--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিপদৰ সন্মুখীন হৈছে তাৰকা অভিনেতা ৰণবীৰ সিং। গৰ্ভস্থ সন্তানৰ ভ্ৰুণৰ লিংৰ পৰীক্ষা কৰি বিপদৰ সন্মুখীন হ’বলগীয়া হৈছে তাৰকাগৰাকী। তেওঁ এতিয়া আইনী মেৰপাকত সোমাই পৰাৰ আশংকাই দেখা দিছে। এই খবৰে নিসন্দেহে ৰণবীৰৰ অনুৰাগীসকলক উৎকণ্ঠিত কৰিব। কিন্তু সকাহৰ কথাটো এইটোৱেই যে, বাস্তৱিক জীৱনত নহয়, তেওঁৰ এখন নতুন ছবিতহে গৰ্ভস্থ ভ্ৰূণৰ লিংগ পৰীক্ষাৰ কথা প্ৰকাশ হৈছে। ছবিখনত এনে দৃশ্য সংযোজন কৰাক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। ঘটনাৰ সবিশেষ এনেধৰণৰ-- 

ৰণবীৰ সিঙৰ ছবি ‘জয়েশভাই জোৰদাৰ’ সোনকালেই মুক্তিৰ বাবে সাজু হৈছে। দক্ষিণ চলচ্চিত্ৰ উদ্যোগে বলীউডৰ চলচ্চিত্ৰসমূহ একাষৰীয়া কৰি পেলোৱাৰ সময়তে ৰণবীৰৰ এই নতুন ছবিয়ে প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ অগ্ৰসৰ হৈছে। ৰণবীৰ সিঙৰ নতুন ছবি ‘জয়েছভাই জোৰদাৰ’-এ অনুৰাগীক আশা জগাইছে যদিও  ছবিখন আইনী মেৰপেকত সোমাবলগীয়া হোৱাটোৱে উদ্বেগৰো সৃষ্টি কৰিছে।  ৰণবীৰৰ ছবিখনে মুক্তিৰ পূৰ্বেই আইনী সমস্যাৰ সন্মুখীন হৈছে। 'য়ুথ এগেইনষ্ট ক্ৰাইম' নামৰ এটা বেচৰকাৰী সংগঠনে ছবিখনৰ ট্ৰেইলাৰত দেখুওৱা লিংগ নিৰ্ধাৰণ পৰীক্ষাৰ দৃশ্যক লৈ অভিযোগ দাখিল কৰিছে। গোচৰটো দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে বুলি জানিব পৰা গৈছে।

এনজিঅ'টোৱে এই ছবিখনত গৰ্ভস্থ শিশুৰ লিংগ নিৰ্ধাৰণ দৃশ্য সন্নিৱিষ্ট কৰাক লৈ আপত্তি জনাইছে। ট্ৰেইলাৰত দেখুওৱা হৈছে যে, আল্ট্ৰাচাউণ্ডৰ দ্বাৰা গৰ্ভস্থ কেঁচুৱাটোৰ লিংগ নিৰ্ণয় কৰা হয়। যি ১৯৯৪ চনৰ প্ৰাক-গৰ্ভধাৰণ আৰু প্ৰসৱ-পূৰ্ব ডায়গনষ্টিক কৌশল (পিচিপিএনডিটি) আইনৰ অধীনত নিষিদ্ধ।

সংস্থাটোৱে দাখিল কৰা অভিযোগ পত্ৰখনত লিখিছে, ‘কোনো চেঞ্চৰ অবিহনে দৃশ্যটোত আল্ট্ৰাছাউণ্ডৰ জৰিয়তে লিংগ নিৰ্ণয় কৰা দেখুওৱা হৈছে। সেইকাৰণে এই ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰা হৈছে। ছবিখনত দেখুওৱা হৈছে যে, ৰণবীৰ সিঙৰ পিতৃ ৰামলাল ৰক্ষণশীল গাঁওখনৰ মুৰব্বী। অভিনেতা বোমান ইৰাণীক চৰিত্ৰটোত দেখা যাব। জয়েছভাইৰ দেউতাকে অনুশোচনা কৰে যে তেওঁৰ পুত্ৰ জয়েশৰ কোনো পুত্ৰ নাই। ৰণবীৰ সিঙৰ পিতৃ-মাতৃ অৰ্থাৎ ৰামলাল আৰু অনুৰাধাই তেওঁলোকৰ পুত্ৰৰ নাতি বিচাৰে। তেওঁলোকে একেবাৰে ছোৱালী সন্তান নিবিচাৰে। তেওঁলোকে ভ্ৰূণ পৰীক্ষা কৰি এই বিষয়ে নিশ্চিত হ’ব বিচাৰে। ছবিখনৰ এই দৃশ্যক লৈ এতিয়া বিতৰ্কৰ সূত্ৰপাত ঘটিছে। 

শালিনী পাণ্ডেক ছবিখনত ৰণবীৰৰ বিপৰীতে দেখা যাব। পৰিচালক দিব্যাং ঠাক্কৰে ছবিখন পৰিচালনাৰ দায়িত্বত আছে। ৰণবীৰে নিজেই ছবিখনৰ কাহিনীক এক ‘মিৰাকল’ চিত্ৰনাট্য বুলি অভিহিত কৰিছিল। এই কাহিনীটোত, জয়েছভাইক মহিলাৰ ৰক্ষক হিচাপে দেখা যাব আৰু তেওঁলোকৰ আত্মনিৰ্ভৰশীলতাৰ বাবে কাম কৰা দেখা যাব। ছবিখন ২৩ মে'ত ডাঙৰ পৰ্দালৈ আহিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ