--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ জন্মদিনৰ দিনাই মৃত্যুক সাৱটিলে এগৰাকী মডেল-অভিনেত্ৰীয়ে। কোনেনো জানিছিল এই জন্মদিনটোৱেই তেওঁৰ বাবে অন্তিম দিন হ'ব। মালায়ালাম মডেল-অভিনেত্ৰী ছাহানাই ১২ মে'ত তেওঁৰ ২১ বছৰীয়া জন্মদিন উদযাপন কৰিছিল। ১৩ মে'ৰ দুপৰীয়া ১ বজাত পৰিয়ালৰ লোকে ছাহানাৰ মৃত্যুৰ বিষয়ে জানিব পাৰিছিল। কেৰালাৰ(Kerala) কোজিকোড়েত সংঘটিত হৈছে এই ঘটনা।




স্বামীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ

ছাহানাৰ মাতৃয়ে ছাহানাৰ স্বামী ছাজ্জাদ এই মৃত্যুৰ বাবে দায়ী বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। মাতৃৰ অভিযোগ অনুসৰি ছাজ্জাদ আৰু তেওঁৰ পৰিয়ালে ছাহানাক হাৰাশাস্তি কৰি আছিল। ছাহানাৰ মাতৃয়ে কন্যাক পৃথককৈ থাকিবলৈ পৰামৰ্শ দিছিল কিন্তু পৃথক হোৱা স্বত্বেও পইচাৰ বাবে ছাহানাক হাৰাশাস্তি কৰিছিল স্বামীৰ পৰিয়ালে। ছাহানাৰ মাতৃয়ে কৈছে যে ছাজ্জাদেই তেওঁৰ কন্যাক হত্যা কৰিছে।ছাহানাৰ মাতৃৰ মতে ছাহানাই তেওঁৰ জন্মদিনত পৰিয়ালৰ সদস্যসকলক লগ কৰিব বিচাৰিছিল, কিন্তু ছাজ্জাদে সেই কথাত বাধা দিছিল। 



ছাহানাই কেইবাটাও গহনা বিজ্ঞাপনত কাম কৰিছিল আৰু ডেৰ বছৰ আগতে বিবাহপাশত আৱদ্ধ হৈছিল। এসপ্তাহৰ আগতে ছাহানাৰ মাকৰ পৰামৰ্শ অনুসৰি দুয়ো তেওঁলোকৰ পৰিয়ালৰ পৰা পৃথক হৈছিল আৰু এটা ভাড়াঘৰলৈ স্থানান্তৰিত হৈছিল। উল্লেখ্য যে ছাজ্জাদে আগতে কাটাৰত কাম কৰিছিল আৰু ভাৰতলৈ আহি নিবনুৱা হৈ পৰিছিল। 



জানিব পৰা অনুসৰি ছাহানাৰ জন্মদিনত ছাজ্জাদ পলমকৈ ঘৰলৈ আহিছিল, সেই কথাক লৈ দুয়োৰে মাজত তৰ্ক হৈছিল। তৰ্ক-বিতৰ্কৰ পিছত ছাজ্জাদে ছাহানাক বাথৰুমত মৃত অৱস্থাত পাইছিল। বাথৰুমৰ পৰা এডাল প্লাষ্টিকৰ ৰছীও উদ্ধাৰ কৰা হৈছে। কিন্তু এইটো এতিয়াও স্পষ্ট হোৱা নাই যে এইটো আত্মহত্যাৰ ঘটনা নে হত্যাৰ ঘটনা। আৰক্ষীৰ তদন্ততহে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ