--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী প্ৰসূতিয়ে জন্ম দিলে এটা আজৱ শিশু। শিশুটোৰ দুটা মুৰ আৰু তিনিখন হাত আছে।মধ্য প্ৰদেশৰ ৰটলাম জিলাত সংঘটিত হৈছে এই ঘটনা। ৰটলামৰ এমচিএইচৰ শ্বাহিন নামৰ এগৰাকী মহিলাই এই আজৱ পুত্ৰ সন্তানটি জন্ম দিছে। শিশুটোৰ দুটা মুৰ আৰু তিনিখন হাত থকা দেখি চিকিৎসকসকল আচৰিত হৈ পৰে।শিশুটিৰ  তৃতীয়খন হাত আছে দুই মুৰৰ পিছফালে। শিশুটোৰ ওজন ৩ কেজি ১০০ গ্ৰাম। শিশুটোৰ পিতৃৰ নাম চোহেল খান। চোহেলে এখন অটো চলায় পৰিয়াল চলাই আছে। দুয়োজনে আঢ়ৈ বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল। এই শিশুটো তেওঁলোকৰ প্ৰথম সন্তান।শিশুটোক কিছু সময়ৰ বাবে ৰটলামৰ এছএনচিইউত ৰখা হৈছিল আৰু তাৰ পৰা উন্নত চিকিৎসাৰ বাবে ইন্দোৰৰ এমৱাই হাস্পতাললৈ প্ৰেৰণ কৰা হয়। ছন'গ্ৰাফী কৰোতে শ্বাহিনৰ গৰ্ভত যমজ শিশুৰ উপস্থিতি ধৰা পৰিছিল। ছন'গ্ৰাফীত শিশুটিৰ কোনো বিংসগতি ধৰা পৰা নাছিল। এছএনচিইউৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ নাভেদ কুৰেছিয়ে সদৰী কৰা অনুসৰি শিশুটোৰ অৱস্থা সংকটজনক।  ডাঃ নাভেদ কুৰেছিয়ে কৈছিল যে এনে ক্ষেত্ৰত বহুতো শিশু হয় গৰ্ভতে মৃত হয় আৰু আনকি শিশুটো জন্ম হ'লেও কেৱল ৪৮ ঘণ্টাহে জীয়াই থাকিব পাৰে। এনে ক্ষেত্ৰত অস্ত্ৰোপচাৰৰ বিকল্পও আছে যদিও ৬০ ৰ পৰা ৭০ শতাংশ এনে শিশুৰ মৃত্যু ঘটে। বৰ্তমান শিশুটোক ইন্দোৰৰ এমৱাই হস্পিটেলৰ আইচিইউত ভৰ্তি কৰোৱা হৈছে আনহাতে মাতৃগৰাকীক ৰটলামৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। শিশুটো বৰ্তমান চিকিৎসকৰ তত্বাৱধানত আছে। আৰু পঢ়কঃ কি আছে আপোনাৰ ভাগ্যত… ৰাশিফল চাই আৰম্ভ কৰক আজিৰ দিনটো

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন