--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয় টিভি ধাৰাবাহিক ৰামানন্দ সাগৰৰ ‘ৰামায়ণ’ত দীপিকা চিখলিয়াই(Dipika Chikhlia) সীতাৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ হৃদয়ত সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছিল। বহু বছৰৰ আগতে এই ধাৰাবাহিকখন প্ৰচাৰ হৈছিল যদিও দীপিকাৰ প্ৰতিচ্ছবি এতিয়াও মানুহৰ মনত সীতা মাৰ দৰেই আছে। ইয়াৰ পৰা আপুনি অনুমান কৰিব পাৰে যে টিভিত সীতাৰ চৰিত্ৰত অভিনয় কৰি দীপিকা কেনেকৈ জনসাধাৰণৰ মাজত বিখ্যাত হৈ পৰিল। কিন্তু শেহতীয়াকৈ দীপিকা চিখলিয়া কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে। কি ভুল কৰিলে দীপিকাই? 



এখন ফটোৰ বাবে ছ'চিয়েল মিডিয়াত ট্ৰ’লৰ সন্মুখীন হৈছে অভিনেত্ৰীগৰাকী। ফটোখনত দীপিকা চিখলিয়াক দুগৰাকী মহিলাৰ সৈতে দেখা গৈছে। দীপিকাই পিন্ধি আছিল বগা চাৰ্ট আৰু ক’লা ৰঙৰ চুটি স্কাৰ্ট। লগতে দীপিকাৰ হাতত দেখা গৈছিল মদৰ গিলাচ। এই ফটোখন ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ লগে লগে দীপিকা ট্ৰ’লিংৰ বলি হৈ পৰে। নেটিজেনসকলে ট্ৰ’ল কৰাৰ লগে লগে প’ষ্টটো ডিলিট কৰি দিয়ে অভিনেত্ৰীগৰাকীয়ে। 

 

দীপিকাই এই ট্ৰলিং সন্দৰ্ভত কয় য়ে ‘‘এই ফটো পোষ্ট কৰাটো তেওঁৰ আটাইতকৈ ডাঙৰ ভুল আছিল। মই কেতিয়াও এনেকুৱা নকৰো। মই কেতিয়াও মোৰ অনুৰাগীসকলক আঘাত দিব নিবিচাৰো। মোৰ বেয়া লাগিছে যে মোক ট্ৰ’ল কৰা হৈছে। মোৰ অনুৰাগীসকলৰ আৱেগক আঘাত দি মোৰ বেয়া লাগিছে। মই জানো যে মানুহে মোক দীপিকা হিচাপে নহয় সীতা হিচাপেহে চাব বিচাৰে। মই স্বীকাৰ কৰিছো যে মোৰ ভুল হৈছে। মই মাত্ৰ ক’ব বিচাৰিছো যে ময়ো এজন মানুহ।’’
 


যেতিয়া অভিনেত্ৰীগৰাকীক সোধা হৈছিল যে গিলাচটোত কি আছিল, ইয়াৰ উত্তৰত দীপিকাই ক’লে-‘‘সেয়া মদ নাছিল। মই মদ নাখাওঁ। পুৰণি বন্ধু-বান্ধৱীৰ সৈতে সেয়া এক সৰু পাৰ্টি আছিল। মই অনুভৱ কৰিলো যে মানুহবোৰ মোক লৈ দুখী হৈছে সেয়ে প’ষ্টটো ডিলিট কৰি দিলোঁ।’’






FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত