--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড অভিনেত্ৰী মন্দিৰা বেদী। ছুইমিং পুলত বিকিনি পিন্ধি পুৰুষ বন্ধুৰ সৈতে অন্তৰংগ ফটো পোষ্ট কৰি নেটিজেনৰ কটাক্ষৰ বলি এইগৰাকী অভিনেত্ৰী। মন্দিৰাৰ চৰিত্ৰৰ বিষয়েও তিক্ত মন্তব্য কৰে নেটিজেনে। স্মৰ্তব্য যে, ৩ মে’ত বলীউডৰ কাষ্টিং পৰিচালক আদিত্য মটৱানৰ জন্মদিন আছিল। ম‌ন্দিৰাই আদিত্যৰ সৈতে ছ’চিয়েল মিডিয়াত অন্তৰংগ মুহূৰ্তৰ এখন ফটো পোষ্ট কৰি তেওঁক জন্মদিনৰ শুভেচ্ছা জনায়।

ছবিখনৰ কেপচনত মন্দিৰাই লিখিছে, ‘শুভ জন্মদিন আদি। এই ছবিখনে বহু কথা কয়। মোৰ মনত তোমাৰ গুৰুত্ব কিমান, আমি ইজনে সিজনক চিনি পোৱাৰ কিমান দিন হ'ল! সকলো কথাৰ প্ৰমাণ এই ছবিখনেই। তুমি জানাই, মই তোমাক কিমান বিশ্বাস কৰোঁ। মই আশা কৰোঁ তুমি আৰু অধিক মৰম আৰু সফলতা লাভ কৰিব পাৰিবা। তোমাক ভাল পাওঁ, ১৭ বছৰ বয়সৰ পৰা তুমি মোৰ প্ৰিয় বন্ধু। '

মান্দিৰাই ছবিখন পোষ্ট কৰাৰ লগে লগে নেটিজেনসকলে তেওঁক সমালোচনা কৰিবলৈ লয়। স্বামীৰ অবৰ্তমানত এনেদৰে পৰ পুৰুষৰ বাহুত আৱদ্ধ মণ্ডিৰাই এনে ছবি পোষ্ট কিয় কৰিছে বুলিও প্ৰশ্ন নেটিজেনৰ। স্বামীৰ মৃত্যুৰ পিছত আৱেগিক হৈ দেখুওৱা কথাবোৰ এতিয়া ক’লৈ গ’ল বুলিও অভিনেত্ৰীগৰাকীলৈ প্ৰশ্ন নেটিজেনৰ। বহুতে আকৌ দ্বিতীয় বিবাহৰ সম্ভাৱনাৰ গোন্ধ পোৱা বুলিও মন্তব্য কৰিছে। নেটিজেনৰ এনে কেতবোৰ কুৎসিত মন্তব্যৰ বাবে মণ্ডিৰাই তেওঁৰ পোষ্টৰ মন্তব্য বক্স বন্ধ কৰি দিছে।

স্মৰ্তব্য যে, মন্দিৰাৰ স্বামী ৰাজ কৌশলে বিগত বৰ্ষত ৪৯ বছৰ বয়সত হঠাতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল।  ৰাজৰ স্মৃতিক সামৰি নিজ সন্তানৰ সৈতে দিনটো কটাইছে মন্দিৰাই। অৱশ্যে, ৰাজৰ মৃত্যুৰ এমাহৰ ভিতৰতে ম‌ন্দিৰা বেদীক তেওঁৰ বন্ধুৰ বিয়াৰ পাৰ্টী কিম্বা শৰীৰ চৰ্চাৰ বাবে জিমলৈ যোৱা দেখা গৈছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ