--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱনে কেতিয়া কি ৰূপ লয় সেয়া কোনেও ক’ব নোৱাৰে। এটা চিগাৰেটৰ বাবেই প্ৰাণ হেৰুৱালে এগৰাকী ছাত্ৰীয়ে। একাদশ শ্ৰেণীত পঢ়ি থকা হিৰণ্যা মালৱা নামৰ ছাত্ৰীগৰাকীয়ে এটা চিগাৰেট খাই আছিল, সেইসময়তে তেওঁৰ কোচিং বন্ধুসকলে তেওঁৰ এখন ফটো ক্লিক কৰে। তাৰপাছতে ফটোখন ছ’চিয়েল মিডিয়াত ভাইৰেল কৰাৰ ভাবুকি দিবলৈ আৰম্ভ কৰে বন্ধুকেইজনে। এই আশংকাৰ বাবেই ছাত্ৰীগৰাকীয়ে নিজৰ ঘৰত ফাঁচী লগাই আত্মহত্যা কৰে। 

এখন সুপৰিচিত ব্যক্তিগত বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী আছিল হিৰণ্যা। তেওঁৰ পিতৃ এজন শিশু চিকিৎসক আৰু মাতৃ এগৰাকী নাৰ্ছ। হিৰণ্যাৰ পিতৃ-মাতৃ কিবা কামত ঘৰৰ পৰা ওলাই গৈছিল। সেই সময়তে ভনীয়েক (১০ বছৰ) আৰু ভায়েক (৪ বছৰ) অট্টালিকাৰ তলত খেলি আছিল। পিতৃ-মাতৃ ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি হিৰণ্যা নিজৰ কোঠাত সোমাই চিপ লৈ আত্মহত্যা কৰে। গধূলি মাক-দেউতাক ঘূৰি আহি দেখে যে তেওঁলোকৰ কন্যাই চিপ লৈ ওলমি আছে। তেতিয়ালৈকে হিৰণ্যাই প্ৰাণ হেৰুৱাই পেলাইছিল। 

জীৱন শেষ কৰাৰ আগতে ছাত্ৰীগৰাকীয়ে পিতৃক জনাইছিল যে এদিন তেওঁ বন্ধু-বান্ধৱীৰ সৈতে চিগাৰেট খাইছিল। সেই সময়তে দুগৰাকী ছাত্ৰী আৰু এজন ছাত্ৰই মোবাইলৰ পৰা তেওঁৰ ফটো ক্লিক কৰিছিল।ইয়াৰ পিছত তিনিওজন সহপাঠীয়ে মাক-দেউতাকক সেই ফটো পঠিয়াই দিম বুলি কৈ ব্লেকমেইল কৰিবলৈ ধৰিলে। অৱশ্যে এই বিষয়ত পিতৃয়ে কন্যাক ক্ষমা কৰিও দিছিল। কিন্তু হিৰণ্যাই বন্ধু-বান্ধৱীয়ে তেওঁৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল কৰি তুলিব বুলি আশংকাত ভুগিছিল। যাৰ বাবে তেওঁ মানসিক চাপত ভুগি আছিল। 

পৰিয়ালৰ সদস্যসকলে আগলৈ এনে নকৰিবলৈ নিৰ্দেশ দিছিল আৰু তেওঁক ক্ষমা কৰিছিল। এনেকুৱা ফটোক লৈ কোনেও গুৰুত্ব নিদিয়ে বুলিও কৈছিল আৰু পঢ়া-শুনাত মন দিবলৈ কৈছিল কিন্তু ইয়াৰ পিছতো ছাত্ৰীগৰাকীয়ে তেওঁৰ ফটো ভাইৰেল হ’ব পাৰে বুলি ভয় খাইছিল। সেয়েহে সেই চৰম সিদ্ধান্ত গ্ৰহণ কৰে ছাত্ৰীগৰাকীয়ে। এই গোচৰত আৰক্ষীয়ে পৰিয়ালৰ লোকৰ বক্তব্য গ্ৰহণ কৰি পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰি আছে। ঘটনাটো সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ইন্দোৰত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ