--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিপদৰ সন্মুখীন হৈছে তাৰকা অভিনেতা ৰণবীৰ সিং। গৰ্ভস্থ সন্তানৰ ভ্ৰুণৰ লিংৰ পৰীক্ষা কৰি বিপদৰ সন্মুখীন হ’বলগীয়া হৈছে তাৰকাগৰাকী। তেওঁ এতিয়া আইনী মেৰপাকত সোমাই পৰাৰ আশংকাই দেখা দিছে। এই খবৰে নিসন্দেহে ৰণবীৰৰ অনুৰাগীসকলক উৎকণ্ঠিত কৰিব। কিন্তু সকাহৰ কথাটো এইটোৱেই যে, বাস্তৱিক জীৱনত নহয়, তেওঁৰ এখন নতুন ছবিতহে গৰ্ভস্থ ভ্ৰূণৰ লিংগ পৰীক্ষাৰ কথা প্ৰকাশ হৈছে। ছবিখনত এনে দৃশ্য সংযোজন কৰাক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। ঘটনাৰ সবিশেষ এনেধৰণৰ-- 

ৰণবীৰ সিঙৰ ছবি ‘জয়েশভাই জোৰদাৰ’ সোনকালেই মুক্তিৰ বাবে সাজু হৈছে। দক্ষিণ চলচ্চিত্ৰ উদ্যোগে বলীউডৰ চলচ্চিত্ৰসমূহ একাষৰীয়া কৰি পেলোৱাৰ সময়তে ৰণবীৰৰ এই নতুন ছবিয়ে প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ অগ্ৰসৰ হৈছে। ৰণবীৰ সিঙৰ নতুন ছবি ‘জয়েছভাই জোৰদাৰ’-এ অনুৰাগীক আশা জগাইছে যদিও  ছবিখন আইনী মেৰপেকত সোমাবলগীয়া হোৱাটোৱে উদ্বেগৰো সৃষ্টি কৰিছে।  ৰণবীৰৰ ছবিখনে মুক্তিৰ পূৰ্বেই আইনী সমস্যাৰ সন্মুখীন হৈছে। 'য়ুথ এগেইনষ্ট ক্ৰাইম' নামৰ এটা বেচৰকাৰী সংগঠনে ছবিখনৰ ট্ৰেইলাৰত দেখুওৱা লিংগ নিৰ্ধাৰণ পৰীক্ষাৰ দৃশ্যক লৈ অভিযোগ দাখিল কৰিছে। গোচৰটো দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে বুলি জানিব পৰা গৈছে।

এনজিঅ'টোৱে এই ছবিখনত গৰ্ভস্থ শিশুৰ লিংগ নিৰ্ধাৰণ দৃশ্য সন্নিৱিষ্ট কৰাক লৈ আপত্তি জনাইছে। ট্ৰেইলাৰত দেখুওৱা হৈছে যে, আল্ট্ৰাচাউণ্ডৰ দ্বাৰা গৰ্ভস্থ কেঁচুৱাটোৰ লিংগ নিৰ্ণয় কৰা হয়। যি ১৯৯৪ চনৰ প্ৰাক-গৰ্ভধাৰণ আৰু প্ৰসৱ-পূৰ্ব ডায়গনষ্টিক কৌশল (পিচিপিএনডিটি) আইনৰ অধীনত নিষিদ্ধ।

সংস্থাটোৱে দাখিল কৰা অভিযোগ পত্ৰখনত লিখিছে, ‘কোনো চেঞ্চৰ অবিহনে দৃশ্যটোত আল্ট্ৰাছাউণ্ডৰ জৰিয়তে লিংগ নিৰ্ণয় কৰা দেখুওৱা হৈছে। সেইকাৰণে এই ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰা হৈছে। ছবিখনত দেখুওৱা হৈছে যে, ৰণবীৰ সিঙৰ পিতৃ ৰামলাল ৰক্ষণশীল গাঁওখনৰ মুৰব্বী। অভিনেতা বোমান ইৰাণীক চৰিত্ৰটোত দেখা যাব। জয়েছভাইৰ দেউতাকে অনুশোচনা কৰে যে তেওঁৰ পুত্ৰ জয়েশৰ কোনো পুত্ৰ নাই। ৰণবীৰ সিঙৰ পিতৃ-মাতৃ অৰ্থাৎ ৰামলাল আৰু অনুৰাধাই তেওঁলোকৰ পুত্ৰৰ নাতি বিচাৰে। তেওঁলোকে একেবাৰে ছোৱালী সন্তান নিবিচাৰে। তেওঁলোকে ভ্ৰূণ পৰীক্ষা কৰি এই বিষয়ে নিশ্চিত হ’ব বিচাৰে। ছবিখনৰ এই দৃশ্যক লৈ এতিয়া বিতৰ্কৰ সূত্ৰপাত ঘটিছে। 

শালিনী পাণ্ডেক ছবিখনত ৰণবীৰৰ বিপৰীতে দেখা যাব। পৰিচালক দিব্যাং ঠাক্কৰে ছবিখন পৰিচালনাৰ দায়িত্বত আছে। ৰণবীৰে নিজেই ছবিখনৰ কাহিনীক এক ‘মিৰাকল’ চিত্ৰনাট্য বুলি অভিহিত কৰিছিল। এই কাহিনীটোত, জয়েছভাইক মহিলাৰ ৰক্ষক হিচাপে দেখা যাব আৰু তেওঁলোকৰ আত্মনিৰ্ভৰশীলতাৰ বাবে কাম কৰা দেখা যাব। ছবিখন ২৩ মে'ত ডাঙৰ পৰ্দালৈ আহিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে