--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজৰ জন্মদিনৰ দিনাই মৃত্যুক সাৱটিলে এগৰাকী মডেল-অভিনেত্ৰীয়ে। কোনেনো জানিছিল এই জন্মদিনটোৱেই তেওঁৰ বাবে অন্তিম দিন হ'ব। মালায়ালাম মডেল-অভিনেত্ৰী ছাহানাই ১২ মে'ত তেওঁৰ ২১ বছৰীয়া জন্মদিন উদযাপন কৰিছিল। ১৩ মে'ৰ দুপৰীয়া ১ বজাত পৰিয়ালৰ লোকে ছাহানাৰ মৃত্যুৰ বিষয়ে জানিব পাৰিছিল। কেৰালাৰ(Kerala) কোজিকোড়েত সংঘটিত হৈছে এই ঘটনা।




স্বামীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ

ছাহানাৰ মাতৃয়ে ছাহানাৰ স্বামী ছাজ্জাদ এই মৃত্যুৰ বাবে দায়ী বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। মাতৃৰ অভিযোগ অনুসৰি ছাজ্জাদ আৰু তেওঁৰ পৰিয়ালে ছাহানাক হাৰাশাস্তি কৰি আছিল। ছাহানাৰ মাতৃয়ে কন্যাক পৃথককৈ থাকিবলৈ পৰামৰ্শ দিছিল কিন্তু পৃথক হোৱা স্বত্বেও পইচাৰ বাবে ছাহানাক হাৰাশাস্তি কৰিছিল স্বামীৰ পৰিয়ালে। ছাহানাৰ মাতৃয়ে কৈছে যে ছাজ্জাদেই তেওঁৰ কন্যাক হত্যা কৰিছে।ছাহানাৰ মাতৃৰ মতে ছাহানাই তেওঁৰ জন্মদিনত পৰিয়ালৰ সদস্যসকলক লগ কৰিব বিচাৰিছিল, কিন্তু ছাজ্জাদে সেই কথাত বাধা দিছিল। 



ছাহানাই কেইবাটাও গহনা বিজ্ঞাপনত কাম কৰিছিল আৰু ডেৰ বছৰ আগতে বিবাহপাশত আৱদ্ধ হৈছিল। এসপ্তাহৰ আগতে ছাহানাৰ মাকৰ পৰামৰ্শ অনুসৰি দুয়ো তেওঁলোকৰ পৰিয়ালৰ পৰা পৃথক হৈছিল আৰু এটা ভাড়াঘৰলৈ স্থানান্তৰিত হৈছিল। উল্লেখ্য যে ছাজ্জাদে আগতে কাটাৰত কাম কৰিছিল আৰু ভাৰতলৈ আহি নিবনুৱা হৈ পৰিছিল। 



জানিব পৰা অনুসৰি ছাহানাৰ জন্মদিনত ছাজ্জাদ পলমকৈ ঘৰলৈ আহিছিল, সেই কথাক লৈ দুয়োৰে মাজত তৰ্ক হৈছিল। তৰ্ক-বিতৰ্কৰ পিছত ছাজ্জাদে ছাহানাক বাথৰুমত মৃত অৱস্থাত পাইছিল। বাথৰুমৰ পৰা এডাল প্লাষ্টিকৰ ৰছীও উদ্ধাৰ কৰা হৈছে। কিন্তু এইটো এতিয়াও স্পষ্ট হোৱা নাই যে এইটো আত্মহত্যাৰ ঘটনা নে হত্যাৰ ঘটনা। আৰক্ষীৰ তদন্ততহে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত