--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • হ'ল্ডষ্টকৰ পাঁচটা সিদ্ধান্তক লৈ বিতৰ্কৰ সৃষ্টি হৈছে।

ডিজিটেল ডেস্ক : ৱেষ্ট ইণ্ডিজ আৰু অষ্ট্ৰেলিয়াৰ মাজৰ তিনিখনীয়া শৃংখলাৰ প্রথমখন টেষ্টত আম্পায়াৰৰ কেইটামান ভুল সিদ্ধান্তই বিতৰ্কৰ সৃষ্টি কৰিছে। কেনছিংটন অ'ভেলত খেলোৱা এই টেষ্টখনত ঘৰুৱা দল ৱেষ্ট ইণ্ডিজ ১৫৯ ৰানৰ ব্যৱধানত পৰাজিত হয়। টেষ্টখনত এটা সময়ত ৱেষ্ট ইণ্ডিজে আধিপত্য বিস্তাৰ কৰি আছিল। কিন্তু অষ্ট্ৰেলিয়াই চমকপ্রদভাৱে প্ৰত্যাৱৰ্তন কৰি নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিয়ে।


টেষ্টখনত তৃতীয় আম্পায়াৰ আড্রিয়ান হ'ল্ডষ্টকৰ কেইটামান বিতর্কিত সিদ্ধান্তই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। তেওঁৰ এই সিদ্ধান্তক লৈ তুমুল বিতৰ্কৰ সৃষ্টি হয়। ৱেষ্ট ইণ্ডিজৰ অধিনায়ক ৰাষ্টন চেইজে তৃতীয় আম্পায়াৰৰ সিদ্ধান্তক কঠোৰ সমালোচনা কৰিছে।


উল্লেখযোগ্য যে হ'ল্ডষ্টকৰ পাঁচটা সিদ্ধান্তক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। ইয়াৰে চাৰিটা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দিয়া হয়। এটা সিদ্ধান্ত চেইজৰ বিৰুদ্ধেও আছিল। হ'ল্ডষ্টকৰ সিদ্ধান্তই মেচৰ ফলতো প্রভাৱ পেলায়। উল্লেখযোগ্য যে মেচখনৰ দ্বিতীয় দিনা অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সৰ এটা বলত চেইজক এল বি ডব্লিউ আউট দিয়া হয়। ভি আৰ এছত দেখা পোৱা মতে বল চেইজৰ ভৰিত লগা নাছিল, তাৰ পাছতো তেওঁক আউট দিয়া হয়। তেনেকুৱা আৰু কেইটামান বিতর্কিত সিদ্ধান্ত আছিল হ'ল্ডষ্টকৰ। মেচখনৰ পাছত ৱেষ্ট ইণ্ডিজৰ অধিনায়কজনে হ'ল্ডষ্টকক কঠোৰ সমালোচনা কৰে।


ৰাষ্টন চেইজে কয়, 'যেতিয়া খেলুৱৈয়ে লাইন ক্রছ কৰে তেতিয়া আমাক কঠোৰ শাস্তি দিয়া হয়, কেতিয়াবা কেতিয়াবা আমাক নিষিদ্ধও কৰা হয়। কিন্তু আম্পায়াৰক কেতিয়াও একো নহয়। এটা ভুল সিদ্ধান্ত বা সন্দেহজনক সিদ্ধান্ত দিয়াৰ পাছতো তেওঁ আগৰ দৰেই চলি থাকে।' তেওঁ ভুল সিদ্ধান্তৰ বাবে আম্পায়াৰকো শাস্তি দিয়াৰ দাবী কৰে, যিটো এতিয়ালৈকে ক্রিকেটত দেখা পোৱা নাই। ৰাষ্টন চেইজৰ এই মন্তব্যই এতিয়া ক্রিকেট বিশ্বত নতুন বিতৰ্কৰ সৃষ্টি কৰিছে।


উল্লেখযোগ্য যে টেষ্টখনত অষ্ট্ৰেলিয়াই প্রথম ইনিংছ সামৰে ১৮০ ৰানত। ৱেষ্ট ইণ্ডিজে প্রথম ইনিংছত ১৯০ ৰান কৰি মাত্র ১০ ৰানৰ অগ্রগতি লাভ কৰে। অষ্ট্ৰেলিয়াই দ্বিতীয় ইনিংছত সুন্দৰ খেল প্ৰদৰ্শন কৰি ৩১০ ৰান কৰে। ফলত টেষ্টখনত জয়ী হোৱাৰ কাৰণে ৱেষ্ট ইণ্ডিজক প্রয়োজন হয় ৩০১ ৰানৰ, কিন্তু দলটোৱে ১৪১ ৰানত আটাইকেউটা উইকেট হেৰুৱায় আৰু ১৫৯ ৰানত পৰাজিত হয়। অষ্ট্ৰেলিয়াৰ জ'ছ হেজেলউডে ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় ইনিংছত পাঁচটা উইকেট দখল কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে