম মুনিৰ আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী মৰিয়াম নৱাজে ফেব্ৰুৱাৰী মাহত পঞ্জাৱ প্ৰদেশৰ মৰুভূমি অঞ্চলত জলসিঞ্চনৰ বাবে অভিলাষী চোলিস্তান প্ৰকল্প উদ্বোধন কৰে। কিন্তু ইয়াৰ ফলত সিন্ধ প্ৰদেশত হুলস্থুলৰ সৃষ্টি হয় আৰু পাকিস্তান মুছলিম লীগ-নৱাজ (পিএমএল-এন)ৰ সৈতে শাসকীয় মিত্ৰজোঁটৰ অংশ পাকিস্তান পিপলছ পাৰ্টি (পিপিপি)কে ধৰি বিভিন্ন ৰাজনৈতিক দলে এই প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement