--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড জগতত 'বেড বয়' উপাধি লাভ কৰা কোনোবা যদি আছে, সেয়া হৈছে জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত। অগণিত বিতৰ্কৰ মাজতো অপ্ৰতিৰোধ্য সঞ্জয় দত্ত। কেৱল অভিনয় দক্ষতাৰ বাবে আজিও লক্ষ লক্ষ অনুৰাগীৰ প্ৰিয় অভিনেতা হিচাপে স্থান দখল কৰি আহিছে তেওঁ। সেয়েহে যেতিয়া সঞ্জয় দত্তকৰ্কট ৰোগত আক্ৰান্ত হৈছিল, তেতিয়া অনুৰাগীৰ চকুত চকুপানী দেখিবলৈ পোৱা গৈছিল। ’৮০ ৰ দশকত ড্ৰাগছৰ প্ৰতি আসক্ত হোৱাৰ পৰা অবৈধ অস্ত্ৰ-শস্ত্ৰ ৰখাৰ বাবে কাৰাগাৰলৈ যাব লগা হৈছিল সঞ্জয় দত্তই। অৱশ্যে, তেওঁৰ অসাধাৰণ অভিনয় দক্ষতাৰ বাবে, সমগ্ৰ দেশতে নাম ৰৈ বৈ গৈছে সঞ্জয় দত্তৰ নাম। অভিনয় জীৱনত অনুৰাগীক একাধিক ছুপাৰহিট হিন্দী চলচ্চিত্ৰ উপহাৰ দিছে তেওঁ।

সঞ্জয় দত্ত আৰু আমিশা পেটেল এসময়ত  ভাল বন্ধু আছিল।  দুয়ো একেলগে বহুসময় অতিবাহিত কৰিছিল। সঞ্জয় দত্তৰ পত্নী মান্যতাৰ সৈতেও আমিশাৰ আছিল ভাল সম্পৰ্ক। কিন্তু তাৰকা-দম্পতীৰ মাজত বন্ধুত্বৰ সম্পৰ্কত হঠাতে ফাট মেলে। তেতিয়াৰ পৰা তেওঁলোকে ইজনে সিজনক এৰাই চলিছিল। বলীউডত মৰমৰ বন্ধুসকলৰ মাজত এনে ধৰণৰ বিচ্ছেদ অৱশ্যে নতুন কথা নহয়। নেটিজেনসকলে পূৰ্বেও শ্বাহৰূখ-কাজল, কৰণ জোহৰ-কৰীণাৰ মাজৰ সম্পৰ্কত ফাট মেলা দেখিছিল।

জানিবলৈ পোৱা মতে, সঞ্জয় দত্ত আৰু আমিশা পেটেলৰ ২০১১ চনলৈকে ভাল সম্পৰ্কই আছিল। কিন্তু ২০১২ চনত গোৱাৰ এটা অনুষ্ঠানত দুয়োৰে মাজত বিভ্ৰাটৰ সৃষ্টি হয়। ৰোহিতৰ বিয়া উপলক্ষে পৰিচালক ডেভিড ধাৱানে এই অনুষ্ঠানটো আয়োজন কৰিছিল। স্বাভাৱিকতে, অনুষ্ঠানটোত উপস্থিত আছিল বলীউডৰ বহু নামী তাৰকা। জানিব পৰা মতে, আমিশা পেটেলে দিনটোৰ অনুষ্ঠানত পৰিধান কৰিছিল আচৰিত পোছাক। তেতিয়াই সঞ্জুবাবাই আমিছাৰ শৰীৰৰ অনাবৃত অংশ ঢাকিবলৈ কয়। আমিশা পেটেলে সঞ্জুবাবাৰ এনে মন্তব্য একেবাৰে গ্ৰহণ কৰিব পৰা নাছিল। ইয়াৰ বিপৰীতে, সঞ্জয় দত্তক এই বিষয়বোৰক লৈ ব্যস্ত থাকিবলৈ বাধা দিয়ে।

কেৱল এয়াই নহয়, অনুষ্ঠানটোত সঞ্জয় দত্তই আমিশাৰ পোছাকৰ সন্মুখভাগ সকলোৰে সন্মুখত ওৰণিৰে ঢাকি দিছিল। সঞ্জয় দত্তৰ এনে কাৰ্যত ক্ষোভিত পৰিছিল অভিনেত্ৰীগৰাকীয়ে। সঞ্জু বাবাক কেইবাটাও তীক্ষ্ণ মন্তব্যৰে থকা সৰকা কৰিছিল আমিশাই। সকলোৰে সন্মুখত অপমানিত হোৱাৰ পাছত সঞ্জয় দত্তই সেই মুহূৰ্তত অনুষ্ঠান ত্যাগ কৰিছিল।সঞ্জয় দত্ত আৰু আমিশা পেটেলৰ বন্ধুত্বত এটা মাত্ৰ ঘটনাৰ বাবে ফাট মেলিছিল। এতিয়াও, দুয়োজনক একেলগে চিনেমাত দেখিবলৈ পোৱা নাই।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ