--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৰ্তমান সময়ত মেদবহুলতা সকলোৰে মাজত এক চৰ্চাৰ বিষয় হৈ পৰিছে। বহু লোক এতিয়া সুস্থ জীৱনশৈলীৰ দিশে আগবাঢ়িছে। এক সুস্থ জীৱনশৈলীৰ বাবে সকলোৱে নিজক পৰিচৰ্যা কৰাটো পৰিলক্ষিত হয়। ব্যস্ত জীৱনৰ মাজতো কোনোৱে যদি জিম যায়¸ আন কোনোৱে ঘৰতেই নিজক পৰিচৰ্যা কৰিবলৈ চেষ্টা কৰে। 

এনে পৰিস্থিতিত ব্যায়াম বা ৱৰ্কআউট দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে। এইসমূহৰ মাজতে বহুলোকৰ মাজত এক প্ৰশ্নৰ উদয় হয় যে আমি ব্যায়াম কোন সময়ত কৰাটো লাভদায়ক। এনেধৰণৰ বিভ্ৰান্ত হয়তো বহুতৰ মাজত সৃষ্টি হয়। জানো আহক কোন সময়ত ব্যায়াম কৰিলে উত্তম।

যদি আপুনি ৰাতিপুৱা ব্যায়াম কৰে তেন্তে ৰাতিপুৱাৰ শুদ্ধ বতাহ আৰু শান্ত পৰিৱেশত ব্যায়াম কৰিলে শৰীৰ আৰু মন দুয়োটাকে সতেজ কৰি তোলে। ওজন কমাবলৈও এইটো এটা ভাল সময়। ৰাতিপুৱাৰ ব্যায়ামে টোপনিৰ মান উন্নত কৰে।

সন্ধিয়া ব্যায়াম কৰিলে শৰীৰ অধিক সক্ৰিয় আৰু নমনীয় হৈ থাকে। অধিক লোকে সন্ধিয়া ব্যায়াম কৰে, যাৰ ফলত সমূহীয়া কাৰ্যকলাপ আৰু প্ৰেৰণা লাভ হয়। সন্ধিয়া পেশীৰ শক্তি আৰু কৰ্মক্ষমতা সক্ৰিয় হৈ থাকে যদিও কেতিয়াবা গোটেই দিনটোৰ ভাগৰুৱা হোৱাৰ বাবে ব্যায়াম কৰাত অসুবিধা হ’ব পাৰে। 

সাধাৰণতে ওজন কমোৱাৰ বাবে‌ ৰাতিপুৱা ব্যায়াম কৰিলে অধিক লাভদায়ক হয়। আনহাতে পেশীৰ শক্তি আৰু কৰ্মক্ষমতা সক্ৰিয় হৈ থকাৰ বাবে সন্ধিয়া ব্যায়াম কৰিলে ভাল হয়। কিন্তু ব্যায়াম কৰাৰ সময় নিৰ্ভৰ কৰে কোনো এজন ব্যক্তিৰ প্ৰয়োজনৰ ওপৰত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ