--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এগৰাকী নাবালিকাক ধৰ্ষণ কাণ্ডই এতিয়া তোলপাৰ লগাইছে। দুজন যুৱক আৰু তিনি কিশোৰে মাৰ্চিডিজ গাড়ী এখনত উঠাই লৈ দলবদ্ধ ধৰ্ষণ কৰিছিল কিশোৰীগৰাকীক। ২৮ মেত সংঘটিত এই ঘটনা সন্দৰ্ভত এতিয়া ভালেমান চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। এই জঘন্য কাণ্ডৰ মূল অভিযুক্ত দুজনক ছাদ্দুদ্দিন মালিক আৰু ওমৰ খান বুলি চিনাক্ত কৰা হৈছে। বাকী তিনিজন নাবালক বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ঘটনা সংঘটিত হৈছে তেলেংগানাৰ হায়দৰাবাদত।

 

তেলেংগানা বিজেপিয়ে অভিযোগ কৰিছে যে, ৱাকফ বৰ্ডৰ বিষয়া এগৰাকীৰ পুত্ৰ আৰু এজন মন্ত্ৰীৰ নাতিয়েকো এই ঘটনাত জড়িত আছে। অৱশ্যে, আৰক্ষীয়ে মন্ত্ৰীগৰাকীৰ নাতি এই কাণ্ডত জড়িত নাই বুলি মন্তব্য কৰিছে। এই ঘটনা সম্পৰ্কত মন্তব্য কৰি আৰক্ষী আয়ুক্ত জোৱেল ডেভিছে কয়, এই ঘটনাৰ পাঁচোজন অভিযুক্তকে চিনাক্ত কৰা হৈছে। তাৰে তিনিগৰাকী হৈছে নাবালক। বিস্ফোৰক তথ্যটো হৈছে যে, তেলেংগানাৰ এজন বিধায়কৰ পুত্ৰও এই দুষ্কাৰ্যত জড়িত আছে আৰু যিখন গাড়ীত এই ঘৃণনীয় কাণ্ড সংঘটিত হৈছিল সেই গাড়ীখন বিধায়কজনৰে।

 

ত কিদৰে হৈছিল ঘটনা জানক সবিশেষ


(১) ২৮ মে’ শনিবাৰৰ দিনা এগৰাকী ১৭ বছৰীয়া কিশোৰী হায়দৰাবাদৰ এটা পাবলৈ গৈছিল। এজন যুৱকৰ সৈতে বন্ধুত্ব স্থাপন কৰাৰ পাছত সেই যুৱকজন আৰু তেওঁৰ বন্ধুবৰ্গৰ সৈতে তেওঁ পাবটোলৈ গৈছিল। যুৱককেইজনে তেওঁক ঘৰত নমাই থব বুলি প্ৰতিশ্ৰুতি দিছিল।

 

(২) পাবৰ পৰা ওভতাৰ সময়তে পাঁচোজন অভিযুক্তই কিশোৰীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰিছিল। জুবিলী হিলছত ৰখাই থোৱা এখন গাড়ীৰ ভিতৰত এই দুষ্কাৰ্য সংঘটিত কৰিছিল অভিযুক্তকেইজনে।

 

(৩) কিশোৰীগৰাকীৰ পিতৃয়ে দিয়া অভিযোগৰ আধাৰত আৰক্ষীয়ে অচিনাক্ত লোককেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

 

(৪) এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, এগৰাকী বিধায়কৰ পুত্ৰ আৰু সংখ্যালঘু বৰ্ডৰ অধ্যক্ষ এজনৰ পুত্ৰও সেই পাৰ্টীটোত উপস্থিত আছিল। কিশোৰীগৰাকীৰ সৈতে তেওঁলোকে পাবটোত পাৰ্টী কৰিছিল। ভুক্তভোগী কিশোৰীগৰাকীয়ে অৱশ্যে এজন অভিযুক্তৰ নাম আৰু পৰিচয়হে প্ৰকাশ কৰিবলৈ সক্ষম হৈছিল।

 

(৫) তেলেংগানা বিজেপিয়ে এই ঘটনাক তীব্ৰ গৰিহনা দিয়াৰ লগতে আটাইকেইজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে লেহেমীয়া পদক্ষেপ গ্ৰহণ কৰা বুলিও অভিযোগ কৰে দলটোৱে।

 

(৬) তাৰ পাছত পোহৰলৈ আহে যে, যিখন গাড়ীত এই ধৰ্ষণকাণ্ড সংঘটিত হৈছিল সেই গাড়ীখন আছিল সেই বিধায়কগৰকীৰে। তাৰ পাছতে ধৰ্ষণ কাণ্ডত বিধায়ক পুত্ৰ জড়িত থকা সম্পৰ্কত আৰক্ষী নিশ্চিত হয়।

 

(৭) অৱশ্যে বিধায়কজনৰ পৰিয়ালৰ লোকে দাবী কৰিছে যে, যেতিয়া বিধায়ক পুত্ৰই গাড়ীখন ৰখাই থৈ কেফে এখনত বহি আছিল সেই সময়তে এই দুষ্কাৰ্য সংঘটিত হৈছিল। বিধায়ক পুত্ৰ এই কাৰ্যত জড়িত নহয়।

 

উল্লেখ্য যে, এতিয়া এই ঘটনাৰ চিচি টিভি ফুটেজো ভাইৰেল হৈ পৰিছে। কিশোৰীগৰাকীয়ে পাবৰ পৰা ওলাই অভিযুক্তকেইজনৰ সৈতে গাড়ীৰ ফালে গৈ থকা দেখা গৈছে চিচি টিভি ফুটেজত। এই ঘটনাই এতিয়া দেশজুৰি তোলপাৰ লগাইছে। পিছে শাসকীয় দলৰ বিধায়কৰ প্ৰভাৱক উপেক্ষা কৰি আৰক্ষীয়ে এই ঘটনাৰ নিৰপেক্ষ তদন্ত কৰিবলৈ সক্ষম হব নে নাই সেয়াহে লক্ষ্যণীয় হব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ