--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • হ'ল্ডষ্টকৰ পাঁচটা সিদ্ধান্তক লৈ বিতৰ্কৰ সৃষ্টি হৈছে।

ডিজিটেল ডেস্ক : ৱেষ্ট ইণ্ডিজ আৰু অষ্ট্ৰেলিয়াৰ মাজৰ তিনিখনীয়া শৃংখলাৰ প্রথমখন টেষ্টত আম্পায়াৰৰ কেইটামান ভুল সিদ্ধান্তই বিতৰ্কৰ সৃষ্টি কৰিছে। কেনছিংটন অ'ভেলত খেলোৱা এই টেষ্টখনত ঘৰুৱা দল ৱেষ্ট ইণ্ডিজ ১৫৯ ৰানৰ ব্যৱধানত পৰাজিত হয়। টেষ্টখনত এটা সময়ত ৱেষ্ট ইণ্ডিজে আধিপত্য বিস্তাৰ কৰি আছিল। কিন্তু অষ্ট্ৰেলিয়াই চমকপ্রদভাৱে প্ৰত্যাৱৰ্তন কৰি নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিয়ে।


টেষ্টখনত তৃতীয় আম্পায়াৰ আড্রিয়ান হ'ল্ডষ্টকৰ কেইটামান বিতর্কিত সিদ্ধান্তই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। তেওঁৰ এই সিদ্ধান্তক লৈ তুমুল বিতৰ্কৰ সৃষ্টি হয়। ৱেষ্ট ইণ্ডিজৰ অধিনায়ক ৰাষ্টন চেইজে তৃতীয় আম্পায়াৰৰ সিদ্ধান্তক কঠোৰ সমালোচনা কৰিছে।


উল্লেখযোগ্য যে হ'ল্ডষ্টকৰ পাঁচটা সিদ্ধান্তক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। ইয়াৰে চাৰিটা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দিয়া হয়। এটা সিদ্ধান্ত চেইজৰ বিৰুদ্ধেও আছিল। হ'ল্ডষ্টকৰ সিদ্ধান্তই মেচৰ ফলতো প্রভাৱ পেলায়। উল্লেখযোগ্য যে মেচখনৰ দ্বিতীয় দিনা অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সৰ এটা বলত চেইজক এল বি ডব্লিউ আউট দিয়া হয়। ভি আৰ এছত দেখা পোৱা মতে বল চেইজৰ ভৰিত লগা নাছিল, তাৰ পাছতো তেওঁক আউট দিয়া হয়। তেনেকুৱা আৰু কেইটামান বিতর্কিত সিদ্ধান্ত আছিল হ'ল্ডষ্টকৰ। মেচখনৰ পাছত ৱেষ্ট ইণ্ডিজৰ অধিনায়কজনে হ'ল্ডষ্টকক কঠোৰ সমালোচনা কৰে।


ৰাষ্টন চেইজে কয়, 'যেতিয়া খেলুৱৈয়ে লাইন ক্রছ কৰে তেতিয়া আমাক কঠোৰ শাস্তি দিয়া হয়, কেতিয়াবা কেতিয়াবা আমাক নিষিদ্ধও কৰা হয়। কিন্তু আম্পায়াৰক কেতিয়াও একো নহয়। এটা ভুল সিদ্ধান্ত বা সন্দেহজনক সিদ্ধান্ত দিয়াৰ পাছতো তেওঁ আগৰ দৰেই চলি থাকে।' তেওঁ ভুল সিদ্ধান্তৰ বাবে আম্পায়াৰকো শাস্তি দিয়াৰ দাবী কৰে, যিটো এতিয়ালৈকে ক্রিকেটত দেখা পোৱা নাই। ৰাষ্টন চেইজৰ এই মন্তব্যই এতিয়া ক্রিকেট বিশ্বত নতুন বিতৰ্কৰ সৃষ্টি কৰিছে।


উল্লেখযোগ্য যে টেষ্টখনত অষ্ট্ৰেলিয়াই প্রথম ইনিংছ সামৰে ১৮০ ৰানত। ৱেষ্ট ইণ্ডিজে প্রথম ইনিংছত ১৯০ ৰান কৰি মাত্র ১০ ৰানৰ অগ্রগতি লাভ কৰে। অষ্ট্ৰেলিয়াই দ্বিতীয় ইনিংছত সুন্দৰ খেল প্ৰদৰ্শন কৰি ৩১০ ৰান কৰে। ফলত টেষ্টখনত জয়ী হোৱাৰ কাৰণে ৱেষ্ট ইণ্ডিজক প্রয়োজন হয় ৩০১ ৰানৰ, কিন্তু দলটোৱে ১৪১ ৰানত আটাইকেউটা উইকেট হেৰুৱায় আৰু ১৫৯ ৰানত পৰাজিত হয়। অষ্ট্ৰেলিয়াৰ জ'ছ হেজেলউডে ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় ইনিংছত পাঁচটা উইকেট দখল কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি