--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিচু এবিধ মিঠা সোৱাদেৰে ভৰা ৰসাল ফল। গ্ৰীষ্মকালত হোৱা ফলসমূহৰ ভিতৰত লিচু অন্যতম৷ লিচু খাই বেয়া পোৱা মানুহ নাই বুলিবই পাৰি। ইয়াৰ মোহনীয় ৰং আৰু ঈৰ্ষণীয় স্বাদে মানুহৰ লগতে বনৰ চৰাই-চিৰিকটি, বাদুলী, বান্দৰ আদিকো বৰকৈ আকৰ্ষণ কৰে। সেয়েহে সেয়ে বছৰৰ এক নিৰ্দিষ্ট সময়ত তাকো অতি কম দিনৰ বাবেহে ইয়াক পোৱা যায়। লিচুক ইংৰাজীত কোৱা হয় Lychee/Litchi বুলি আৰু ইয়াৰ বৈজ্ঞানিক নাম Litchi chinensis।  ইয়াৰ আদিভূমি চীনদেশ হোৱাৰ লগতে বৈজ্ঞানিক নামত থকা chinensis শব্দই ইয়াৰ নামটো চীনা শব্দৰ অন্তৰ্গত যেনেই ধাৰণা হয়। মে’ মাহত সাধাৰণতে ইয়াৰ ফল পকিবলৈ আৰম্ভ কৰে৷ এইবিধ ফল দেখিবলৈ যিমান ধুনীয়া, খাবলৈও সিমানে সোৱাদ লগা৷ 



লিচু আমাৰ শৰীৰৰ বাবে বেছ উপকাৰী৷ জানো আহক ইয়াৰ উপকাৰিতাৰ বিষয়ে

১) লিচুত থকা এণ্টিঅক্সিডেণ্ট আমাৰ হাৰ্ট ভালে ৰখাত সহায় কৰে৷

২)লিচুত অলিগনাল নামেৰে এক উপাদান পোৱা যায়, যিয়ে নাইট্ৰিক এচিড উৎপন্ন কৰে৷

৩)লিচুৱে শৰীৰৰ ৰক্তচাপৰ মাত্ৰা ঠিকে ৰাখে৷

৪)লিচুত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে বাবে ই কেঞ্চাৰ বিশেষকৈ, স্তন কেঞ্চাৰ নিয়ন্ত্ৰণত সহায় কৰে৷

৫)ইয়াত ফাইবাৰ পোৱা যায় বাবে দেহৰ চৰ্বি কমোৱাত অৰিহণা যোগায়৷ শৰীৰৰ ওজন কমাবলৈ লিচু খোৱাটো দৰকাৰী৷

৬)বিভিন্ন ধৰণৰ ভাইৰাছৰ কাৰণে ইনফ্লুৱেঞ্জা হ’ব পাৰে৷ সাধাৰণতে দেখা যায় ইনফ্লুৱেঞ্জাজনিত ৰোগত লিচু খালে সুফল পোৱা যায়৷



৭)লিচুৱে হজম শক্তি বৃদ্ধি কৰে৷ লিচুত পোৱা পানী আৰু ফাইবাৰে খোৱাবস্তুৰ বিপাক ক্ৰিয়াত সহায় কৰে৷

৮)লিচুত প্ৰচুৰ পৰিমাণে ভিটামিন-চি পোৱা যায়৷ ফলত ছাল, দাঁত, হাড় আদি সুৰক্ষিত কৰি ৰখাত সহায় কৰে৷

৯)এইবিধ ফল আমাৰ শৰীৰৰ ইমিউনিটি প্ৰক্ৰিয়া বঢ়োৱাত সহায় কৰে৷

১০)মুখমণ্ডলত পৰা বলিৰেখা কমোৱা বা নাইকিয়া কৰাত লিচুৱে সহায় কৰে।

১১)লিচুত হেপেটোপ্রতেক্টিভ এজেণ্ট থাকে যি লিভাৰৰ বাবে অতি উপকাৰী।

১২)লিচুৱে ৰক্তপ্ৰবাহী নলীকাক শক্তিশালী কৰাত প্ৰভাৱ পেলায়।

গতিকে আহক বতৰৰ ফল বতৰতে খাই আমি নিজক সুস্বাস্থ্যৱান কৰি ৰাখো।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ