--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পহলগাম আক্ৰমণৰ প্ৰতিশোধ ল’লে ভাৰতে। ভাৰতীয় সেনাই মঙলবাৰে গভীৰ নিশা পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী স্থানত বিমান আক্ৰমণ চলায়। এই আক্ৰমণৰ পিছত সম্পূৰ্ণ স্তম্ভিত হৈ পৰিছে পাকিস্তান। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে এই আক্ৰমণৰ পিছত ভাৰতক ভাবুকি প্ৰদান কৰিছে।

অপাৰেচন সিন্দূৰৰ পিছতে পাকিস্তানেও বজাইছে যুদ্ধৰ ৰণডংকা। ভাৰতৰ ওপৰত আক্ৰমণ কৰিবলৈ পাকিস্তানো আছে যুদ্ধংদেহি মনোভাৱত । 

পাক প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে  কয় যে প্ৰতি টোপাল তেজৰ  প্ৰতিশোধ লোৱা হ’ব।  শত্ৰুৱে নিৰস্ত্ৰ সাধাৰণ নাগৰিকক আক্ৰমণ কৰিলে।  আমাৰ সেনাইও ভাৰতীয় সেনাৰ আক্ৰমণৰ উত্তৰ দিছে। পাক বায়ু সেনাক আক্ৰমণৰ পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিলে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে।

পাকিস্তানৰ হুংকাৰত কঠোৰভাৱে গৰজি উঠিল ভাৰতীয় প্ৰতিৰক্ষা বিভাগ। আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ হ’বই- ঘোষণা কৰিলে সুৰক্ষা উপদেষ্টা অজিত দোভালে। UNSCৰ সন্মুখতো বৈদেশিক সচিব বিক্ৰম মিশ্ৰিৰ একেই ঘোষণা- ‘পাকিস্তানে আক্ৰমণ কৰিলে ভাৰতে প্ৰত্যাক্ৰমণ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত