--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী প্ৰসূতিয়ে জন্ম দিলে এটা আজৱ শিশু। শিশুটোৰ দুটা মুৰ আৰু তিনিখন হাত আছে।মধ্য প্ৰদেশৰ ৰটলাম জিলাত সংঘটিত হৈছে এই ঘটনা। ৰটলামৰ এমচিএইচৰ শ্বাহিন নামৰ এগৰাকী মহিলাই এই আজৱ পুত্ৰ সন্তানটি জন্ম দিছে। শিশুটোৰ দুটা মুৰ আৰু তিনিখন হাত থকা দেখি চিকিৎসকসকল আচৰিত হৈ পৰে।শিশুটিৰ  তৃতীয়খন হাত আছে দুই মুৰৰ পিছফালে। শিশুটোৰ ওজন ৩ কেজি ১০০ গ্ৰাম। শিশুটোৰ পিতৃৰ নাম চোহেল খান। চোহেলে এখন অটো চলায় পৰিয়াল চলাই আছে। দুয়োজনে আঢ়ৈ বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল। এই শিশুটো তেওঁলোকৰ প্ৰথম সন্তান।শিশুটোক কিছু সময়ৰ বাবে ৰটলামৰ এছএনচিইউত ৰখা হৈছিল আৰু তাৰ পৰা উন্নত চিকিৎসাৰ বাবে ইন্দোৰৰ এমৱাই হাস্পতাললৈ প্ৰেৰণ কৰা হয়। ছন'গ্ৰাফী কৰোতে শ্বাহিনৰ গৰ্ভত যমজ শিশুৰ উপস্থিতি ধৰা পৰিছিল। ছন'গ্ৰাফীত শিশুটিৰ কোনো বিংসগতি ধৰা পৰা নাছিল। এছএনচিইউৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ নাভেদ কুৰেছিয়ে সদৰী কৰা অনুসৰি শিশুটোৰ অৱস্থা সংকটজনক।  ডাঃ নাভেদ কুৰেছিয়ে কৈছিল যে এনে ক্ষেত্ৰত বহুতো শিশু হয় গৰ্ভতে মৃত হয় আৰু আনকি শিশুটো জন্ম হ'লেও কেৱল ৪৮ ঘণ্টাহে জীয়াই থাকিব পাৰে। এনে ক্ষেত্ৰত অস্ত্ৰোপচাৰৰ বিকল্পও আছে যদিও ৬০ ৰ পৰা ৭০ শতাংশ এনে শিশুৰ মৃত্যু ঘটে। বৰ্তমান শিশুটোক ইন্দোৰৰ এমৱাই হস্পিটেলৰ আইচিইউত ভৰ্তি কৰোৱা হৈছে আনহাতে মাতৃগৰাকীক ৰটলামৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। শিশুটো বৰ্তমান চিকিৎসকৰ তত্বাৱধানত আছে। আৰু পঢ়কঃ কি আছে আপোনাৰ ভাগ্যত… ৰাশিফল চাই আৰম্ভ কৰক আজিৰ দিনটো

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ