--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই অভিযোগ মহিলাগৰাকীয়ে উত্তৰ প্ৰদেশ চৰকাৰৰ আই জি আৰ এছ (ইণ্টেগ্ৰেটেড গ্ৰিভেন্স ৰিড্ৰেছল চিষ্টেম)ৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ অনলাইন অভিযোগ কোষত দাখিল কৰিছে।

ডিজিটেল ডেস্কঃ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত আৰ চি বিৰ হৈ খেলা ক্ৰিকেটাৰ যশ দয়াল যেন এক বৃহৎ বিতৰ্কৰ মাজত সোমাই পৰিছে। গাজিয়াবাদৰ এগৰাকী যুৱতীয়ে যশ দয়ালৰ বিৰুদ্ধে বিবাহৰ অজুহাতত শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে।


এই অভিযোগ মহিলাগৰাকীয়ে উত্তৰ প্ৰদেশ চৰকাৰৰ আই জি আৰ এছ (ইণ্টেগ্ৰেটেড গ্ৰিভেন্স ৰিড্ৰেছল চিষ্টেম)ৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ অনলাইন অভিযোগ কোষত দাখিল কৰিছে।


এই বিষয়টোক গুৰুত্বসহকাৰে লৈ মুখ্যমন্ত্রীৰ কার্যালয়ে গাজিয়াবাদৰ চি অ’ ইন্দিৰাপুৰমৰ পৰা প্রতিবেদন বিচাৰিছে৷ এই অভিযোগ ২০২৫ চনৰ ২১ জুলাইৰ ভিতৰত বাধ্যতামূলকভাৱে নিষ্পত্তি কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে।


১৪ জুনত অভিযোগ


যুৱতীগৰাকীয়ে লগতে দাবী কৰিছে যে ২০২৫ চনৰ ১৪ জুনত মহিলা হেল্পলাইন নম্বৰতো এই বিষয়ত এজাহাৰ দাখিল কৰিছিল যদিও এতিয়ালৈকে কোনো সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। যুৱতীগৰাকীয়ে অভিযোগত লিখিছে যে যোৱা ৫ বছৰে যশ দয়ালৰ লগত মোৰ সম্পৰ্ক আছিল। বাৰে বাৰে বিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও পিছলৈ পিছুৱাই গৈছিল। এই সময়ছোৱাত মোৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলিছিল। এতিয়া মই ন্যায় বিচাৰো। বৰ্তমান সময়ত এই বিষয়ত যশ দয়াল বা তেওঁৰ পৰিয়ালৰ কোনো আনুষ্ঠানিক সঁহাৰি পোৱা নাই।


আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযোগৰ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰা হৈছে আৰু যুৱতীগৰাকীৰ পৰা বক্তব্য লৈ তথ্য পৰীক্ষা কৰা হৈছে। যদি বিষয়টো সঁচা বুলি ধৰা পৰে তেন্তে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। এই ঘটনা পোহৰলৈ অহাৰ পাছত ছচিয়েল মিডিয়াত যশ দয়াল সন্দৰ্ভত আলোচনা তীব্ৰতৰ হৈ পৰিছে। এনে বিতৰ্কত এজন ক্ৰিকেটাৰ জড়িত হোৱাটো প্ৰথম নহয়।


অভিযোগকাৰী যুৱতীগৰাকীয়ে এজাহাৰত অভিযোগ কৰিছে যে যেতিয়া তেওঁ গম পালে যে ক্ৰিকেটাৰগৰাকীয়ে তেওঁক প্ৰতাৰণা কৰি বিবাহৰ প্ৰতিশ্ৰুতি মাথোঁ এটা প্ৰৱঞ্চনা আছিল, তেতিয়া তেওঁ ইয়াৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত তেওঁ কেৱল মানসিক নিৰ্যাতনেই নহয় শাৰীৰিক হিংসাৰ সন্মুখীন হ’বলগীয়া হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ