--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয় টিভি ধাৰাবাহিক ৰামানন্দ সাগৰৰ ‘ৰামায়ণ’ত দীপিকা চিখলিয়াই(Dipika Chikhlia) সীতাৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ হৃদয়ত সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছিল। বহু বছৰৰ আগতে এই ধাৰাবাহিকখন প্ৰচাৰ হৈছিল যদিও দীপিকাৰ প্ৰতিচ্ছবি এতিয়াও মানুহৰ মনত সীতা মাৰ দৰেই আছে। ইয়াৰ পৰা আপুনি অনুমান কৰিব পাৰে যে টিভিত সীতাৰ চৰিত্ৰত অভিনয় কৰি দীপিকা কেনেকৈ জনসাধাৰণৰ মাজত বিখ্যাত হৈ পৰিল। কিন্তু শেহতীয়াকৈ দীপিকা চিখলিয়া কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে। কি ভুল কৰিলে দীপিকাই? 



এখন ফটোৰ বাবে ছ'চিয়েল মিডিয়াত ট্ৰ’লৰ সন্মুখীন হৈছে অভিনেত্ৰীগৰাকী। ফটোখনত দীপিকা চিখলিয়াক দুগৰাকী মহিলাৰ সৈতে দেখা গৈছে। দীপিকাই পিন্ধি আছিল বগা চাৰ্ট আৰু ক’লা ৰঙৰ চুটি স্কাৰ্ট। লগতে দীপিকাৰ হাতত দেখা গৈছিল মদৰ গিলাচ। এই ফটোখন ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ লগে লগে দীপিকা ট্ৰ’লিংৰ বলি হৈ পৰে। নেটিজেনসকলে ট্ৰ’ল কৰাৰ লগে লগে প’ষ্টটো ডিলিট কৰি দিয়ে অভিনেত্ৰীগৰাকীয়ে। 

 

দীপিকাই এই ট্ৰলিং সন্দৰ্ভত কয় য়ে ‘‘এই ফটো পোষ্ট কৰাটো তেওঁৰ আটাইতকৈ ডাঙৰ ভুল আছিল। মই কেতিয়াও এনেকুৱা নকৰো। মই কেতিয়াও মোৰ অনুৰাগীসকলক আঘাত দিব নিবিচাৰো। মোৰ বেয়া লাগিছে যে মোক ট্ৰ’ল কৰা হৈছে। মোৰ অনুৰাগীসকলৰ আৱেগক আঘাত দি মোৰ বেয়া লাগিছে। মই জানো যে মানুহে মোক দীপিকা হিচাপে নহয় সীতা হিচাপেহে চাব বিচাৰে। মই স্বীকাৰ কৰিছো যে মোৰ ভুল হৈছে। মই মাত্ৰ ক’ব বিচাৰিছো যে ময়ো এজন মানুহ।’’
 


যেতিয়া অভিনেত্ৰীগৰাকীক সোধা হৈছিল যে গিলাচটোত কি আছিল, ইয়াৰ উত্তৰত দীপিকাই ক’লে-‘‘সেয়া মদ নাছিল। মই মদ নাখাওঁ। পুৰণি বন্ধু-বান্ধৱীৰ সৈতে সেয়া এক সৰু পাৰ্টি আছিল। মই অনুভৱ কৰিলো যে মানুহবোৰ মোক লৈ দুখী হৈছে সেয়ে প’ষ্টটো ডিলিট কৰি দিলোঁ।’’






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ