--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰষুণে ব্যাঘাত জন্মোৱা মহিলাৰ ত্ৰিদলীয় এদিনীয়া শৃংখলাৰ কালি প্রথম খেলত শ্রীলংকাক ৯ উইকেটত পৰাজিত কৰে ভাৰতে। অ'পেনাৰ প্রতীকা ৰাৱালৰ আকৰ্ষণীয় অপৰাজিত ৫০ ৰানৰ লগতে স্নেহ ৰাণা (৩-৩১) আৰু অভিষেক ঘটোৱা শ্ৰী চাৰাণীৰ (২-২৬) নিয়ন্ত্রিত বলিঙৰ সহায়েৰে ভাৰতীয় মহিলা দলে ত্রিদলীয় শৃংখলাত জয়েৰে অভিযান আৰম্ভ কৰে। 

প্ৰথমে বেট ধৰা শ্ৰীলংকাই বৰষুণৰ বাবে ৩৯ অ'ভাৰলৈ হ্রাস কৰা খেলখনত ৫টা উইকেট বাকী থকা অৱস্থাত ১৪৭ ৰানত কেউটা উইকেট হেৰুৱায়। দলৰ হৈ হাছিনি পেৰেৰাই সর্বাধিক ৩০, কাভিছা ডিলদাৰীয়ে ২৫ আৰু অনুষ্কা সঞ্জীৱনীয়ে ২২ ৰানৰ উল্লেখনীয় অৱদান যোগায়। ভাৰতৰ হৈ স্নেহ আৰু চাৰাণীৰ উপৰি ছিনিয়ৰ অফ-স্পীনাৰ দীপ্তি শর্মাই পায় দুটা উইকেট। 

প্রত্যুত্তৰত ভাৰতে প্রতীকাৰ (৫০) অপৰাজিত অর্ধ-শতৰানৰ জৰিয়তে ১৯.৪ অ'ভাৰতে স্মৃতি মান্ধানাৰ (৪৩) উইকেট হেৰুৱাই ১৪৯ ৰান কৰি লক্ষ্য অতিক্রম কৰে। প্ৰতীকাৰ সৈতে ৪৮ ৰানত অবিজিত থাকে হার্লিন দেউল। ভাৰত এতিয়া ২৯ এপ্রিলত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে অৱতীর্ণ হ'ব।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ