--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: মনৰ অদম্য হেঁপাহেৰে আজিও তৰুণ হৈ আছে  তেওঁ৷ তেওঁৰ বাবে বয়স মাথোঁ এটি সংখ্যা৷ তেওঁ বিশ্বাস কৰে মনেৰে বিচাৰিলে চুব পাৰি আকাশৰো তৰা৷ ড° কিৰণ শেঠ৷ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান দিল্লীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ প্ৰাক্তন অধ্যাপক এমিৰিটাছ তথা পদ্মশ্ৰী সন্মানেৰে বিভূষিত এইগৰাকী প্ৰাজ্ঞই শেহতীয়াকৈ চাইকেল চলাই স্থাপন কৰিলে এক অনন্য নজৰি৷ শেঠক স্পাইক এমএচিএৱাইৰ প্ৰতিষ্ঠাপক হিচাপে জনা যায়, যিয়ে সমগ্ৰ বিশ্বৰ যুৱসকলৰ মাজত ভাৰতীয় শাস্ত্ৰীয় সংগীত, ভাৰতীয় শাস্ত্ৰীয় নৃত্য আৰু অন্যান্য ভাৰতীয় সংস্কৃতিৰ প্ৰচাৰ কৰে৷ 

 

এইগৰাকী ৭৩ বছৰীয়া কিৰণ শেঠে পাৰিপাৰ্শ্বিক সমস্যাৰ ওপৰত সজাগতা বৃদ্ধি কৰিবলৈ চাইকেলেৰে পৰিভ্ৰমণ কৰিলে ২,৫০০ কিলোমিটাৰজোৰা পথ৷ পাৰিপাৰ্শ্বিক সমস্যাৰ বিষয়ত জনসজাগতা বৃদ্ধি কৰিবলৈ ড° শেঠে গ্ৰহণ কৰিছিল এই অভিনৱ পন্থা৷ ১১ মাৰ্চত আৰম্ভ কৰা তেওঁৰ চাইকেল যাত্ৰা আজি দিল্লীৰ ৰাজঘাটত সম্পূৰ্ণ হয়৷ 

 

আইআইটিৰ প্ৰাক্তন অধ্যাপক আৰু পদ্মশ্ৰী ড° শেঠে কয় যে তেওঁৰ যাত্ৰাৰ তিনিটা উদ্দেশ্য হৈছে সৰল জীৱন যাপন আৰু উচ্চ চিন্তা, পৰিৱেশ সম্পৰ্কে সজাগতা বৃদ্ধি কৰা আৰু শিক্ষাৰ্থীসকলক ভাৰতীয় সংস্কৃতিৰ সৈতে পৰিচিত কৰোৱা৷

 

যাত্ৰাৰ সময়ছোৱাত তেওঁ দিল্লী, জয়পুৰ, আহমেদাবাদ আৰু উজ্জয়িনীকে ধৰি চহৰসমূহ সামৰি লৈছিল। চলিত বৰ্ষৰ শেষৰফালে, তেওঁ ভাৰতৰ স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষ উপলক্ষে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ চাইকেল চলাবলৈ আৰু মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পৰিকল্পনা কৰিছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ