--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰণবীৰ-অনুষ্কা। বলীউডত খোজ থোৱাৰ পাছত যিকেইজন অভিনেতাৰ মন মুহিছিল অনুষ্কাই, ইয়াৰে ভিতৰত অন্যতম এগৰাকী আছিল ৰণবীৰ সিং। বলীউডত তেতিয়া দুয়ো অবিবাহিত।স্বাভাৱিকতে, বলীউডত চৰ্চাৰ বিষয় হৈ পৰিছিল অনুষ্কা শৰ্মা আৰু ৰণবীৰ সিঙৰ প্ৰেমকাহিনী। দুই তাৰকাই আনুষ্ঠানিকভাৱে এই সম্পৰ্কৰ কথা স্বীকাৰ নকৰিলেও, পৰ্দাৰ বাহিৰত তেওঁলোকৰ প্ৰেমাৰ কথাবোৰ কিন্তু দৃষ্টিগোচৰ হৈছিল  অনুৰাগীৰ। 

অভিনয়ৰ পৃথিৱীত ভৰি দিয়াৰ পাছত অনুষ্কাৰ এটাৰ পিছত আন এটা সম্পৰ্ক কিদৰে যে ভাঙি গ’ল। সেয়া আজিও ৰহস্যৰ আৱৰ্তত। কিছুমানে কয়, ৰণবীৰে অনুষ্কাৰ যশ, খ্যাতিক মান্যতা দিয়া নাছিল। আন কিছুমানে কয়, ৰণবীৰৰ বহুগামিতাই মূল সমস্যা হৈ থিয় দিছিল অনুষ্কাৰ সন্মুখত। 

প্ৰকৃতাৰ্থত ক’বলৈ গ’লে ওচৰ চাপি অহাৰ পিছতো ইজনে সিজনৰ পৰা আঁতৰি যায় তেওঁলোক। কেৱল প্ৰেমতে সীমাবদ্ধ থাকিল দুয়োৰে যাত্ৰা। তথাপি, অনুষ্কা-ৰণবীৰৰ যুটি দীৰ্ঘদিন ধৰি চৰ্চাত আছিল। 'কফি উইথ কৰণ'ৰ অনুষ্ঠানত বলীউড অভিনেতাজনৰ বিস্ফোৰক মন্তব্য আজিও পাহৰা নাই বহুতে। ৰণবীৰে অনুষ্কাক কি কৈছিল? 

স্মৰ্তব্য যে, সেই অনুষ্ঠানত একেলগে অতিথি হৈছিল ৰণবীৰ-অনুষ্কা। সকলোৰে সন্মুখত মোহময়ী অভিনেত্ৰী গৰাকীক উদ্দ্যেশ্যি কৈছিল,‘ টপিনাত চিকুটি দিব লাগে যদি জনাবা, মই আছোঁ।’ ৰণবীৰৰ এই কথাই আচৰিত কৰি তুলিছিল অনুষ্কাক। অপ্ৰস্তুত হৈ তেওঁ কয়, ‘এনে কথা নোক নক’ব।’ কিন্তু অনুষ্কাৰ কথাৰ প্ৰতি কোনো সঁহাৰি নজনালে ৰণবীৰে। বৰঞ্চ ৰণবীৰৰ মুখত দেখিবলৈ পোৱা গৈছিল হাঁহি আৰু হাঁহি। সম্প্ৰতি দুই তাৰকা নিজৰ নিজৰ সংসাৰক লৈ ব্যস্ত। তথাপি, অতীতৰ স্মৃতিকথাবোৰে মাজে মাজে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা দেখা যায়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ