--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ভাৰতৰ পৰা মাধমাৰ খোৱাৰ পাছতো চিধা হোৱা নাই পাকিস্তান। অপাৰেচন সিন্দূৰৰ জৰিয়তে ভাৰতে পাকিস্তানক প্ৰায় ধ্বংস কৰি দিলে যদিও আজি পুৱা হোৱাৰ লগে লগে পাকিস্তানে পুনৰ ভাৰতক আক্ৰমণ কৰিবলৈ পঠিয়ালে ড্ৰ’ন। 

পুৱাই পুৱাই পাকিস্তানে দ্বিতীয়টো ড্ৰ’ন প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ লগে লগে পঞ্জাৱৰ অমৃতসৰত পুৱাৰ ভাগত পুনৰ এবাৰ সক্ৰিয় কৰা হৈছে এয়াৰ এটেক এলাৰ্ট ছাইৰেন। মানুহক ঘৰতে থাকিবলৈ কোৱা হৈছে। অৱশ্যে পাকিস্তানৰ আক্ৰমণৰ উপযুক্ত উত্তৰ দিলে ভাৰতে।

বৃহস্পতিবাৰে নিশাই ভাৰতক আক্ৰমণৰ ব্যৰ্থ প্ৰচেষ্টা চলাইছিল পাকিস্তানে আৰু ভাৰতে এই আক্ৰমণৰ উপযুক্ত উত্তৰ দিছিল যিয়ে সমগ্ৰ পাকিস্তানত আতংকৰ সৃষ্টি কৰিছিল, কিন্তু ৰাতি পৰাজিত হোৱাৰ পিছতো পাকিস্তানৰ শুধৰণি হোৱা নাই। পুনৰবাৰ পুৱা ড্ৰ’ন পঠোৱাৰ দুঃসাহস কৰিলে পাকিস্তানে কিন্তু ভাৰতে পাকিস্তানৰ সেই প্ৰচেষ্টাক ধ্বংস কৰি দিয়ে। ভাৰতৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰিলে পাকিস্তানে। 

প্ৰতিৰক্ষা সূত্ৰই জনোৱা মতে, পুৱা ৪:০০ বজাৰ পিছত পাকিস্তানে দ্বিতীয়টো ড্ৰ’নৰ ঢৌ প্ৰেৰণ কৰিছিল যদিও ভাৰতীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই শত্ৰুৰ সকলো প্ৰজেক্টাইল আৰু ড্ৰ’ন ধ্বংস কৰি পেলাইছিল। আকৌ এবাৰ পাকিস্তানে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হ’ল আৰু প্ৰমাণ কৰিলে যে আক্ৰমণ কৰিলে প্ৰতিবাৰেই শক্তিশালী উত্তৰ দিব ভাৰতে।

উল্লেখ্য যে ভাৰতে মঙলবাৰে গভীৰ নিশা পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সিন্দূৰ আৰম্ভ কৰে। এই অভিযানত পাকিস্তান ক্ষুব্ধ হৈ পৰিছিল আৰু আতংকিত হৈ প্ৰথম অভিযান আৰম্ভ হোৱাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে এল অ’ চিত গুলীচালনা কৰিছিল। ইয়াৰ পিছত বৃহস্পতিবাৰে নিশা পাকিস্তানে ড্ৰ’ন আৰু মিছাইলেৰে জম্মু, পঞ্জাৱ আৰু ৰাজস্থানত আক্ৰমণৰ ব্যৰ্থ প্ৰচেষ্টা চলাইছিল। এফালে পাকিস্তানে নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’ন ভাৰতে সম্পূৰ্ণৰূপে ধ্বংস কৰিলে, আনফালে ভাৰতে তৎক্ষণাত প্ৰতিশোধ লৈ পাকিস্তানক উচিত শিক্ষা দিলে। ভাৰতে পাকিস্তানৰ বহু অঞ্চলত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰে।

বৃহস্পতিবাৰে পাকিস্তানে সংঘটিত কৰা আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে পাকিস্তানৰ ৮খন চহৰত আক্ৰমণ কৰি প্ৰতিশোধ লয়। ইয়াৰ ভিতৰত আছে লাহোৰ, ইছলামাবাদ, কৰাচী, শিয়ালকোট, বাহাৱালপুৰ, পেছোৱাৰ। ইয়াৰ উপৰিও ভাৰতীয় সেনাই PoK ত মুজাফ্ফৰাবাদ আৰু কোটলীক মিছাইলেৰে আক্ৰমণ কৰে। ভাৰতে লাহোৰত থকা পাক বায়ু প্ৰতিৰক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলালে। ভাৰতৰ তিনি বিভাগৰ সেনাই পাকিস্তানৰ বিৰুদ্ধে একেলগে ফ্ৰণ্ট মুকলি কৰি চুবুৰীয়া দেশখনক সকিয়াই দিলে যে ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কেতিয়াও মৌনতা অৱলম্বন নকৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ