--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আজিও দেশ তথা বিদেশৰো কোটি কোটি লোকে তেওঁক গণ্য কৰে ভগৱান হিচাপে। ক্ৰিকেটৰ ভগৱান। ক্ৰিকেটকে ধৰ্ম হিচাপে গণ্য কৰা ভাৰতত শচীন তেণ্ডুলকাৰ ভগৱানৰ শাৰীলৈ উন্নীত হোৱাৰ যাত্ৰাটো আছিল অতি স্মৰণীয় এটা যাত্ৰা। সফলতাৰে এই যাত্ৰা সম্পূৰ্ণ কৰি শচীন আজিও সকলোৰে অন্তৰত বিৰাজমান হৈ আছে। পিছে এইগৰাকী ভগৱানৰ অন্তৰতনো কোন আছে? কিদৰে ক্ৰিকেটৰ ভগৱানৰ অন্তৰত বাহ বান্ধিছিল সেইগৰাকী দেৱীয়ে? কিদৰে হৈছিল সেই প্ৰথম সাক্ষাৎ যাৰ জৰিয়তে দুয়ো এক হোৱাৰ সপোন দেখিছিল?

শচীন তেণ্ডুলকাৰৰ সৈতে তেওঁ সহধৰ্মীনী অঞ্জলি মেহতাৰ প্ৰথম সাক্ষাতৰ সময়ত শচীন ভগৱান হৈ উঠা নাছিল। ১৯৮৯ চনত ১৬ বছৰীয়া কিশোৰজনে তেওঁৰ ক্ৰিকেটীয় যাত্ৰা আড়ম্বৰপূৰ্ণভাৱে আৰম্ভ কৰিছিলহে মাত্ৰ। লাহে লাহে তেওঁৰ খ্যাতি আৰু জনপ্ৰিয়তা বাঢ়িবলৈ আৰম্ভ কৰিছিল। ১৭ বছৰ বয়সত প্ৰথমবাৰৰ বাবে শচীনৰ সৈতে সাক্ষাৎ হৈছিল অঞ্জলিৰ। মুম্বাই বিমানবন্দৰত হোৱা তেওঁলোকৰ এই প্ৰথম সাক্ষাততেই এটা সম্পৰ্কই পোখা মেলিবলৈ আৰম্ভ কৰিছিল। তাৰ পাঁচ বছৰৰ পাছত ১৯৯৫ চনত দুয়ো বিবাহ পাশত আবদ্ধ হয় আৰু অঞ্জলি মেহতা হৈ পৰে অঞ্জলি তেণ্ডুলকাৰ।

২৪ মে’ অৰ্থাৎ আজিৰ এই দিনটোতে তেওঁলোকৰ যুগ্ম জীৱনৰ যাত্ৰা আৰম্ভ কৰিছিল। ক্ৰিকেটৰ ভগৱানৰ অন্তৰত দেৱীৰূপে অধিষ্ঠিত হৈছিল অঞ্জলি। আজি এই চেলিব্ৰিটী দম্পতীৰ ২৭ সংখ্যক বিবাহ বাৰ্ষিকী। এই ২৪ বছৰীয়া সফল পাৰিবাৰিক জীৱনৰ স্বৰ্ণক্ষণৰ স্বাক্ষৰ হৈ শচীন-অঞ্জলিৰ আছে দুটা সন্তান। ছাৰা আৰু অৰ্জুন। ১৯৯৭ চনৰ ১২ অক্টোবৰত ছাৰাৰ জন্ম হৈছিল। সদ্য যৌৱনা ছাৰাৰ ৰূপ লাৱণ্যৰ কথাই এতিয়া প্ৰায়েই চৰ্চাৰ বিষয় হৈ পৰা দেখা যায়। তেওঁৰ বলীউড অভিষেকক লৈও ব্যাপক চৰ্চা চলি আহিছে। আনহাতে এজন যুৱ অলৰাউণ্ডাৰ হিচাপে চিনাক্ত হোৱা অৰ্জুনৰ জন্ম হৈছিল ১৯৯৯ চনৰ ২৪ ছেপ্টেম্বৰত। এতিয়া তেওঁ আই পি এলত ‘মুম্বাই ইণ্ডিয়ানছ’ দলৰ অংশ।

খেল পথাৰত  বেটৰে কথা কোৱা মাষ্টাৰ-ব্লাষ্টাৰ আৰু অঞ্জলিৰ কোৱাৰ প্ৰেম কাহিনী অতি আকৰ্ষণীয়। শচীন-অঞ্জলিৰ প্ৰথম সাক্ষাতৰ কাহিনী আমি উল্লেখ কৰিছোঁ। কিন্তু ভাৰতীয় ক্ৰিকেটৰ সেই সময়ৰ নৱোদিত তাৰকা শচীনক লগ কৰিবলৈ অঞ্জলিয়ে যিবোৰ কাণ্ড কৰিছিল সেয়া অতি আমোদজনক। আনকি সাংবাদিকৰ ভেশ লৈ শচীনৰ ঘৰত উপস্থিত হৈছিল অঞ্জলি। এই প্ৰথম সাক্ষাতৰ পাছত, দুয়োজনে প্ৰায় পাঁচ বছৰৰ বাবে প্ৰেমৰ সম্পৰ্কত আছিল। কিন্তু এই খবৰৰ ভূ কাকোৱেই পাবলৈ দিয়া নাছিল দুয়ো। দুয়োজনে ১৯৯৪ চনত নিউজিলেণ্ডত আনুষ্ঠানিকভাৱে একীভূত হোৱাৰ পাছতহে  তেওঁলোকে নিজৰ সম্পৰ্কৰ কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছিল।

১৯৯৫ চনৰ ২৪ মে’ তাৰিখে ২২ বছৰ বয়সত শচীনে শিশু ৰোগ বিশেষজ্ঞ ডাঃ অঞ্জলিক বিয়া কৰায়। অঞ্জলি শচীনতকৈ ৬ বছৰ ডাঙৰ। এই আকস্মিক বিবাহে এটা মুহূৰ্ততে যেন হাজাৰ হাজাৰ হৃদয় ভাঙি পেলাইছিল। কাৰণ ক্ৰিকেটৰ পথাৰত খলকনি তোলা শচীনৰ অনুৰাগী আছিল অনেক। বহুতেই ক্ৰিকেটৰ ভগৱানৰ অন্তৰত ৰাজ কৰাৰ আশাও পুহি ৰাখিছিল। 
আজি, যদিও শচীন তেণ্ডুলকাৰৰ হাতত কোটি কোটি টকাৰ সম্পত্তি আছে, কিন্তু অঞ্জলিৰ সৈতে সাক্ষাতৰ সময়ত শচীন আছিল এজন সাধাৰণ মহাৰাষ্ট্ৰীয় ব্ৰাহ্মণ পৰিয়ালৰ পৰা সদস্য। আনহাতে, অঞ্জলি হৈছে গুজৰাটী উদ্যোগপতি আনন্দ মেহতা আৰু ব্ৰিটিছ সমাজকৰ্মী অনাবেল মেহতাৰ কন্যা। তেণ্ডুলকাৰৰ শহুৰেক আনন্দ সাত বাৰ নেলচনেল ব্ৰিজ চেম্পিয়ন হৈচিল। তাৎপৰ্যপূৰ্ণভাৱে এক অহেতুক অন্ধবিশ্বাসৰ চিকাৰ হোৱা অঞ্জলিয়ে কেতিয়াও শচীনক উৎসাহ যোগাবলৈ খেলপথাৰলৈ যোৱা নাছিল। কিন্তু সংসাৰৰ খেলপথাৰখনত তেওঁ স্বামীক সম্পূৰ্ণ সহায়, সমৰ্থনেৰে তেওঁলোকৰ যুগ্ম জীৱনৰ ইনিংছ আগুৱাই লৈ গৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ