--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি যেতিয়া নতুন স্পট এটালৈ যাওঁ, তেতিয়া আমি প্ৰথমে চিন্তা কৰোঁ যে সেই ঠাইলৈ যাবলৈ হ’লে গাড়ী ভাড়াত পাম নে নাই? চন্দ্ৰলৈ যাবলগীয়া হ’লেও মনৰ মাজত এনে চিন্তাৰ  অংকুৰণ ঘটাটো কোনো অস্বাভাৱিক কথা নহয়। এনে কথাবোৰৰ প্ৰতি গুৰুত্ব ৰাখিয়েই ভৱিষ্যতে এটা কোম্পানীয়ে চন্দ্ৰত ভাড়া গাড়ীৰ ব্যৱস্থা কৰিবলৈ ওলাইছে।

আমেৰিকাৰ গাড়ী নিৰ্মাতা জেনেৰেল মটৰ্ছ আৰু এৰোস্পেচ, মিলিটাৰী আৰু প্ৰতিৰক্ষা সঁজুলি নিৰ্মাতা লকহিড মাৰ্টিনে যৌথভাৱে নিৰ্মাণ কৰি উলিয়াইছে এখন বিশেষ গাড়ী যিখন বাহন মহাকাশচাৰীসকলে চন্দ্ৰত ভাড়াত ল’ব পৰাকৈ উপলব্ধ হ’ব। এই বাহনখনে মহাকাশচাৰী আৰু তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰী চন্দ্ৰলৈ লৈ যোৱাত সহায়ক হ’ব বুলিও জনাইছে নিৰ্মাণ কোম্পানীটোৱে।

কোম্পানী দুটাই সদৰী কৰা মতে, চন্দ্ৰপৃষ্ঠত নেভিগেট কৰাৰ বাবে প্ৰয়োজনীয় সকলো বাহন উপযোগী কৰি তোলাৰ বাবে কাম কৰি আছে। মহাকাশ পৰ্যটনৰ সৈতে বাণিজ্যিকভাৱে কাম কৰিবলৈ আগ্ৰহী সংস্থা যেনে স্পেচএক্স বা ব্লু অৰিজিনৰ বাবেও এই বাহনসমূহ উপযোগী হ’ব। ইয়াৰোপৰি নাছাই ইচ্ছা কৰিলে এই গাড়ীখন ভাড়াতো দিব পাৰিব বুলি জানিবলৈ পোৱা গৈছে।

সৌৰশক্তিৰ সহায়ত চন্দ্ৰত চলিব এই গাড়ীসমূহ। ২০২৫ চনৰ পৰা আৰম্ভ হ’ব মানুহক চন্দ্ৰলৈ লৈ যোৱাৰ এই নৱতম অভিযান। অৱশ্যে, এই অভিযানৰ পূৰ্বে চন্দ্ৰত সাজু হ’ব ‘লুনাৰ মবিলিটি ভেহিকেল’ নামৰ এখন বিশেষ বাহন চন্দ্ৰত থাকিব বুলি জেনেৰেল মটৰ্ছ আৰু লকহিড মাৰ্টিনে প্ৰকাশ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ