--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰত চৰকাৰে ভাৰত চৰকাৰৰ অধীনস্থ কৰ্মচাৰীসকলক গুগল ড্ৰাইভ, আৰু ড্ৰপবক্সৰ দৰে তৃতীয় পক্ষ আৰু বেচৰকাৰী ক্লাউড প্লেটফৰ্ম ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। চৰকাৰী কৰ্মচাৰীসকলকো ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক (ভিপিএন) সেৱা ব্যৱহাৰ কৰাত বাধা দিয়া হৈছে।

শেহতীয়াকৈ, নৰ্ডভিপিএন আৰু এক্সপ্ৰেছ ভিপিএনৰ দৰে কিছুমান জনপ্ৰিয় ভিপিএন সেৱা প্ৰদানকাৰীয়ে ভাৰতৰ পৰা নেটৱৰ্ক আঁতৰোৱাৰ কথা ঘোষণা কৰিছে। শেহতীয়াকৈ দেশৰ নতুন ভিপিএন নীতি ঘোষণাৰ পাছতে এই পদক্ষেপ লোৱা হৈছে।

কেইবাটাও সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, এই নিৰ্দেশটো ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰই (এনআইচি) সদৰী কৰিছে আৰু সকলো মন্ত্ৰণালয় আৰু বিভাগলৈ প্ৰচাৰৰ বাবে প্ৰেৰণ কৰিছে৷ এই নিৰ্দেশটো ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ে অনুমোদন জনাইছে৷ 

চৰকাৰে নতুন ভিপিএন নীতি ঘোষণা কৰাৰ কেইসপ্তাহমানৰ পাছতে এই পদক্ষেপটো কাৰ্যকৰী হৈছে, য’ত ভিপিএন সেৱা প্ৰদানকাৰী আৰু ডাটা কেন্দ্ৰ কোম্পানীবোৰে পাঁচ বছৰলৈকে ব্যৱহাৰকাৰীৰ তথ্য সংৰক্ষণ কৰিব লাগিব।

চৰকাৰী কৰ্মচাৰীসকলক চৰকাৰী যোগাযোগৰ বাবে কোনো বাহ্যিক ইমেইল সেৱা ব্যৱহাৰ নকৰিবলৈ আৰু অননুমোদিত তৃতীয় পক্ষৰ ভিডিঅ’ কনফাৰেন্সিং বা সহযোগিতা সঁজুলি ব্যৱহাৰ কৰিহে সংবেদনশীল আভ্যন্তৰীণ সভা আৰু আলোচনা কৰিবলৈ কোৱা হৈছে। ইয়াৰ উপৰিও, ভাৰত চৰকাৰে কৰ্মচাৰীসকলক আভ্যন্তৰীণ চৰকাৰী নথিপত্ৰ স্কেন কৰাৰ বাবে কোনো বাহ্যিক মোবাইল এপ-আধাৰিত স্কেনাৰ সেৱা ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ দিছে।

উল্লেখ্য যে, ২০২০ চনত টিকটক আৰু পাবজী গেমৰ সৈতে ভাৰতত আটাইতকৈ জনপ্ৰিয় ডকুমেণ্ট স্কেনাৰ এপ ‘কেমস্কেনাৰ’ নিষিদ্ধ কৰা হৈছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ