--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰণবীৰ-অনুষ্কা। বলীউডত খোজ থোৱাৰ পাছত যিকেইজন অভিনেতাৰ মন মুহিছিল অনুষ্কাই, ইয়াৰে ভিতৰত অন্যতম এগৰাকী আছিল ৰণবীৰ সিং। বলীউডত তেতিয়া দুয়ো অবিবাহিত।স্বাভাৱিকতে, বলীউডত চৰ্চাৰ বিষয় হৈ পৰিছিল অনুষ্কা শৰ্মা আৰু ৰণবীৰ সিঙৰ প্ৰেমকাহিনী। দুই তাৰকাই আনুষ্ঠানিকভাৱে এই সম্পৰ্কৰ কথা স্বীকাৰ নকৰিলেও, পৰ্দাৰ বাহিৰত তেওঁলোকৰ প্ৰেমাৰ কথাবোৰ কিন্তু দৃষ্টিগোচৰ হৈছিল  অনুৰাগীৰ। 

অভিনয়ৰ পৃথিৱীত ভৰি দিয়াৰ পাছত অনুষ্কাৰ এটাৰ পিছত আন এটা সম্পৰ্ক কিদৰে যে ভাঙি গ’ল। সেয়া আজিও ৰহস্যৰ আৱৰ্তত। কিছুমানে কয়, ৰণবীৰে অনুষ্কাৰ যশ, খ্যাতিক মান্যতা দিয়া নাছিল। আন কিছুমানে কয়, ৰণবীৰৰ বহুগামিতাই মূল সমস্যা হৈ থিয় দিছিল অনুষ্কাৰ সন্মুখত। 

প্ৰকৃতাৰ্থত ক’বলৈ গ’লে ওচৰ চাপি অহাৰ পিছতো ইজনে সিজনৰ পৰা আঁতৰি যায় তেওঁলোক। কেৱল প্ৰেমতে সীমাবদ্ধ থাকিল দুয়োৰে যাত্ৰা। তথাপি, অনুষ্কা-ৰণবীৰৰ যুটি দীৰ্ঘদিন ধৰি চৰ্চাত আছিল। 'কফি উইথ কৰণ'ৰ অনুষ্ঠানত বলীউড অভিনেতাজনৰ বিস্ফোৰক মন্তব্য আজিও পাহৰা নাই বহুতে। ৰণবীৰে অনুষ্কাক কি কৈছিল? 

স্মৰ্তব্য যে, সেই অনুষ্ঠানত একেলগে অতিথি হৈছিল ৰণবীৰ-অনুষ্কা। সকলোৰে সন্মুখত মোহময়ী অভিনেত্ৰী গৰাকীক উদ্দ্যেশ্যি কৈছিল,‘ টপিনাত চিকুটি দিব লাগে যদি জনাবা, মই আছোঁ।’ ৰণবীৰৰ এই কথাই আচৰিত কৰি তুলিছিল অনুষ্কাক। অপ্ৰস্তুত হৈ তেওঁ কয়, ‘এনে কথা নোক নক’ব।’ কিন্তু অনুষ্কাৰ কথাৰ প্ৰতি কোনো সঁহাৰি নজনালে ৰণবীৰে। বৰঞ্চ ৰণবীৰৰ মুখত দেখিবলৈ পোৱা গৈছিল হাঁহি আৰু হাঁহি। সম্প্ৰতি দুই তাৰকা নিজৰ নিজৰ সংসাৰক লৈ ব্যস্ত। তথাপি, অতীতৰ স্মৃতিকথাবোৰে মাজে মাজে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা দেখা যায়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত