--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰষুণে ব্যাঘাত জন্মোৱা মহিলাৰ ত্ৰিদলীয় এদিনীয়া শৃংখলাৰ কালি প্রথম খেলত শ্রীলংকাক ৯ উইকেটত পৰাজিত কৰে ভাৰতে। অ'পেনাৰ প্রতীকা ৰাৱালৰ আকৰ্ষণীয় অপৰাজিত ৫০ ৰানৰ লগতে স্নেহ ৰাণা (৩-৩১) আৰু অভিষেক ঘটোৱা শ্ৰী চাৰাণীৰ (২-২৬) নিয়ন্ত্রিত বলিঙৰ সহায়েৰে ভাৰতীয় মহিলা দলে ত্রিদলীয় শৃংখলাত জয়েৰে অভিযান আৰম্ভ কৰে। 

প্ৰথমে বেট ধৰা শ্ৰীলংকাই বৰষুণৰ বাবে ৩৯ অ'ভাৰলৈ হ্রাস কৰা খেলখনত ৫টা উইকেট বাকী থকা অৱস্থাত ১৪৭ ৰানত কেউটা উইকেট হেৰুৱায়। দলৰ হৈ হাছিনি পেৰেৰাই সর্বাধিক ৩০, কাভিছা ডিলদাৰীয়ে ২৫ আৰু অনুষ্কা সঞ্জীৱনীয়ে ২২ ৰানৰ উল্লেখনীয় অৱদান যোগায়। ভাৰতৰ হৈ স্নেহ আৰু চাৰাণীৰ উপৰি ছিনিয়ৰ অফ-স্পীনাৰ দীপ্তি শর্মাই পায় দুটা উইকেট। 

প্রত্যুত্তৰত ভাৰতে প্রতীকাৰ (৫০) অপৰাজিত অর্ধ-শতৰানৰ জৰিয়তে ১৯.৪ অ'ভাৰতে স্মৃতি মান্ধানাৰ (৪৩) উইকেট হেৰুৱাই ১৪৯ ৰান কৰি লক্ষ্য অতিক্রম কৰে। প্ৰতীকাৰ সৈতে ৪৮ ৰানত অবিজিত থাকে হার্লিন দেউল। ভাৰত এতিয়া ২৯ এপ্রিলত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে অৱতীর্ণ হ'ব।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ