--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: মনৰ অদম্য হেঁপাহেৰে আজিও তৰুণ হৈ আছে  তেওঁ৷ তেওঁৰ বাবে বয়স মাথোঁ এটি সংখ্যা৷ তেওঁ বিশ্বাস কৰে মনেৰে বিচাৰিলে চুব পাৰি আকাশৰো তৰা৷ ড° কিৰণ শেঠ৷ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান দিল্লীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ প্ৰাক্তন অধ্যাপক এমিৰিটাছ তথা পদ্মশ্ৰী সন্মানেৰে বিভূষিত এইগৰাকী প্ৰাজ্ঞই শেহতীয়াকৈ চাইকেল চলাই স্থাপন কৰিলে এক অনন্য নজৰি৷ শেঠক স্পাইক এমএচিএৱাইৰ প্ৰতিষ্ঠাপক হিচাপে জনা যায়, যিয়ে সমগ্ৰ বিশ্বৰ যুৱসকলৰ মাজত ভাৰতীয় শাস্ত্ৰীয় সংগীত, ভাৰতীয় শাস্ত্ৰীয় নৃত্য আৰু অন্যান্য ভাৰতীয় সংস্কৃতিৰ প্ৰচাৰ কৰে৷ 

 

এইগৰাকী ৭৩ বছৰীয়া কিৰণ শেঠে পাৰিপাৰ্শ্বিক সমস্যাৰ ওপৰত সজাগতা বৃদ্ধি কৰিবলৈ চাইকেলেৰে পৰিভ্ৰমণ কৰিলে ২,৫০০ কিলোমিটাৰজোৰা পথ৷ পাৰিপাৰ্শ্বিক সমস্যাৰ বিষয়ত জনসজাগতা বৃদ্ধি কৰিবলৈ ড° শেঠে গ্ৰহণ কৰিছিল এই অভিনৱ পন্থা৷ ১১ মাৰ্চত আৰম্ভ কৰা তেওঁৰ চাইকেল যাত্ৰা আজি দিল্লীৰ ৰাজঘাটত সম্পূৰ্ণ হয়৷ 

 

আইআইটিৰ প্ৰাক্তন অধ্যাপক আৰু পদ্মশ্ৰী ড° শেঠে কয় যে তেওঁৰ যাত্ৰাৰ তিনিটা উদ্দেশ্য হৈছে সৰল জীৱন যাপন আৰু উচ্চ চিন্তা, পৰিৱেশ সম্পৰ্কে সজাগতা বৃদ্ধি কৰা আৰু শিক্ষাৰ্থীসকলক ভাৰতীয় সংস্কৃতিৰ সৈতে পৰিচিত কৰোৱা৷

 

যাত্ৰাৰ সময়ছোৱাত তেওঁ দিল্লী, জয়পুৰ, আহমেদাবাদ আৰু উজ্জয়িনীকে ধৰি চহৰসমূহ সামৰি লৈছিল। চলিত বৰ্ষৰ শেষৰফালে, তেওঁ ভাৰতৰ স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষ উপলক্ষে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ চাইকেল চলাবলৈ আৰু মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পৰিকল্পনা কৰিছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ