--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড জগতত 'বেড বয়' উপাধি লাভ কৰা কোনোবা যদি আছে, সেয়া হৈছে জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত। অগণিত বিতৰ্কৰ মাজতো অপ্ৰতিৰোধ্য সঞ্জয় দত্ত। কেৱল অভিনয় দক্ষতাৰ বাবে আজিও লক্ষ লক্ষ অনুৰাগীৰ প্ৰিয় অভিনেতা হিচাপে স্থান দখল কৰি আহিছে তেওঁ। সেয়েহে যেতিয়া সঞ্জয় দত্তকৰ্কট ৰোগত আক্ৰান্ত হৈছিল, তেতিয়া অনুৰাগীৰ চকুত চকুপানী দেখিবলৈ পোৱা গৈছিল। ’৮০ ৰ দশকত ড্ৰাগছৰ প্ৰতি আসক্ত হোৱাৰ পৰা অবৈধ অস্ত্ৰ-শস্ত্ৰ ৰখাৰ বাবে কাৰাগাৰলৈ যাব লগা হৈছিল সঞ্জয় দত্তই। অৱশ্যে, তেওঁৰ অসাধাৰণ অভিনয় দক্ষতাৰ বাবে, সমগ্ৰ দেশতে নাম ৰৈ বৈ গৈছে সঞ্জয় দত্তৰ নাম। অভিনয় জীৱনত অনুৰাগীক একাধিক ছুপাৰহিট হিন্দী চলচ্চিত্ৰ উপহাৰ দিছে তেওঁ।

সঞ্জয় দত্ত আৰু আমিশা পেটেল এসময়ত  ভাল বন্ধু আছিল।  দুয়ো একেলগে বহুসময় অতিবাহিত কৰিছিল। সঞ্জয় দত্তৰ পত্নী মান্যতাৰ সৈতেও আমিশাৰ আছিল ভাল সম্পৰ্ক। কিন্তু তাৰকা-দম্পতীৰ মাজত বন্ধুত্বৰ সম্পৰ্কত হঠাতে ফাট মেলে। তেতিয়াৰ পৰা তেওঁলোকে ইজনে সিজনক এৰাই চলিছিল। বলীউডত মৰমৰ বন্ধুসকলৰ মাজত এনে ধৰণৰ বিচ্ছেদ অৱশ্যে নতুন কথা নহয়। নেটিজেনসকলে পূৰ্বেও শ্বাহৰূখ-কাজল, কৰণ জোহৰ-কৰীণাৰ মাজৰ সম্পৰ্কত ফাট মেলা দেখিছিল।

জানিবলৈ পোৱা মতে, সঞ্জয় দত্ত আৰু আমিশা পেটেলৰ ২০১১ চনলৈকে ভাল সম্পৰ্কই আছিল। কিন্তু ২০১২ চনত গোৱাৰ এটা অনুষ্ঠানত দুয়োৰে মাজত বিভ্ৰাটৰ সৃষ্টি হয়। ৰোহিতৰ বিয়া উপলক্ষে পৰিচালক ডেভিড ধাৱানে এই অনুষ্ঠানটো আয়োজন কৰিছিল। স্বাভাৱিকতে, অনুষ্ঠানটোত উপস্থিত আছিল বলীউডৰ বহু নামী তাৰকা। জানিব পৰা মতে, আমিশা পেটেলে দিনটোৰ অনুষ্ঠানত পৰিধান কৰিছিল আচৰিত পোছাক। তেতিয়াই সঞ্জুবাবাই আমিছাৰ শৰীৰৰ অনাবৃত অংশ ঢাকিবলৈ কয়। আমিশা পেটেলে সঞ্জুবাবাৰ এনে মন্তব্য একেবাৰে গ্ৰহণ কৰিব পৰা নাছিল। ইয়াৰ বিপৰীতে, সঞ্জয় দত্তক এই বিষয়বোৰক লৈ ব্যস্ত থাকিবলৈ বাধা দিয়ে।

কেৱল এয়াই নহয়, অনুষ্ঠানটোত সঞ্জয় দত্তই আমিশাৰ পোছাকৰ সন্মুখভাগ সকলোৰে সন্মুখত ওৰণিৰে ঢাকি দিছিল। সঞ্জয় দত্তৰ এনে কাৰ্যত ক্ষোভিত পৰিছিল অভিনেত্ৰীগৰাকীয়ে। সঞ্জু বাবাক কেইবাটাও তীক্ষ্ণ মন্তব্যৰে থকা সৰকা কৰিছিল আমিশাই। সকলোৰে সন্মুখত অপমানিত হোৱাৰ পাছত সঞ্জয় দত্তই সেই মুহূৰ্তত অনুষ্ঠান ত্যাগ কৰিছিল।সঞ্জয় দত্ত আৰু আমিশা পেটেলৰ বন্ধুত্বত এটা মাত্ৰ ঘটনাৰ বাবে ফাট মেলিছিল। এতিয়াও, দুয়োজনক একেলগে চিনেমাত দেখিবলৈ পোৱা নাই।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ