--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড অভিনেত্ৰী মন্দিৰা বেদী। ছুইমিং পুলত বিকিনি পিন্ধি পুৰুষ বন্ধুৰ সৈতে অন্তৰংগ ফটো পোষ্ট কৰি নেটিজেনৰ কটাক্ষৰ বলি এইগৰাকী অভিনেত্ৰী। মন্দিৰাৰ চৰিত্ৰৰ বিষয়েও তিক্ত মন্তব্য কৰে নেটিজেনে। স্মৰ্তব্য যে, ৩ মে’ত বলীউডৰ কাষ্টিং পৰিচালক আদিত্য মটৱানৰ জন্মদিন আছিল। ম‌ন্দিৰাই আদিত্যৰ সৈতে ছ’চিয়েল মিডিয়াত অন্তৰংগ মুহূৰ্তৰ এখন ফটো পোষ্ট কৰি তেওঁক জন্মদিনৰ শুভেচ্ছা জনায়।

ছবিখনৰ কেপচনত মন্দিৰাই লিখিছে, ‘শুভ জন্মদিন আদি। এই ছবিখনে বহু কথা কয়। মোৰ মনত তোমাৰ গুৰুত্ব কিমান, আমি ইজনে সিজনক চিনি পোৱাৰ কিমান দিন হ'ল! সকলো কথাৰ প্ৰমাণ এই ছবিখনেই। তুমি জানাই, মই তোমাক কিমান বিশ্বাস কৰোঁ। মই আশা কৰোঁ তুমি আৰু অধিক মৰম আৰু সফলতা লাভ কৰিব পাৰিবা। তোমাক ভাল পাওঁ, ১৭ বছৰ বয়সৰ পৰা তুমি মোৰ প্ৰিয় বন্ধু। '

মান্দিৰাই ছবিখন পোষ্ট কৰাৰ লগে লগে নেটিজেনসকলে তেওঁক সমালোচনা কৰিবলৈ লয়। স্বামীৰ অবৰ্তমানত এনেদৰে পৰ পুৰুষৰ বাহুত আৱদ্ধ মণ্ডিৰাই এনে ছবি পোষ্ট কিয় কৰিছে বুলিও প্ৰশ্ন নেটিজেনৰ। স্বামীৰ মৃত্যুৰ পিছত আৱেগিক হৈ দেখুওৱা কথাবোৰ এতিয়া ক’লৈ গ’ল বুলিও অভিনেত্ৰীগৰাকীলৈ প্ৰশ্ন নেটিজেনৰ। বহুতে আকৌ দ্বিতীয় বিবাহৰ সম্ভাৱনাৰ গোন্ধ পোৱা বুলিও মন্তব্য কৰিছে। নেটিজেনৰ এনে কেতবোৰ কুৎসিত মন্তব্যৰ বাবে মণ্ডিৰাই তেওঁৰ পোষ্টৰ মন্তব্য বক্স বন্ধ কৰি দিছে।

স্মৰ্তব্য যে, মন্দিৰাৰ স্বামী ৰাজ কৌশলে বিগত বৰ্ষত ৪৯ বছৰ বয়সত হঠাতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল।  ৰাজৰ স্মৃতিক সামৰি নিজ সন্তানৰ সৈতে দিনটো কটাইছে মন্দিৰাই। অৱশ্যে, ৰাজৰ মৃত্যুৰ এমাহৰ ভিতৰতে ম‌ন্দিৰা বেদীক তেওঁৰ বন্ধুৰ বিয়াৰ পাৰ্টী কিম্বা শৰীৰ চৰ্চাৰ বাবে জিমলৈ যোৱা দেখা গৈছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ