--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ভাৰতৰ পৰা মাধমাৰ খোৱাৰ পাছতো চিধা হোৱা নাই পাকিস্তান। অপাৰেচন সিন্দূৰৰ জৰিয়তে ভাৰতে পাকিস্তানক প্ৰায় ধ্বংস কৰি দিলে যদিও আজি পুৱা হোৱাৰ লগে লগে পাকিস্তানে পুনৰ ভাৰতক আক্ৰমণ কৰিবলৈ পঠিয়ালে ড্ৰ’ন। 

পুৱাই পুৱাই পাকিস্তানে দ্বিতীয়টো ড্ৰ’ন প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ লগে লগে পঞ্জাৱৰ অমৃতসৰত পুৱাৰ ভাগত পুনৰ এবাৰ সক্ৰিয় কৰা হৈছে এয়াৰ এটেক এলাৰ্ট ছাইৰেন। মানুহক ঘৰতে থাকিবলৈ কোৱা হৈছে। অৱশ্যে পাকিস্তানৰ আক্ৰমণৰ উপযুক্ত উত্তৰ দিলে ভাৰতে।

বৃহস্পতিবাৰে নিশাই ভাৰতক আক্ৰমণৰ ব্যৰ্থ প্ৰচেষ্টা চলাইছিল পাকিস্তানে আৰু ভাৰতে এই আক্ৰমণৰ উপযুক্ত উত্তৰ দিছিল যিয়ে সমগ্ৰ পাকিস্তানত আতংকৰ সৃষ্টি কৰিছিল, কিন্তু ৰাতি পৰাজিত হোৱাৰ পিছতো পাকিস্তানৰ শুধৰণি হোৱা নাই। পুনৰবাৰ পুৱা ড্ৰ’ন পঠোৱাৰ দুঃসাহস কৰিলে পাকিস্তানে কিন্তু ভাৰতে পাকিস্তানৰ সেই প্ৰচেষ্টাক ধ্বংস কৰি দিয়ে। ভাৰতৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰিলে পাকিস্তানে। 

প্ৰতিৰক্ষা সূত্ৰই জনোৱা মতে, পুৱা ৪:০০ বজাৰ পিছত পাকিস্তানে দ্বিতীয়টো ড্ৰ’নৰ ঢৌ প্ৰেৰণ কৰিছিল যদিও ভাৰতীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই শত্ৰুৰ সকলো প্ৰজেক্টাইল আৰু ড্ৰ’ন ধ্বংস কৰি পেলাইছিল। আকৌ এবাৰ পাকিস্তানে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হ’ল আৰু প্ৰমাণ কৰিলে যে আক্ৰমণ কৰিলে প্ৰতিবাৰেই শক্তিশালী উত্তৰ দিব ভাৰতে।

উল্লেখ্য যে ভাৰতে মঙলবাৰে গভীৰ নিশা পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সিন্দূৰ আৰম্ভ কৰে। এই অভিযানত পাকিস্তান ক্ষুব্ধ হৈ পৰিছিল আৰু আতংকিত হৈ প্ৰথম অভিযান আৰম্ভ হোৱাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে এল অ’ চিত গুলীচালনা কৰিছিল। ইয়াৰ পিছত বৃহস্পতিবাৰে নিশা পাকিস্তানে ড্ৰ’ন আৰু মিছাইলেৰে জম্মু, পঞ্জাৱ আৰু ৰাজস্থানত আক্ৰমণৰ ব্যৰ্থ প্ৰচেষ্টা চলাইছিল। এফালে পাকিস্তানে নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’ন ভাৰতে সম্পূৰ্ণৰূপে ধ্বংস কৰিলে, আনফালে ভাৰতে তৎক্ষণাত প্ৰতিশোধ লৈ পাকিস্তানক উচিত শিক্ষা দিলে। ভাৰতে পাকিস্তানৰ বহু অঞ্চলত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰে।

বৃহস্পতিবাৰে পাকিস্তানে সংঘটিত কৰা আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে পাকিস্তানৰ ৮খন চহৰত আক্ৰমণ কৰি প্ৰতিশোধ লয়। ইয়াৰ ভিতৰত আছে লাহোৰ, ইছলামাবাদ, কৰাচী, শিয়ালকোট, বাহাৱালপুৰ, পেছোৱাৰ। ইয়াৰ উপৰিও ভাৰতীয় সেনাই PoK ত মুজাফ্ফৰাবাদ আৰু কোটলীক মিছাইলেৰে আক্ৰমণ কৰে। ভাৰতে লাহোৰত থকা পাক বায়ু প্ৰতিৰক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলালে। ভাৰতৰ তিনি বিভাগৰ সেনাই পাকিস্তানৰ বিৰুদ্ধে একেলগে ফ্ৰণ্ট মুকলি কৰি চুবুৰীয়া দেশখনক সকিয়াই দিলে যে ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কেতিয়াও মৌনতা অৱলম্বন নকৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত