--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিচু এবিধ মিঠা সোৱাদেৰে ভৰা ৰসাল ফল। গ্ৰীষ্মকালত হোৱা ফলসমূহৰ ভিতৰত লিচু অন্যতম৷ লিচু খাই বেয়া পোৱা মানুহ নাই বুলিবই পাৰি। ইয়াৰ মোহনীয় ৰং আৰু ঈৰ্ষণীয় স্বাদে মানুহৰ লগতে বনৰ চৰাই-চিৰিকটি, বাদুলী, বান্দৰ আদিকো বৰকৈ আকৰ্ষণ কৰে। সেয়েহে সেয়ে বছৰৰ এক নিৰ্দিষ্ট সময়ত তাকো অতি কম দিনৰ বাবেহে ইয়াক পোৱা যায়। লিচুক ইংৰাজীত কোৱা হয় Lychee/Litchi বুলি আৰু ইয়াৰ বৈজ্ঞানিক নাম Litchi chinensis।  ইয়াৰ আদিভূমি চীনদেশ হোৱাৰ লগতে বৈজ্ঞানিক নামত থকা chinensis শব্দই ইয়াৰ নামটো চীনা শব্দৰ অন্তৰ্গত যেনেই ধাৰণা হয়। মে’ মাহত সাধাৰণতে ইয়াৰ ফল পকিবলৈ আৰম্ভ কৰে৷ এইবিধ ফল দেখিবলৈ যিমান ধুনীয়া, খাবলৈও সিমানে সোৱাদ লগা৷ 



লিচু আমাৰ শৰীৰৰ বাবে বেছ উপকাৰী৷ জানো আহক ইয়াৰ উপকাৰিতাৰ বিষয়ে

১) লিচুত থকা এণ্টিঅক্সিডেণ্ট আমাৰ হাৰ্ট ভালে ৰখাত সহায় কৰে৷

২)লিচুত অলিগনাল নামেৰে এক উপাদান পোৱা যায়, যিয়ে নাইট্ৰিক এচিড উৎপন্ন কৰে৷

৩)লিচুৱে শৰীৰৰ ৰক্তচাপৰ মাত্ৰা ঠিকে ৰাখে৷

৪)লিচুত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে বাবে ই কেঞ্চাৰ বিশেষকৈ, স্তন কেঞ্চাৰ নিয়ন্ত্ৰণত সহায় কৰে৷

৫)ইয়াত ফাইবাৰ পোৱা যায় বাবে দেহৰ চৰ্বি কমোৱাত অৰিহণা যোগায়৷ শৰীৰৰ ওজন কমাবলৈ লিচু খোৱাটো দৰকাৰী৷

৬)বিভিন্ন ধৰণৰ ভাইৰাছৰ কাৰণে ইনফ্লুৱেঞ্জা হ’ব পাৰে৷ সাধাৰণতে দেখা যায় ইনফ্লুৱেঞ্জাজনিত ৰোগত লিচু খালে সুফল পোৱা যায়৷



৭)লিচুৱে হজম শক্তি বৃদ্ধি কৰে৷ লিচুত পোৱা পানী আৰু ফাইবাৰে খোৱাবস্তুৰ বিপাক ক্ৰিয়াত সহায় কৰে৷

৮)লিচুত প্ৰচুৰ পৰিমাণে ভিটামিন-চি পোৱা যায়৷ ফলত ছাল, দাঁত, হাড় আদি সুৰক্ষিত কৰি ৰখাত সহায় কৰে৷

৯)এইবিধ ফল আমাৰ শৰীৰৰ ইমিউনিটি প্ৰক্ৰিয়া বঢ়োৱাত সহায় কৰে৷

১০)মুখমণ্ডলত পৰা বলিৰেখা কমোৱা বা নাইকিয়া কৰাত লিচুৱে সহায় কৰে।

১১)লিচুত হেপেটোপ্রতেক্টিভ এজেণ্ট থাকে যি লিভাৰৰ বাবে অতি উপকাৰী।

১২)লিচুৱে ৰক্তপ্ৰবাহী নলীকাক শক্তিশালী কৰাত প্ৰভাৱ পেলায়।

গতিকে আহক বতৰৰ ফল বতৰতে খাই আমি নিজক সুস্বাস্থ্যৱান কৰি ৰাখো।





FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ