--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এগৰাকী নাবালিকাক ধৰ্ষণ কাণ্ডই এতিয়া তোলপাৰ লগাইছে। দুজন যুৱক আৰু তিনি কিশোৰে মাৰ্চিডিজ গাড়ী এখনত উঠাই লৈ দলবদ্ধ ধৰ্ষণ কৰিছিল কিশোৰীগৰাকীক। ২৮ মে’ত সংঘটিত এই ঘটনা সন্দৰ্ভত এতিয়া ভালেমান চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। এই জঘন্য কাণ্ডৰ মূল অভিযুক্ত দুজনক ছাদ্দুদ্দিন মালিক আৰু ওমৰ খান বুলি চিনাক্ত কৰা হৈছে। বাকী তিনিজন নাবালক বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ঘটনা সংঘটিত হৈছে তেলেংগানাৰ হায়দৰাবাদত।

 

তেলেংগানা বিজেপিয়ে অভিযোগ কৰিছে যে, ৱাকফ ব’ৰ্ডৰ বিষয়া এগৰাকীৰ পুত্ৰ আৰু এজন মন্ত্ৰীৰ নাতিয়েকো এই ঘটনাত জড়িত আছে। অৱশ্যে, আৰক্ষীয়ে মন্ত্ৰীগৰাকীৰ নাতি এই কাণ্ডত জড়িত নাই বুলি মন্তব্য কৰিছে। এই ঘটনা সম্পৰ্কত মন্তব্য কৰি আৰক্ষী আয়ুক্ত জোৱেল ডেভিছে কয়, এই ঘটনাৰ পাঁচোজন অভিযুক্তকে চিনাক্ত কৰা হৈছে। তাৰে তিনিগৰাকী হৈছে নাবালক। বিস্ফোৰক তথ্যটো হৈছে যে, তেলেংগানাৰ এজন বিধায়কৰ পুত্ৰও এই দুষ্কাৰ্যত জড়িত আছে আৰু যিখন গাড়ীত এই ঘৃণনীয় কাণ্ড সংঘটিত হৈছিল সেই গাড়ীখন বিধায়কজনৰে।

 

ক’ত কিদৰে হৈছিল ঘটনা জানক সবিশেষ


(১) ২৮ মে’ শনিবাৰৰ দিনা এগৰাকী ১৭ বছৰীয়া কিশোৰী হায়দৰাবাদৰ এটা পাবলৈ গৈছিল। এজন যুৱকৰ সৈতে বন্ধুত্ব স্থাপন কৰাৰ পাছত সেই যুৱকজন আৰু তেওঁৰ বন্ধুবৰ্গৰ সৈতে তেওঁ পাবটোলৈ গৈছিল। যুৱককেইজনে তেওঁক ঘৰত নমাই থ’ব বুলি প্ৰতিশ্ৰুতি দিছিল।

 

(২) পাবৰ পৰা ওভতাৰ সময়তে পাঁচোজন অভিযুক্তই কিশোৰীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰিছিল। জুবিলী হিলছত ৰখাই থোৱা এখন গাড়ীৰ ভিতৰত এই দুষ্কাৰ্য সংঘটিত কৰিছিল অভিযুক্তকেইজনে।

 

(৩) কিশোৰীগৰাকীৰ পিতৃয়ে দিয়া অভিযোগৰ আধাৰত আৰক্ষীয়ে অচিনাক্ত লোককেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

 

(৪) এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, এগৰাকী বিধায়কৰ পুত্ৰ আৰু সংখ্যালঘু বৰ্ডৰ অধ্যক্ষ এজনৰ পুত্ৰও সেই পাৰ্টীটোত উপস্থিত আছিল। কিশোৰীগৰাকীৰ সৈতে তেওঁলোকে পাবটোত পাৰ্টী কৰিছিল। ভুক্তভোগী কিশোৰীগৰাকীয়ে অৱশ্যে এজন অভিযুক্তৰ নাম আৰু পৰিচয়হে প্ৰকাশ কৰিবলৈ সক্ষম হৈছিল।

 

(৫) তেলেংগানা বিজেপিয়ে এই ঘটনাক তীব্ৰ গৰিহনা দিয়াৰ লগতে আটাইকেইজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে লেহেমীয়া পদক্ষেপ গ্ৰহণ কৰা বুলিও অভিযোগ কৰে দলটোৱে।

 

(৬) তাৰ পাছত পোহৰলৈ আহে যে, যিখন গাড়ীত এই ধৰ্ষণকাণ্ড সংঘটিত হৈছিল সেই গাড়ীখন আছিল সেই বিধায়কগৰকীৰে। তাৰ পাছতে ধৰ্ষণ কাণ্ডত বিধায়ক পুত্ৰ জড়িত থকা সম্পৰ্কত আৰক্ষী নিশ্চিত হয়।

 

(৭) অৱশ্যে বিধায়কজনৰ পৰিয়ালৰ লোকে দাবী কৰিছে যে, যেতিয়া বিধায়ক পুত্ৰই গাড়ীখন ৰখাই থৈ কেফে এখনত বহি আছিল সেই সময়তে এই দুষ্কাৰ্য সংঘটিত হৈছিল। বিধায়ক পুত্ৰ এই কাৰ্যত জড়িত নহয়।

 

উল্লেখ্য যে, এতিয়া এই ঘটনাৰ চিচি টিভি ফুটেজো ভাইৰেল হৈ পৰিছে। কিশোৰীগৰাকীয়ে পাবৰ পৰা ওলাই অভিযুক্তকেইজনৰ সৈতে গাড়ীৰ ফালে গৈ থকা দেখা গৈছে চিচি টিভি ফুটেজত। এই ঘটনাই এতিয়া দেশজুৰি তোলপাৰ লগাইছে। পিছে শাসকীয় দলৰ বিধায়কৰ প্ৰভাৱক উপেক্ষা কৰি আৰক্ষীয়ে এই ঘটনাৰ নিৰপেক্ষ তদন্ত কৰিবলৈ সক্ষম হ’ব নে নাই সেয়াহে লক্ষ্যণীয় হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে